ETV Bharat / politics

দৌল উৎসৱৰ পিছতে ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা; নলবাৰীত মন্তব্য সভাপতি দিলীপ শইকীয়াৰ

নলবাৰীৰ প্ৰাৰ্থী প্ৰসংগত দিলীপ শইকীয়াৰ মন্তব্য, ৰাইজে দেখি থকা নেতাকেই প্ৰাৰ্থিত্বত প্ৰাধান্য প্ৰদান কৰিব ৰাজ্যিক সমিতিয়ে ।

BJP Nalbari
নলবাৰীত বিজেপিৰ মণ্ডল কাৰ্যালয় উদ্বোধন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 28, 2026 at 7:45 AM IST

3 Min Read
Choose ETV Bharat

নলবাৰী : শুকুৰবাৰে নলবাৰীত উত্তৰ নলবাৰী মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰা হয় । কাৰ্যালয়টো উদ্বোধন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই । তেওঁৰ সৈতে উপস্থিত থাকে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰবৰুৱা আৰু উক্ত মণ্ডলটোৰ সভাপতি নন্দলাল সৰকাৰ ।

নলবাৰী বিধানসভা সমষ্টিত পঞ্চমটো মণ্ডল কাৰ্যালয় শুভাৰম্ভ কৰি অসমৰ ভিতৰত এজনেই এনে বিধায়ক হ'ব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক প্ৰশংসা কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই । তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ দলীয় কাৰ্যকৰ্তাসকলক উৎসাহ যোগায় দিলীপ শইকীয়াই ।

নলবাৰীত বিজেপিৰ মণ্ডল কাৰ্যালয় উদ্বোধন (ETV Bharat Assam)

আনহাতে, সংবাদল মাধ্যমৰ আগত বিজেপি সভাপতি দিলীপ শইকীয়াই কয়, "এতিয়াৰে পৰা উত্তৰ নলবাৰী অঞ্চলৰ সকলো দলীয় কাম-কাজ এই কাৰ্যালয়ৰ পৰা কৰা হ'ব । উত্তৰ নলবাৰী অঞ্চলটো পূৰ্বতে বহু পিছপৰা আছিল । এতিয়া উন্নয়নৰ দিশে গতি কৰিছে এই উত্তৰ নলবাৰী অঞ্চল ।"

আনহাতে, বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা সন্দৰ্ভত সভাপতি দিলীপ শইকীয়াই কয়, "কাইলৈৰ পৰা আমাৰ জন আশীৰ্বাদ যাত্ৰা । জনতা জনাৰ্দনৰ আশীৰ্বাদ বিচাৰি ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই যাত্ৰা আমি আয়োজন কৰিম । ঢেকীয়াজুলিত আমি এই যাত্ৰাৰ আৰম্ভণি কৰিম আৰু অসমৰ বিভিন্ন সমষ্টিত, বিভিন্ন অঞ্চলত এই যাত্ৰা চলিব । আনহাতে, অহা ৯ মাৰ্চ তাৰিখে বজালী, টিহু, নলবাৰী আৰু ৰঙিয়া বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ যাত্ৰাৰ সামৰণি কৰিম ।"

তেওঁ লগতে কয়, "এই যাত্ৰাত প্ৰতিদিনে ৰাইজৰ আশীৰ্বাদ ল'ব অসমৰ মুখ্যমন্ত্ৰীয়ে । কাৰণ অসমত বিগত ১০ বছৰত যি অভূতপূৰ্ব উন্নয়ন হৈছে আৰু বিশেষভাৱে ৫ টা বছৰত উন্নয়নৰ লগতে সুৰক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যিধৰণে আগবঢ়াই নিছে সেইমৰ্মে আগন্তুক বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ লগতে আমাৰ দলৰ সেয়া আশীৰ্বাদ আৰু সমৰ্থন হ'ব ।"

ইফালে বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়, "দৌলৰ পিছতেই কেন্দ্ৰীয় সংসদীয় বোৰ্ডৰ বৈঠকৰ পিছত প্ৰাৰ্থী তালিকা দিল্লীৰ পৰা ৰাষ্ট্ৰীয় কাৰ্যালয়ে প্ৰথম আৰু দ্বিতীয় তালিকা প্ৰেৰণ কৰিব ।"

নলবাৰীৰ তিনিওটা বিধানসভাত কোনে প্ৰাৰ্থিত্ব পাব সেই সন্দৰ্ভত দিলীপ শইকীয়াৰ মন্তব্য, "পাৰ্টীৰ শৃংখলা অনুসৰি যেতিয়ালৈকে ঘোষণা নহয়, তেতিয়ালৈকে কোনো প্ৰাৰ্থীৰ নাম আমি ক'ব নোৱাৰো । কিন্তু সকলোৱে জানেই পুখুৰীত কি মাছ আছে । মাগুৰ নে বৰালি সেয়া জানেই । ৰাইজে যিটো মাছ দেখি আছে তাক বাদ দি বেলেগ চিন্তা নাই । যিজনক নলবাৰী জিলাত ৰাইজে অনবৰতেই পায়, যিজনে নলবাৰীৰ প্ৰতিচ্ছবি সলাইছে, তেওঁক বাদ দি বেলেগ চিন্তা আমাৰ নাই । যদি সংসদীয় বোৰ্ডে বেলেগ চিন্তা কৰে সেয়া তেওঁলোকৰ কথা ।"

লগতে পঢ়ক :মিছন বসুন্ধৰাৰ দ্বাৰা উপকৃত হৈছে ৰাজ্যৰ ১০ লাখ লোক : মুখ্যমন্ত্ৰী
লগতে পঢ়ক :সমাগত নিৰ্বাচন : শাসকীয় মিত্রদলৰ মাজত হোৱা নাই আসন বুজাবুজি, কেইবাটাও সমষ্টিক লৈ নিমিলা অংক