ETV Bharat / politics

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচন: সাজু কংগ্ৰেছৰ ৫ নেতা, তৎপৰ শাসকীয় বিজেপি

নগাঁও উপ-নিৰ্বাচনক লৈ তৎপৰ শাসক-বিৰোধী । বৰ্তমানৰ পৰিস্থিতিত বিজেপি সুবিধাজনক স্থিতিত আছে । মৰিগাঁৱত উপ-নিৰ্বাচনৰ ৰণশিঙা বজাই ৰাহুল গান্ধী-গৌৰৱ গগৈক কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ ।

Nagaon Lok Sabha by poll
নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচন: সাজু কংগ্ৰেছৰ ৫ নেতা, তৎপৰ শাসকীয় দল বিজেপি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 31, 2026 at 5:22 PM IST

8 Min Read
Choose ETV Bharat

গুৱাহাটী : দিন ঘোষণা হোৱা নাই যদিও নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে শাসক-বিৰোধী । কংগ্ৰেছৰ দখলত থকা সমষ্টিটোৰ সাংসদগৰাকীয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহাৰ পিছত এতিয়া সমষ্টিটোৰ উপ-নিৰ্বাচনক লৈ শাসক-বিৰোধীৰ তৎপৰতা বৃদ্ধি পাইছে ।

এইক্ষেত্রত বিৰোধীতকৈ শাসকীয় দল উপ-নির্বাচনৰ বাবে পূৰ্ণোদ্যমে সাজু হৈছে । লক্ষণীয় বিষয় যে নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে কংগ্ৰেছ দলৰ প্রার্থিত্বৰ আবেদন প্রক্রিয়াৰ ইতিমধ্যে অন্ত পৰিছে । সমষ্টিটোত কংগ্ৰেছ দলৰ হৈ প্রার্থিত্ব আগবঢ়োৱাৰ উদ্দেশ্যৰে পাঁচগৰাকী নেতাই আবেদন-পত্ৰ সংগ্ৰহ কৰিছে ।

মৰিগাঁৱত উপ-নিৰ্বাচনৰ ৰণশিঙা বজাই ৰাহুল গান্ধী-গৌৰৱ গগৈক কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ (ETV Bharat Assam)

উল্লেখ্য যে সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক তৎপৰতা বৃদ্ধি পোৱাৰ মাজতে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ বাবে আবেদন গ্রহণ প্ৰক্ৰিয়াৰ অন্ত পৰিছে ।

যোৱা ২৪ আগষ্টৰ পৰা আৰম্ভ হোৱা এই প্ৰক্ৰিয়াত মুঠ পাঁচগৰাকী নেতাই দলীয় টিকটৰ বাবে আবেদন-পত্ৰ সংগ্ৰহ তথা দাখিল কৰিছে । নগাঁও লোকসভা সমষ্টিৰ পৰা প্রার্থিত্ব লাভৰ বাবে আবেদন জনোৱা নেতাসকল হৈছে প্ৰাক্তন বিধায়িকা শিৱামণি বৰা আৰু ডাঃ দুর্লভ চমুৱাৰ লগতে ৰঞ্জিত বৰ্মন, মাইনুল ইছলাম খান আৰু ইমদাদ হুছেইন ।

প্রার্থিত্ব প্রত্যাশীসকলে ৰাজীৱ ভৱনত আবেদন-পত্ৰৰ সৈতে 'অসম প্ৰদেশ কংগ্ৰেছ কমিটী'ৰ নামত ১ লাখ টকাৰ 'নন-ৰিফাণ্ডেবল ডিমাণ্ড ড্রাফট' আৰু নিজৰ নাম সন্নিৱিষ্ট ভোটাৰ তালিকাৰ প্রমাণিত প্রতিলিপি সংলগ্ন কৰি দলৰ কোষাধ্যক্ষৰ ওচৰত দাখিল কৰে । এই কথা জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰামান্না বৰুৱাই ।

এই পাঁচগৰাকীৰ ভিতৰত এগৰাকীয়ে লাভ কৰিব নগাঁও উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ টিকট । এইক্ষেত্রত বিশেষভাৱে চৰ্চাত আছে প্ৰাক্তন বিধায়িকা শিৱামণি বৰাৰ নাম । ইফালে নগাঁও লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈ প্ৰদেশ কংগ্ৰেছত উখল-মাখল পৰিস্থিতি অব্যাহত থকাৰ মাজতে দলটোৰ মুখপাত্র সূর্য কুমাৰ দাসে পদত্যাগ কৰে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত অসন্তুষ্টি প্ৰকাশ কৰি মুখপাত্ৰ দাসে পদত্যাগ কৰাৰ লগতে দলীয় বিষয়বাব ত্যাগ কৰে । আনহাতে, পদত্যাগৰ পাছত তেওঁ নগাঁও উপ-নির্বাচনত নিৰ্দলীয় হিচাপে প্রার্থিত্ব আগবঢ়াব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে উপ-নিৰ্ব‍াচনত বিৰোধী শিবিৰ একত্রিত হোৱাৰ কোনো সম্ভাৱনা নাই । ইতিমধ্যে এআইইউডিএফ দলৰ সভাপতি বদৰুদ্দিন আজমলে নিজৰ দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ।

বিগত বিধানসভা নিৰ্বাচনত বিৰোধী শিবিৰ ঐক্যবদ্ধ হৈছিল যদিও উপ-নিৰ্বাচনত বিৰোধী শিবিৰ খণ্ডিত হৈ আছে । ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে উপ-নিৰ্বাচনক লৈ বিশেষ উৎসাহ প্ৰদৰ্শন কৰা পৰিলক্ষিত হোৱা নাই ।

ইফালে বিৰোধীৰ দুৰ্বল স্থিতিৰ বিপৰীতে নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে পূৰ্ণোদ্যমে সাজু হৈছে শাসকীয় দল বিজেপি । সংখ্যালঘু ভোটাৰৰ প্ৰভাৱ থকা সমষ্টিটোত জয়ৰ লক্ষ্য কঠিন যদিও বিজেপি দল থমকি ৰোৱা নাই ।

প্ৰবল আত্মবিশ্বাসেৰে নগাঁও উপ-নিৰ্বাচনত যুঁজিবৰ বাবে সাজু হৈছে শাসকীয় দল বিজেপি । এইখিনিতে চৰ্চালৈ আহিছে কোন হ'ব বিজেপি দলৰ প্ৰাৰ্থী ।

এই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই স্পষ্ট কৰি কৈছে- "জয়ী হ'ব পৰা, উপযুক্ত আৰু জনপ্ৰিয়তা থকা ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব ।" অৱশ্যে প্ৰাৰ্থীৰ নাম এতিয়াও ঠিৰাং হোৱা নাই বুলি ৰাজ্যিক সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে ।

নগাঁও উপ-নিৰ্বাচনক লৈ বিজেপি দলে তৎপৰতা চলাই থকাৰ সময়তে বিশেষভাৱে চৰ্চালৈ আহিছে এটা নাম । তেওঁ হৈছে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা । বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই সমষ্টিটোৰ উপ-নিৰ্বাচনত নগাঁও-মৰিগাঁও জিলাৰ সকলোৰে চিনাকি মুখৰ এগৰাকী জনপ্ৰিয় ব্যক্তি প্ৰাৰ্থী হ'ব বুলি ইতিমধ্যে সদৰী কৰিছে ।

আনহাতে, বিজেপিয়ে বিচৰা ধৰণে সকলো গুণৰ অধিকাৰী হৈছে দেৱাশীষ শৰ্মা । তেওঁ মানুহৰ মাজত বিশেষভাৱে জনপ্ৰিয় আৰু সকলোৰে লগত সু-সম্পৰ্ক আছে । তেনেস্থলত সকলো দিশৰ পৰা চাই নগাঁও উপ-নিৰ্বাচনত দেৱাশীষ শৰ্মা বিজেপি দলৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে । বাজপেয়ী ভৱনতো এই বিষয়টো বিশেষভাৱে চৰ্চিত হৈ আছে ।

উল্লেখ্য যে দেৱাশীষ শৰ্মাই নগাঁৱত আয়ুক্ত হিচাপে যোগদানৰ পূৰ্বে প্ৰতিবেশী জিলা মৰিগাঁও জিলাতো সুদীৰ্ঘ তিনিটা বছৰ জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । জিলা দুখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজৰ মাজতো খুবেই জনপ্রিয় দেৱাশীষ শৰ্মা ।

দুয়োখন জিলাতেই তেওঁ ৰাইজৰ মাজত সোমাবলৈ সক্ষম হৈছে । যাৰ বাবে দেৱাশীষ শৰ্মাক দলটোৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি বাজপেয়ী ভৱনৰ এটা বিশ্বস্ত সূত্রই জানিবলৈ দিছে ।

ইতিমধ্যে নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনক লৈ বাজপেয়ী ভৱনত কেইবালানি বৈঠক অনুষ্ঠিত হৈ গৈছে । শেহতীয়াকৈ বাজপেয়ী ভৱনত অনুষ্ঠিত এখন বিশেষ উচ্চ পৰ্যায়ৰ বৈঠকত নগাঁও উপ-নিৰ্বাচনৰ সকলো দিশ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰি চূড়ান্ত ৰণকৌশল প্ৰস্তুত কৰা হয় । একপ্ৰকাৰ উপ-নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ আছে শাসকীয় দল বিজেপি ।

নিৰ্বাচনত পৰাজিতৰ চেঞ্চুৰী মাৰিলে ৰাহুল গান্ধীয়ে : মন্ত্ৰী পীযুষ হাজৰিকা

ধিং : নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৰণশিঙা বজালে বিজেপিয়ে । জিলা পৰিষদৰ সদস্যসহ কেইবাগৰাকীও কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰে । ইফালে ৰাহুল-গৌৰৱৰ সমালোচনাত মুখৰ হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা ।

আগন্তুক নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে শাসক-বিৰোধীয়ে । ইতিমধ্যে গৌৰৱ গগৈৰ নেতৃত্বত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছে কেইবাখনো সভা অনুষ্ঠিত কৰাৰ পাছত এইবাৰ নিৰ্বাচনী ৰণশিঙা বজায় শাসকীয় বিজেপিয়ে । সোমবাৰে মৰিগাঁও জিলাত বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰি নিৰ্বাচনী ৰণশিঙা বজালে মন্ত্ৰী পীযুষ হাজৰিকাই । ১০ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত ৰাজহুৱা সভাত বিজেপিত যোগদান কৰে এগৰাকী জিলা পৰিষদৰ সদস্যসহ কেইবাগৰাকীও কংগ্ৰেছ নেতা-কৰ্মীয়ে ।

নগাঁও লোকসভা সমষ্টিৰ অধীনৰ মৰিগাঁও জিলাৰ লাহৰিঘাট বিধানসভা সমষ্টিৰ বৰচলাত সোমবাৰে আয়োজন কৰা বিজেপিৰ ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই বিৰোধী কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । বিশেষকৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সমালোচনাত মুখৰ হৈ পৰে মন্ত্ৰী পীযুষ হাজৰিকা ।

সৰ্বভাৰতীয় কংগ্ৰেছ নেতা ৰাহুল গান্ধীক নিৰ্বাচনত পৰাজিতৰ চেঞ্চুৰী মৰা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয়, "ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে নিৰ্বাচনত পৰাজিতৰ চেঞ্চুৰী অতিক্ৰম কৰিছে, এইবাৰ ডাবল চেঞ্চুৰী কৰিবলৈ আগবাঢ়িছে । বিগত বিধানসভা নিৰ্বাচনত নিজৰ বুথতে পৰাজিত হোৱা গৌৰৱ গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ দিবাস্বপ্ন দেখিছে ।"

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী কোন হ'ব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰিকাই কয়, "আমি দলৰ সাধাৰণ কাৰ্যকৰ্তা । দলে যাকেই প্ৰাৰ্থিত্ব প্ৰদান কৰে তাকে বিজয়ী কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিম । কেৱল লাগে আপোনালোকৰ সহায়-সহযোগিতা আৰু সমৰ্থন । দলে কাক প্ৰাৰ্থিত্ব প্ৰদান কৰে সেই কথা এই মুহূৰ্তত কোৱাটো সম্ভৱ নহয় ।"

বিশাল ৰাজহুৱা সভা সম্বোধন কৰি মন্ত্ৰী পীযুষ হাজৰিকাই নিজৰ ভাষণত বিশেষকৈ লাহৰিঘাট সমষ্টিৰ বান নিয়ন্ত্ৰণৰ বাবে বিজেপি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি পূৰ্বৰ বানাক্ৰান্ত অঞ্চলটো এতিয়া বানমুক্ত কৰাৰ কথাও উল্লেখ কৰে ।

লগতে পৰৱৰ্তী সময়তো লাহৰিঘাট সমষ্টিৰ উন্নয়নৰ দায়িত্বই ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই । বিজেপিৰ ৰাজহুৱা সভাত উপস্থিত থকা সংখ্যালঘু জনতাক বিজেপিক ভোটদান কৰিবলৈ শপত বাক্যও পাঠ কৰালে মন্ত্ৰী পীযুষ হাজৰিকাই ।

উল্লেখ্য যে কংগ্ৰেছৰ দুৰ্গ হিচাপে খ্যাত লাহৰিঘাট বিধানসভা সমষ্টিত বিজেপিয়ে অনুষ্ঠিত কৰা ৰাজহুৱা সভাই কংগ্ৰেছৰ ভেটিতো কঁপনি তুলিছে । বিজেপিৰ বিশাল ৰাজহুৱা সভাক লৈ বিশেষকৈ শংকিত হৈ পৰিছে লাহৰিঘাট বিধানসভা সমষ্টিৰ বিধায়ক মহম্মদ আছিফ নাজাৰ ।

লগতে পঢ়ক :কংগ্ৰেছক সমৰ্থন দিবলৈ মানসিকভাবে সাজু নহয়, বিজেপিক ঘৃণা কৰো : অখিল গগৈ
লগতে পঢ়ক :এশ দিনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ৬৭৫০ কোটি টকাৰ ঋণ: পহিলা ছেপ্টেম্বৰত পুনৰ কোটি টকাৰ ঋণ