এইবাৰ পূৰ্বতকৈ অগপৰ আসন বাঢ়িব ! দৃঢ়বিশ্বাসী অগপ নেতৃত্ব
অগপ-বিজেপিৰ মিত্ৰতা সন্দৰ্ভত বৰ্তমানলৈকে কোনোধৰণৰ আনুষ্ঠানিক আলোচনা হোৱা নাই বুলি নিশ্চিত কৰিলে কেশৱ মহন্তই ।

Published : February 5, 2026 at 2:39 PM IST
কলিয়াবৰ : সমাগত অসমৰ বিধানসভা নিৰ্বাচন । ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে । কিন্তু শাসকীয় ভাৰতীয় জনতা পাৰ্টীৰে (বিজেপি) অসম গণ পৰিষদৰ (অগপ) মিত্ৰতাক লৈ এতিয়াও অনিশ্চয়তা দেখা গৈছে ! কাৰণ সকলোৱে দাবী কৰিলেও দুয়োটা দলৰ মিত্ৰতা সম্পৰ্কত আনুষ্ঠানিক আলোচনা হোৱা নাই বুলি ঘোষণা কৰিলে খোদ অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই । বিভিন্ন মহলত সমষ্টি আৰু প্ৰাৰ্থীৰ নামক লৈ অগপ-বিজেপি মিত্ৰজোঁটৰ মাজতো গুণা-গঁথা চলিছে বুলি ইতিমধ্যে বিভিন্ন মাধ্যমত আলোচনা চলিছে ।
আনকি শেহতীয়াকৈ অগপক ২০ খন আসন এৰি দিয়াৰো এক বাতৰি বিয়পি পৰিছে । কিন্তু অগপ-বিজেপিৰ মিত্ৰতা সন্দৰ্ভত বৰ্তমানলৈকে কোনোধৰণৰ আনুষ্ঠানিক আলোচনা হোৱা নাই বুলি নিশ্চিত কৰিলে কেশৱ মহন্তই ।
কলিয়াবৰত বুধবাৰে এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আসন ভাগ-বাটোৱাৰা সম্পৰ্কত স্থানীয় বিধায়ক তথা মন্ত্ৰীগৰাকীয়ে কয়, "মিত্ৰতা সন্দৰ্ভত কোনো আনুষ্ঠানিক আলোচনা হোৱা নাই । তথাপিও বিষয়টোক লৈ অনানুষ্ঠানিক যোগাযোগ আমাৰ মাজত আছে । ইয়াৰ দ্বাৰা আমি নিশ্চিত হৈছোঁ, মুখ্যমন্ত্ৰীয়েও আসনৰ ক্ষেত্ৰত সন্তোষজনক ইংগিত দিছে ।"
আনহাতে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কথা অগপই বৰ্তমানে ভবা নাই বুলিও সাংবাদিকক অৱগত কৰে মন্ত্ৰী কেশৱ মহন্তই । তেওঁ লগতে কয় যে ২০২৬ৰ নিৰ্বাচনত অগপৰ পূৰ্বতকৈ আসন বাঢ়িব ।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আসন বৃদ্ধি পোৱা সন্দৰ্ভত বুধবাৰে কলিয়াবৰৰ কুঁৱৰীটোলত অনুষ্ঠিত অগপৰ অন্যতম ভাতৃ সংগঠন অনুসূচিত জাতি পৰিষদৰ বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত মন্ত্ৰীগৰাকীয়ে কয়, "ট্ৰাইবেল বেল্টৰ দৰে অনুসূচিত জনজাতি অধ্যুষিত অঞ্চলসমূহৰ ভূমিৰ সুৰক্ষাৰ বাবে চৰকাৰে ইতিমধ্যে গুণা-গঁথা কৰিছে । ৰাজ্যৰ সকলো জাতি-জনজাতিক সুৰক্ষিত কৰাৰ স্বাৰ্থত এনে নীতিৰ প্ৰস্তাৱ যুগুতাবলৈ ৰাজ্যৰ ৰাজহ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে । য'ত ভূমি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত কঠোৰ নীতি-নিয়ম প্ৰৱৰ্তন কৰা হ'ব । এই প্ৰস্তাৱিত আইনৰ বিষয়টোও এই সভাত স্থান পাইছে ।"
কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ লগতে দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে ।
লগতে পঢ়ক :অগপক লাগে, বিজেপিয়ে নেৰে; বঢ়মপুৰ সমষ্টিক লৈ মিত্ৰদলৰ মাজত স্পষ্ট সংঘাত

