অৱশেষত বিজেপি ত্য়াগ মন্ত্রী নন্দিতা গাৰ্লোছাৰ: সোমবাৰে হাফলঙৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে দিব মনোনয়ন?
নিশাৰ খেল। অসমৰ ৰাজনীতিৰ এক ডাঙৰ খবৰ। বিজেপি দলত আন এক মোক্ষম আঘাত। মনোনয়ন দাখিলৰ অন্তিম দিনৰ পূৰ্বে বিজেপি ত্যাগ কৰিলে কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লোছাই।

Published : March 23, 2026 at 12:22 AM IST
গুৱাহাটী : '২৬ৰ বিধানসভা নিৰ্বাচনত টিকট বঞ্চিত হোৱা কেবিনেট মন্ত্রী নন্দিতা গাৰ্লোছাই বহু জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত দেওবাৰে নিশা কংগ্ৰেছ দলত যোগদান কৰে । সোমাবাৰ হৈছে মনোনয়ন দাখিলৰ অন্তিম দিন । তাৰ পূৰ্বে দেওবাৰে নিশা হাফলঙত মন্ত্রী নন্দিতা গাৰ্লোছাই কংগ্ৰেছ দলত যোগদান কৰে ।
বিগত কেইদিন ধৰি মন্ত্রীগৰাকীৰ কংগ্ৰেছত যোগদান কৰিব বুলি চৰ্চা চলি আহিছিল । আনকি গুৱাহাটীৰ ৰাজীৱ ভৱনত যোগদান কাৰ্যসূচীৰো আয়োজন কৰা হৈছিল । কিন্তু কিবা অংক নিমিলাৰ বাবে সেয়া হৈ উঠা নাছিল ।
অৱশেষত অংক মিলিল আৰু নন্দিতা গাৰ্লোছাই কংগ্ৰেছত যোগদান কৰিলে । সোমবাৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিব পাৰে নন্দিতা গাৰ্লোছাই । হাফলং সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব পাৰে নন্দিতা গাৰ্লোছা ।
অৱশ্যে কংগ্ৰেছ দলে দেওবাৰে ঘোষণা কৰা সাতজনীয়া অন্তিমখন প্ৰাৰ্থী তালিকাত হাফলং সমষ্টিৰ বাবে প্ৰাৰ্থী হিচাপে নিৰ্মল লাংথাছাৰ নাম ঘোষণা কৰিছিল । কিন্তু নিশাটোৰ ভিতৰতে খেল সলনি হোৱাত নামো সলনি হ'ব পাৰে ।
বিজেপিৰ পৰা টিকট নাপোৱা বাবেই কংগ্ৰেছৰ শৰণাপন্ন হৈছে নন্দিতা গাৰ্লোছা । তেনেস্থলত টিকটৰ অংক কৰিয়েই কংগ্ৰেছলৈ আহিছে । নন্দিতা গাৰ্লোছাই কংগ্ৰেছত যোগদান কৰাৰ কথা সদৰী কৰিছে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ বেদব্ৰত বৰাই ।
উল্লেখ্য যে, মন্ত্ৰী নন্দিতা গাৰ্লোছাই ডিফুত নিৰ্মল লাংথাছাৰ বাসগৃহত কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ সোমবাৰে হাফলং সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ পৰা মনোনয়ন দাখিল কৰাৰ সম্ভাৱনা আছে ।
পূৰ্বৰ তথ্য অনুসৰি, ২০২১ৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আছিল নন্দিতা গাৰ্লোছা । বিগত নিৰ্বাচনত ৬৭ হাজাৰ ৭৯৭টা ভোট লাভ কৰিছিল নন্দিতা গাৰ্লোছাই । ১৮ হাজাৰ ৫৯৮টা ভোটত জয়লাভ কৰিছিল নন্দিতা গাৰ্লোছাই ।

