বিধায়ক হোৱাৰ সপোনৰ মূল্য ৫০ হাজাৰ টকা, ৰাজীৱ ভৱনত লাগিছে টিকট প্ৰত্যাশীৰ ভিৰ
বিধানসভা নিৰ্বাচনৰ বাবে ৰাজীৱ ভৱনত তৎপৰতা ৷ ১০০টা সমষ্টিৰ বাবে ৫০০জনে সংগ্ৰহ কৰিলে আবেদন পত্ৰ, ৫জনে দাখিল কৰিলে আবেদন ৷

Published : January 6, 2026 at 9:08 AM IST
গুৱাহাটী : কংগ্ৰেছৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ । কিয়নো ২০২৬ চনৰ নিৰ্বাচনী প্ৰক্ৰিয়া ৰাজীৱ ভৱনত পৰাই আৰম্ভ হৈছে । ইতিমধ্যে মুকলি কৰি দিয়া হৈছে আবেদন প্ৰক্ৰিয়া ৷ ৫০,০০০ টকাকৈ মাচুল দি প্ৰায় ৫০০ শতাধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে সংগ্ৰহ কৰিছে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে আবেদন পত্ৰ ।
উল্লেখ্য যে, ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ১২৬ খন আসনৰ ২৬ খন আসন এৰি দিব মিত্ৰ দলক ৷ ১০০ খন আসনত প্ৰাৰ্থিত্ব দিব কংগ্ৰেছ দলে ৷ বছৰৰ প্ৰথমটো দিনত নতুন দিল্লীত এই কথা ঘোষণা কৰিছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে । সেই মৰ্মে ইতিমধ্যে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া ৷
তথ্য অনুসৰি, www.apcc.assam.org ৱেবছাইটযোগে প্ৰায় ৫ শতাধিক প্ৰাৰ্থিত্বপ্ৰত্যাশীয়ে আবেদন সংগ্ৰহ কৰিছে ৷ সোমবাৰে ৫ জন আবেদনকাৰীয়ে ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে আবেদন দাখিল কৰিছে । লগতে প্ৰাৰ্থীসকলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীলৈ সাহায্য হিচাপে ডিমাণ্ড ড্ৰাফটযোগে ৫০,০০০কৈ টকাও জমা দিছে ।

এই প্ৰাৰ্থীসকলৰ ভিতৰত টিংখং সমষ্টিৰ বাবে আবেদন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক (সাংগঠনিক) বিপুল গগৈয়ে । ডিগবৈ সমষ্টিৰ বাবে আবেদন কৰিছে গুণকান্ত গগৈয়ে ।
আনহাতে, জোনাই বিধানসভা সমষ্টিৰ বাবে ৰঞ্জিতা পেগু, ধুবুৰী বিধানসভা সমষ্টিৰ বাবে আবু তাহেৰ আলী বেপাৰী আৰু গোৱালপাৰা পূব সমষ্টিৰ বাবে আমানুল ইছলামে ইতিমধ্যে আবেদন পত্ৰ জমা দিছে ।

আবেদন পত্ৰ জমা দিয়াৰ প্ৰথম দিন হিচাপে ৫খন আবেদন লাভ কৰা লগতে ৫০০ৰো অধিক আবেদন পত্ৰ সংগ্ৰহ কৰা বিষয়টো ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কোষাধ্যক্ষ হেমহৰি পেগুৱে সদৰী কৰিছে ।
উল্লেখযোগ্য যে, অহা ২০ জানুৱাৰীলৈকে দলটোত প্ৰাৰ্থিত্বৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে আবেদন পত্ৰ জমা দিব পাৰিব ।

