ETV Bharat / politics

বাস্তৱ হ'ল সপোন ! বিধায়ক হ'ল প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰ

বক্সাৰ সমষ্টিত উৰুৱালে বিজয়ধ্বজা ৷ এসময়ৰ অসমৰ 'ছুপাৰ ক'প' আজিৰে পৰা বিহাৰৰ বিধায়ক ৷

Anand Mishra
আনন্দ মিশ্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 14, 2025 at 6:41 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: অৱশেষত সপোন পূৰণ হ'ল প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰৰ । যি লক্ষ্যত উপনীত হোৱাৰ বাবে আনন্দ মিশ্ৰই আই পি এছৰ চাকৰিৰ পৰা ভি আৰ এছ লৈছিল অৱশেষত সেই লক্ষ্যত উপনীত হ'ল । বিহাৰৰ নিৰ্বাচনত আজি ভাগ্য উদয় হ'ল আনন্দ মিশ্ৰৰ । বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা জয়ী হ'ল প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰ । কংগ্ৰেছ প্ৰাৰ্থী সঞ্জয় কুমাৰ তিৱাৰীৰ বিৰুদ্ধে বিজেপি প্ৰাৰ্থী আনন্দ মিশ্ৰই জয়লাভ কৰে ।

উল্লেখ্য যে আনন্দ মিশ্ৰ অসমৰ বাবে এটা অতি পৰিচিত নাম । আৰক্ষী অধীক্ষক হিচাপে অসমত বিশেষ খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা আই পি এছ বিষয়া আনন্দ মিশ্ৰই ৰাজনীতিৰ পথাৰত খোজ দিয়াৰ বাবেই ত্যাগ কৰিছিল চাকৰি । অসমৰ "চুপাৰ ক'প" হিচাপে খ্যাত এইজন প্ৰাক্তন আই পি এছ বিষয়াই চাকৰি ত্যাগ কৰি জন্মভূমি বিহাৰলৈ গৈছিল আৰু প্ৰৱেশ কৰিছিল ৰাজনীতিত । কিন্তু বিশেষ সফল হ'ব নোৱৰা আনন্দ মিশ্ৰই অৱশেষত গেৰুৱা বসন পৰিধান কৰিছিল । নিজা গৃহৰাজ্য বিহাৰত চলিত বৰ্ষৰ ১৯ আগষ্টত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগ দিছিল আনন্দ মিশ্ৰই ।

লক্ষণীয় বিষয় যে আনন্দ মিশ্ৰই পূৰ্বে প্ৰশান্ত কিশোৰৰ দল জন স্বৰাজ পাৰ্টীত সক্ৰিয় হৈ আছিল আৰু যুৱ শাখাৰ সভাপতিৰ দায়িত্বও চম্ভালিছিল । কিন্তু সন্তুষ্টি নাপাই এবছৰৰ ভিতৰতে আনন্দ মিশ্ৰই দল সলনি কৰি বিজেপিত যোগ দিছিল । প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰৰ ৰাজনীতিৰ যাত্ৰাত আছে বহু উত্থান-পতনৰ কাহিনী । ৰাজনীতিত কেৰিয়াৰ গঢ়াৰ বাবে আনন্দ মিশ্ৰই অসমত আই পি এছৰ লোভনীয় চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈ ৰাজনীতিৰ পথাৰত খোজ দিছিল । ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো আনন্দ মিশ্ৰই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । জন স্বৰাজ পাৰ্টীত যোগদান কৰিছিল আনন্দ মিশ্ৰই ।

বিহাৰৰ ৰাজনীতিত বিকল্প দাঙি ধৰিবলৈ জন স্বৰাজ দলত যোগদান কৰাৰ পিছত আনন্দ মিশ্ৰই যুৱক-যুৱতীসকলৰ মাজতো ক্ৰমান্বয়ে জনপ্ৰিয়তা লাভ কৰিছিল । লক্ষণীয় বিষয় যে লখিমপুৰৰ আৰক্ষী অধীক্ষক হৈ থকা সময়তে চাকৰিৰ পৰা স্বেচ্ছামূলকভাৱে অৱসৰ লৈ বিহাৰৰ স্বগৃহলৈ উভতি গৈছিল আনন্দ মিশ্ৰ । প্ৰথমাৱস্থাত বক্সাৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হোৱাৰ হাবিয়াস কৰিছিল আনন্দ মিশ্ৰই । পৰৱৰ্তী সময়ত আনন্দ মিশ্ৰৰ সলনি বিজেপিয়ে বক্সাৰত প্ৰক্ষেপ কৰিছিল মিথিলেশ তিৱাৰীক । বিজেপিত যোগদান কৰি ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰাৰ বাবেই আনন্দ মিশ্ৰই চাকৰি ত্যাগ কৰিছিল ।

বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা বিজেপিৰ হৈ নিৰ্বাচন খেলাৰ ইচ্ছা আছিল আনন্দ মিশ্ৰৰ । কিন্তু সমষ্টিটোত বিজেপিয়ে প্ৰাৰ্থিত্ব দিছিল মিথিলেশ তিৱাৰীক । বিজেপিৰ পৰা টিকট নাপালেও তেওঁ সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল । আই পি এছ বিষয়া হিচাপে অসমত বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা আনন্দ মিশ্ৰই ৰাজনীতিলৈ আহিয়েই মুখথেকেচা খাইছিল । বিহাৰৰ বক্সাৰ লোকসভা সমষ্টিত শোচনীয় পৰাজয়ৰ সন্মূখীন হৈছিল । কিন্তু তথাপিও থমকি ৰোৱা নাছিল ।

দল বাগৰি নিৰ্বাচনৰ পূৰ্বে আগষ্ট মাহত বিজেপিত যোগদান কৰা আনন্দ মিশ্ৰই অৱশেষত এইবাৰ সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ল । আই পি এছ বিষয়াৰ পৰা গৈ বিধায়ক হিচাপে লাভ কৰিলে পৰিচয় । যি পৰিচয়ৰ বাবে তেওঁ ত্যাগ কৰিছিল চাকৰি ।

লগতে পঢ়ক: বিহাৰৰ ৰাজনীতিত 'বাজীগৰ' হোৱাৰ দিশে নীতিশ কুমাৰ