বিধ্বস্ত গৌৰৱে এতিয়াও ক'ব পৰা নাই কোন হ'ব বিৰোধী দলপতি: চালে-বেৰে কোবাইহে সামৰিছে প্ৰসংগ
যোৰহাট কংগ্ৰেছ ভৱনত দলীয় কৰ্মীসকলৰ সৈতে নিৰ্বাচনৰ প্ৰসংগত আলোচনাত মিলিত হ'ল গৌৰৱ গগৈ । চিপৰাং মৰা ৰাজনীতি প্ৰসংগতো মন্তব্য ।

Published : May 23, 2026 at 6:33 PM IST
যোৰহাট: বিধানসভা নিৰ্বাচনত পৰাজয় সন্মুখীন হোৱা পিছত শনিবাৰে প্ৰথমবাৰৰ বাবে যোৰহাটত উপস্থিত হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ । বিভিন্ন বিষয়ৰ লগতে বিধানসভা নিৰ্বাচনত বিপৰ্যয় আৰু কংগ্ৰেছৰ সাংগঠনিক ভেঢ়ি শক্তিশালী কৰাৰ বাবে আজি যোৰহাট জিলা কংগ্ৰেছ ভৱনত দলীয় বিষয়ববীয়া আৰু তৃণমূল কৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদগৰাকী ।
আনহাতে উক্ত আলোচনা আৰু ৰাজ্যজুৰি হ'বলগা পৰ্যালোচনা বৈঠকৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, "প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা অসমৰ প্ৰতিখন জিলাৰ ভিতৰত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাসকলক নিযুক্ত কৰা হৈছে । তেওঁলোকে বিভিন্ন জিলাত গৈ দলৰ সতীৰ্থসকলৰ লগত, নেতাসকলৰ লগত বিধান সভা নিৰ্বাচনৰ ফলাফল সম্পৰ্কত আলোচনাত বহিব, এই কেইটা দিনত আমি ৰাইজৰ পৰা কি শুনা পাইছোঁ আৰু তেওঁলোকে কি উপদেশ দিছে আৰু তৃণমূল কৰ্মীয়ে কি বিচাৰে । সেই সকলো বিষয়বস্তু সামৰি কংগ্ৰেছ দল আগবাঢ়ি যাব । সেই উদ্দেশ্যে লৈ আমি কংগ্ৰেছ কৰ্মীসকলৰ লগত আলোচনাত বহিম ।"
আনহাতে কংগ্ৰেছ দলত চিপৰাং মৰা ৰাজনীতি প্ৰসংগত গৌৰৱ গগৈয়ে কয়, "চিপৰাং মৰা ৰাজনীতিৰ কথা আমি বিজেপি দলৰ ভিতৰত শুনা পাইছিলোঁ । যোৰহাট জিলা বিজেপিৰ ভিতৰতো চিপৰাং মৰা ৰাজনীতিৰ অভিযোগ শুনা পাইছিলোঁ । বিজেপিৰ বিধায়কসকলৰ মুখতো চিপৰাং মৰা ৰাজনীতি শুনা পাইছিলোঁ আৰু এই কথাত হস্তক্ষেপ কৰিছিল বিজেপি সভাপতিগৰাকীয়ে । অসমৰ ৰাইজে পুনৰ কংগ্ৰেছক বিৰোধী দল হিচাপে বিচাৰিছে ।"
তেওঁ কয়,"বিৰোধী দল হিচাপে আমি ৰাইজৰ সমস্যা আৰু ৰাজ্যখনৰ মূল বিষয়বস্তুক লৈ আগবাঢ়ি যাম আৰু উক্ত বিষয়ক লৈ আমি চৰকাৰক হেঁচা দিম আৰু বাধ্য কৰাম । ইতিমধ্যে আমি মূল্যবৃদ্ধিৰ লগতে অন্যান্য সমস্যাসমুহক লগত লৈ প্ৰতিবাদ তথা চৰকাৰৰ দৃষ্টি গোচৰ কৰিছোঁ । লগতে আমাৰ দলটোৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ স্বাৰ্থত আমাৰ ৰাজ্যজুৰি পৰ্যালোচনা বৈঠক হ'ব । বিৰোধী দলপতি নিৰ্বাচনত আমাৰ এক প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াৰ মাজেৰে বিৰোধী দলপতি নিৰ্বাচন কৰা হ'ব ।"
আনহাতে কংগ্ৰেছ বিধায়ক জুবেৰ আনমে গৌৰৱ গগৈক অপদস্থ কৰাৰ যি প্ৰসংগ চলি আছে, সেই প্ৰসংগ তেওঁ একপ্ৰকাৰ এৰাই চলি মূল্যবৃদ্ধি, নীট আদিৰ প্ৰসংগহে উল্লেখ কৰে ।

