ETV Bharat / politics

আদালতত মুখথেকেচা পৱন খেড়াৰ, অগ্ৰিম জামিনৰ আবেদন খাৰিজ গুৱাহাটী উচ্চ ন্যয়ালয়ৰ

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাত ৰুজু হোৱা গোচৰটোত পৱন খেড়াক অগ্ৰিম জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে ।

pawan khera bail plea
পৱন খেড়া অগ্ৰিম জামিনৰ আবেদন খাৰিজ (X handle pawan khera)
author img

By ETV Bharat Assamese Team

Published : April 24, 2026 at 11:52 AM IST

|

Updated : April 24, 2026 at 12:39 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: পুনৰ আদালতত মুখথেকেচা খালে কংগ্ৰেছ নেতা পৱন খেড়াই । গুৱাহাটী উচ্চ ন্যায়ালয়ে জেষ্ঠ কংগ্ৰেছ নেতা পৱন খেড়াই দাখিল কৰা অগ্ৰিম জামিন আবেদন শুকুৰবাৰে খাৰিজ কৰে । উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাত ৰুজু হোৱা গোচৰটোত জেষ্ঠ কংগ্ৰেছ নেতা পৱন খেড়াক অগ্ৰিম জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে ।

উল্লেখযোগ্য যে, যোৱা ২১ এপ্ৰিলত অনুষ্ঠিত শুনানিত পৱন খেড়াৰ হৈ জেষ্ঠ অধিবক্তা অভিষেক মনু সিংভি, কমল নয়ন চৌধুৰীয়ে যুক্তি প্ৰদৰ্শন কৰিছিল । ইয়াৰ বিপৰীতে অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই পৱন খেড়াৰ অগ্ৰিম জামিন আবেদনৰ তীব্ৰ বিৰোধিতা কৰে । উভয় পক্ষৰ যুক্তি শুনি আদালতে পৱন খেড়াৰ অগ্ৰিম জামিনৰ ৰায় সংৰক্ষিত ৰাখে । ইয়াৰ পিছত আদালতে শুকুৰবাৰে পুৱা ১০.৩০ বজাত গোচৰৰ ৰায়দান কৰি পৱন খেড়াৰ অগ্ৰিম জামিন আবেদন নাকচ কৰে ।

যোৱা ৫ এপ্ৰিলত নতুন দিল্লীত কংগ্ৰেছ নেতা পৱন খেড়াই এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ তিনিখনকৈ পাছপ'ৰ্ট আৰু বিদেশত সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰিছিল । এনে অভিযোগক ভিত্তিহীন আখ্যা দি মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই পৱন খেড়াৰ বিৰুদ্ধে অপৰাধ শাখাত গোচৰ দাখিল কৰিছিল । এনে গোচৰৰ পিছতে আৰক্ষীয়ে পৱন খেড়াক বিচাৰি দিল্লী পৰ্যন্ত অভিযান চলাই যদিও গ্ৰেপ্তাৰত ব্যৰ্থ হয় ।

আনহাতে তেলেংগানা উচ্চ ন্যায়ালয়ে পৱন খেড়াক ৭ দিনৰ বাবে চৰ্ত সাপেক্ষে অগ্ৰিম জামিন প্ৰদান কৰিছিল । কিন্তু সেই জামিনৰ নিৰ্দেশনাত ত্ৰুটি ৰৈ যোৱা বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় অসম চৰকাৰ । অপৰাধ শাখাত ৰুজু হোৱা গোচৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে পৱন খেড়াক তেলেংগানা উচ্চ ন্যায়ালয়ে প্ৰদান কৰা অগ্ৰিম জামিনৰ নিৰ্দেশনাত স্থগিতাদেশ জাৰি কৰে ।

ইয়াৰ পিছতে পৱন খেড়াই এনে স্থগিতাদেশৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় । কিন্তু শুনানিৰ‌ অন্তত উচ্চতম ন্যায়ালয়ে পৱন খেড়াৰ আবেদনখন খাৰিজ কৰি তেওঁক অসমৰ আদালতত জামিন আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । এই নিৰ্দেশৰ পিছতেই পৱন খেড়াই অগ্ৰিম জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ।

ইফালে গুৱাহাটী উচ্চ ন্য়ায়ালয়ৰ ৰায়ৰ পাছতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই ৷ ফেচবুকত এক পোষ্টত তেওঁ লিখিছে- ‘‘মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে পৱন খেড়াৰ জামিন আবেদন খাৰিজ কৰা সিদ্ধান্তত কৃতজ্ঞতা জনাইছোঁ । সকলোৰে নিশ্চয়কৈ মনত আছে যে এই ব্যক্তিগৰাকীয়ে অসমৰ নিৰ্বাচন প্ৰক্ৰিয়া অস্থিৰ কৰি তোলাৰ উদ্দেশ্যে ভূমি সংক্ৰান্তীয় ভুৱা দলিল তৈয়াৰ কৰিছিল আৰু নকল পাছপ’ৰ্ট প্ৰস্তুত কৰি আমাৰ দেশৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত ফাট মেলাবলৈ অপচেষ্টা কৰিছিল ।’’

খেড়াৰ পৰা কেইটামান প্ৰশ্নৰো উত্তৰ বিচাৰিছে পীযুষ হাজৰীকাই ৷ ফেচবুক পোষ্টত তেওঁ উল্লেখ কৰা প্ৰশ্ন কেইটা হৈছে-

১) এই অপচেষ্টাত তেওঁৰ সহ-ষড়যন্ত্ৰকাৰীসকল কোন ? পলাতক পৱন খেড়া প্ৰকৃততে মূল চক্ৰান্তকাৰী নে আন কাৰোবাৰ হাতৰ পুতলা ?

২) এই নিকৃষ্ট কাণ্ডৰ বাবে কোনে পুঁজি যোগান ধৰিছিল ? তদুপৰি এই কাণ্ড সংঘটিত কৰিবলৈ আৰু কিমান গুৰুত্বপূৰ্ণ দলিল জাল কৰিছিল ?

৩) এই অবৈধ কাৰ্যত সীমান্তৰ সিপাৰৰ কোনো আন্তঃৰাষ্ট্ৰীয় শক্তিও জড়িত আছিল নেকি ?

‘‘যিসকল কংগ্ৰেছী সমৰ্থকে এই ঘটনাক 'মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ' বুলি কোৱাৰ চেষ্টা কৰিছে, তেওঁলোকক স্পষ্টকৈ কওঁ যে এয়া তেনে বিষয় নহয় । এয়া হৈছে ভোটগ্ৰহণৰ ৪৮ ঘণ্টা পূৰ্বে জাল দলিলেৰে এটি দলৰ মঞ্চ ব্যৱহাৰ কৰি জনমত প্ৰভাৱিত কৰিবলৈ কৰা এক অপচেষ্টা । এয়া স্পষ্টভাৱে জনতাৰ বিশ্বাসৰ সৈতে খেলা এক খেল ।’’ হাজৰীকাই পোষ্টটোত লিখে ৷

লগতে পঢ়ক: পৱন খেড়াৰ অগ্ৰিম জামিন আবেদন : শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান

Last Updated : April 24, 2026 at 12:39 PM IST