প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই পৰিধান কৰিলে গেৰুৱা বসন: বাজেপেয়ী ভৱনত উষ্ম আদৰণি
আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই । পৰিধান কৰি আহিল তেজেৰে ৰাঙলী হোৱা সেই হাফ জেকেট ।

Published : February 22, 2026 at 2:08 PM IST
|Updated : February 22, 2026 at 2:46 PM IST
গুৱাহাটী : কংগ্ৰেছৰ তিনিটা দশকৰ যাত্রাৰ অৱসান ঘটাই দেওবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই । লগতে যোগদান কৰিলে সদ্য কংগ্ৰেছ ত্যাগ কৰা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক ড৹ সঞ্জু বৰাই । বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আয়োজন কৰা অনুষ্ঠানত ভূপেন বৰা আৰু সঞ্জু বৰাৰ লগতে ৰাজেশ কুমাৰ যোশীকে ধৰি ভালে সংখ্যক কংগ্ৰেছ কৰ্মীৰ উপৰি আন দল-সংগঠনৰ সদস্যই বিজেপিত যোগদান কৰে ।
বিজেপিত যোগদানৰ পূৰ্বে বিজেপি ৰাজ্যিক মুখ্য কার্যালয়ৰ প্ৰৱেশদ্বাৰত সেৱা লৈ ভূপেন বৰাই ভিতৰত প্ৰৱেশ কৰে । লক্ষণীয় বিষয় যে ৰাহুল গান্ধীৰ উপস্থিতিত গুৱাহাটীৰ খানাপাৰাত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি তেজেৰে ৰাঙলী হোৱা সেই হাফ জেকেট পৰিধান কৰি ভূপেন বৰাই দেওবাৰে বিজেপিত যোগদান কৰে ।
বাজপেয়ী ভৱনত দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, দলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, সাংগঠনিক সাধাৰণ সম্পাদক আৰ ৰবীন্দ্ৰ ৰাজু, সাংসদ প্ৰদান বৰুৱা, মন্ত্রী জয়ন্ত মল্লবৰুৱা, সাংসদ বিজুলী কলিতা মেধিয়ে নতুনকৈ যোগদান কৰাসকলক দললৈ আদৰণি জনায় ।
বিজেপিত যোগদান কৰি দিয়া ভাষণত ভূপেন বৰাই ভূপেন হাজৰিকাৰ গীতৰ লগতে কবিতা আৰু মহাভাৰতৰ আখ্যানেৰে নিজৰ বক্তব্য দাঙি ধৰে । ভূপেন বৰাই ভাষণত কয়, "মই ৫৬ বছৰ বয়সত ভৰি দিছো । উপাৰ্জন কৰিম বুলি ভবা হ'লে ব্যাৱসায় নাইবা চাকৰি কৰিব পাৰিলো হয় । সেৱাৰ মনোভাৱেৰে ৩২ বছৰ কংগ্ৰেছত দিলো । কংগ্ৰেছৰ বাবে কাম কৰিলো । কংগ্রেছত থকাৰ সময়ত মোৰ চোলা তেজেৰে ৰাঙলী হৈছিল । ৰাহুল গান্ধীৰ সন্মূখত মোৰ চোলা তেজেৰে ৰাঙলী হৈছিল । আজি বিজেপিত যোগদান কৰিবলৈ সেই চোলাটো পৰিধান কৰি আহিছোঁ । বিজেপিয়ে সেই তেজৰ মূল্যাংকন কৰিব বুলি চোলাটো পিন্ধিছো ।"

বহু কেইগৰাকী সতীৰ্থকলৈ বিজেপিত যোগদান কৰা ভূপেন বৰাই কয়, "মহাভাৰতৰ যুদ্ধৰ পূৰ্বে কৰ্ণৰ যি অৱস্থা হৈছিল, একে অৱস্থা কংগ্রেছৰ স্বাভিমানী অসমীয়াৰ । ৰাহুল গান্ধীৰ কথাই মোৰ মন-মগজুত তাণ্ডৱ কৰিছিল । আদৰ্শ আৰু আত্মসন্মানত আঘাত কৰিছিল । মই ৰাজনীতিত যি আদৰ্শ লৈ আহিছিলো সেই আদৰ্শ বাদ দিয়া নাই । স্বদেশ-স্বজাতিৰ বাবে ৰাজনীতিলৈ আহিছো । মই আজিৰে পৰা বিজেপিৰ এজন কাৰ্যকতা । মহাভাৰতত কৰ্ণ পাণ্ডৱৰ ফালে নাছিল । ২০২৬ৰ এই যুদ্ধত কংগ্ৰেছৰ সকলো কৰ্ণ বিজেপিৰ ফালে হ’ব ।"
আনহাতে বিজেপিত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছী নেতা ডঃ সঞ্জু বৰাই ভাষণত কয়, "বিজেপিলৈ আহি এটা কথা স্পষ্টভাৱে ক'ব পাৰো যে অসমত অহা ৩০ বছৰলৈকে কোনেও বিজেপিক উৎখাত কৰিব নোৱাৰে । মুখ্যমন্ত্রীৰ সৱল নেতৃত্বৰ বাবে এই ভেঁটি স্থাপন হৈছে । মুখ্যমন্ত্রীয়ে ডাৱৰ চুবলৈ সক্ষম হৈছে । সকলোৰে সহযোগত আশীৰ্বাদত মই দলটোৰ হকে কাম কৰি যাম ।"
দললৈ সকলোকে আদৰণি জনাই বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়, "বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে পৰিচিত বিজেপিৰ প্ৰাথমিক সদস্য সংখ্যা ১৪ কোটিৰো অধিক । বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ হিচাপে ভাৰতক প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আমাৰ দলে কাম কৰি আহিছে । ভূপেন বৰা আৰু সঞ্জু বৰাৰ লগতে সকলোকে আমি আমাৰ দলত আদৰণি জনাইছো ।"
উল্লেখ্য যে, সোমবাৰে পুৱা কংগ্ৰেছ ত্যাগ কৰা ভূপেন বৰাৰ গুৱাহাটীৰ ঘোঁৰামৰাৰ ঘৰত মঙলবাৰে নিশা উপস্থিত হৈছিল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । সেই সাক্ষাতৰ পিছতেই ভূপেন বৰাক কাষত বহুৱাই মুখ্যমন্ত্রীয়ে সংবাদমেল সম্বোধন কৰি কৈছিল যে ২২ ফেব্ৰুৱাৰীত ভূপেন বৰাই বিজেপিত যোগদান কৰিব । সেই অনুসৰি ২২ ফেব্ৰুৱাৰী দেওবাৰে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত উপস্থিত হৈ ভূপেন বৰাই গেৰুৱা বসন পৰিধান কৰে ।

ইফালে যোগদানৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই কয়, "ৰাজীৱ ভৱনৰ সকলো স্বাভিমানী ব্যক্তি আহিব বিজেপিলৈ । নিৰ্বাচনত ৭০০ কংগ্ৰেছীয়ে বিচাৰিছে প্ৰাৰ্থিত্ব, ১০০ সদস্যকহে কংগ্ৰেছে নিৰ্বাচনত দিব প্ৰাৰ্থিত্ব । বাকী ৬০০গৰাকীৰ অধিকাংশই আহিব বিজেপিলৈ । কংগ্ৰেছে প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে মই বিজেপিক দিম আন এখন তালিকা ।"
যোগদান অনুষ্ঠানৰ পাছতে বাজপেয়ী ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতত সকলোৱে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ 'মন কী বাত' অনুষ্ঠান উপভোগ কৰে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰা ভূপেন বৰাকে ধৰি সকলোকে লগত লৈ প্ৰধানমন্ত্রীৰ অনুষ্ঠানটো উপভোগ কৰে ।

