ETV Bharat / politics

লখিমপুৰ-ঢকুৱাখনাকে ধৰি বিজেপিৰ চাৰি প্ৰাৰ্থীৰ নাম ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিজেপিৰ দুই বিধায়কৰ 'টিকট’ নিশ্চিত কৰিলে মুখ্যমন্ত্ৰীয়ে । লখিমপুৰ আৰু ঢকুৱাখনাৰ প্ৰাৰ্থীৰ নাম ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ ৷

1st two BJP Candidates declared by CM Himanta Biswa Sarma for 2026 Assam Election
লখিমপুৰ আৰু ঢকুৱাখনাৰ প্ৰাৰ্থীৰ নাম ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 8, 2026 at 8:51 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : ‘‘শাসকীয় বিজেপিৰ বহু বিধায়কে এইবাৰ ২০২৬ৰ বিধানসভা নিৰ্বাচনত নাপায় প্ৰাৰ্থিত্ব । বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব পাব নতুন মুখ আৰু মহিলাই ।’’ য’তেই মুখ্যমন্ত্ৰীয়ে বিজেপিৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক প্ৰশ্নৰ সন্মুখীন হৈছে তাতেই কৰি আহিছে এই ঘোষণা ৷ কিন্তু তাৰ মাজতেই মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহুৱাভাৱে আজি প্ৰাৰ্থীৰূপে ঘোষণা কৰিলে কেইবাগৰাকীও বৰ্তমানৰ বিধায়কৰ নাম ৷

ইতিমধ্যে, লখিমপুৰত মানৱ ডেকা, ঢকুৱাখনাত নৱ কুমাৰ দলেৰ নামেই ঘোষণা কৰি দিলে মুখ্যমন্ত্ৰীয়ে । দুয়োগৰাকীয়েই সমষ্টি দুটাৰ বৰ্তমানৰ বিধায়ক ৷

বিজেপিৰ দুই বিধায়কৰ 'টিকট’ নিশ্চিত কৰিলে মুখ্যমন্ত্ৰীয়ে (ETV Bharat Assam)

অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 'মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি'ৰ ধনৰ চেক বিতৰণৰ বাবে ইখনৰ পিছত সিখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিছে । এতিয়ালৈ ৭১ টা সমষ্টিত বিতৰণ কৰা হৈছে এই আঁচনিৰ ধন । ইয়াৰ ভিতৰত মুখ্যমন্ত্ৰী শৰ্মাই নিজে ৬০ খন সভাত অংশগ্ৰহণ কৰি চেক বিতৰণ কৰিছে ।

ইয়াৰে সৰহ সংখ্যক সভাতেই কোনো প্ৰাৰ্থিত্বকেন্দ্ৰিক কোনো ইংগিত প্ৰদান কৰা নাই ৷ বিপৰীতে ঘোষণা কৰি আহিছে যে বহু বিধায়কে নাপাব পাৰে প্ৰাৰ্থিত্ব ৷ কিন্তু প্ৰাৰ্থী বাচনিলৈ অপেক্ষা নকৰি শেহতীয়াকৈ কেইবাগৰাকীও প্ৰাৰ্থীৰ নাম ঘোষণা মুখ্যমন্ত্ৰীৰ ৷ এই লৈ বিজেপিৰ ভিতৰচ’ৰাত চৰ্চা আৰম্ভ হৈছে ।

বৃহস্পতিবাৰে লখিমপুৰত দুজনকৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে স্পষ্টকৈ ৰাজহুৱা সভাত ঘোষণা কৰা দুজনৰ নাম স্পষ্টকৈ ক’লে । লখিমপুৰত মানৱ ডেকা আৰু ঢকুৱাখনাত নৱ কুমাৰ দলেৰ নাম মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰিলে ।

লখিমপুৰত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয়, “আপোনালোকক মই কোনো প্ৰাৰ্থীৰে নাম ইংগিত দিব নোৱাৰো । কিন্তু য’ত ক’ব পাৰি, তাত মই পোনপটীয়াভাৱে ক’ম । কিন্তু ইংগিত দিয়াটো মোৰ স্বভাৱত নপৰে । কালি মই নৱ দলেৰ কথাটো মই ঢকুৱাখনাত স্পষ্ট ৰূপত কৈ আহিছো । আজি মানৱ ডেকাৰ কথাটো মই স্পষ্টকৈ কৈছো ।”

উল্লেখযোগ্য যে, দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ ধেমাজিত বুধবাৰৰ পৰা বাহৰ পতা মুখ্যমন্ত্ৰীয়ে বুধবাৰে ঢকুৱাখনা আৰু ধেমাজিত দুখনকৈ সভাত ভাগ লৈছিল । তেতিয়া ৰাইজক ২০২৬ত নৱ কুমাৰ দলেক প্ৰাৰ্থীৰূপে উল্লেখ কৰি ভোট দিবলৈ আহ্বান জনাইছিল ৷

ঢকুৱাখনাত প্ৰাৰ্থিত্বকেন্দ্ৰিক কোনো সংঘাত নাই বুলি উল্লেখ কৰি বুধবাৰে মুখ্যমন্ত্ৰীয়ে নৱ কুমাৰ দলেৰ নাম ঘোষণা কৰাৰ লগতে বিপুল ভোটত জয়যুক্ত কৰাবলৈ ৰাইজক আহ্বান জনাইছিল । এই ঘোষণাই বিশেষ চৰ্চা লাভ কৰে ৷ কিয়নো নৱ কুমাৰ দলেই ২০২৬ত প্ৰাৰ্থিত্ব নাপাবও পাৰে বুলি এক চৰ্চা আৰম্ভ হৈছিল ৷

মন কৰিবলগীয়া যে ধেমাজিতো বৃহস্পতিবাৰে মন্ত্ৰী তথা সমষ্টিটোৰ বিধায়ক ৰণোজ কুমাৰ পেগুক প্ৰাৰ্থীৰূপে ৰাইজৰ সমৰ্থন বিচাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগে লগে চৰ্চালৈ আহে যে ইতিমধ্যে নগাঁৱত ৰূপক শৰ্মাৰ বাবে ৰাজহুৱা সভাত ২০২৬ত সমৰ্থন বিচাৰিছিল মুখ্যমন্ত্ৰীয়ে ।

এক কথাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগাঁৱত ৰূপক শৰ্মা আৰু ধেমাজিত ৰণোজ পেগুৱে যে টিকট পাব সেয়া স্পষ্ট কৰিছে । সি যিয়েই নহওক ৰাজহুৱা সভাৰ কথা বাদ দিলেও বৃহস্পতিবাৰে সাংবাদিকৰ সন্মুখত স্পষ্ট ৰূপে ক’লে দুই বৰ্তমানৰ বিধায়ক নৱ কুমাৰ দলে আৰু মানৱ ডেকাৰ নাম ৷

লগতে পঢ়ক : সমাগত বিধানসভা নিৰ্বাচন : ৭৪ টা সমষ্টিত পুৰুষক অতিক্ৰম কৰিলে মহিলা ভোটাৰৰ সংখ্যাই