ৰাজ্যিক বিজেপিত বিভাজন ! ভুৱা পত্ৰৰ দাবীক অস্বীকাৰ কৰি গোচৰ ৰুজু
এখন বিশেষ চিঠিৰ সৈতে নাম সাঙোৰ খাইছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ পিছে চিঠিখনৰ সৈতে মন্ত্ৰীগৰাকীৰ সম্পৰ্ক কি ?

Published : January 20, 2026 at 12:24 PM IST
গুৱাহাটী: এখন বিশেষ চিঠিয়ে তোলপাৰ লগাইছে সামাজিক মাধ্যমত ৷ একেখন চিঠিয়ে জোকাৰণি তুলিছে ৰাজনৈতিক মহলতো ৷ যিখন চিঠিত স্বাক্ষৰ আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ অসমত নেতৃত্ব সলনি কৰাৰ দাবী তোলাৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ থকা বুলি উল্লেখ থকা চিঠিখন দলৰ ৰাষ্ট্ৰীয় সভাপতিলৈ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে প্ৰেৰণ কৰা বুলি দাবী কৰা হৈছে ৷
অৱশ্যে একাধিক অভিযোগ সন্নিৱিষ্ট এই পত্ৰখন সম্পূৰ্ণ ভুৱা বুলি ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যালয়ে স্পষ্টীকৰণ দিছে ৷ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত এই পত্ৰখন মন্ত্ৰী সোণোৱালৰ কাৰ্যালয়ৰ চৰকাৰী লেটাৰহেডত লিখাৰ লগতে তলত খোদ মন্ত্ৰীগৰাকীৰ স্বাক্ষৰ থকা দেখা হৈছে ৷ যিখন পত্ৰ ভুৱা বুলি ইতিমধ্যে স্পষ্ট কৰাৰ লগতে ঘটনা সংক্ৰান্তত গোচৰ ৰুজু কৰা বুলি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷

অপৰাধজনিত গোচৰ
এনে ভুৱা বিষয়বস্তু প্ৰচাৰ কৰাটো জালিয়াতি, ছদ্মবেশ আৰু চৰকাৰী পৰিচয়ৰ অপব্যৱহাৰৰ সৈতে জড়িত এক গুৰুতৰ অপৰাধ ৷ যাৰ লক্ষ্য স্পষ্টভাৱে ভুল তথ্য প্ৰচাৰ আৰু সাংবিধানিক কৰ্তৃপক্ষক বদনাম কৰা বুলি মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যালয়ে কয় ৷
ইতিমধ্যে ঘটনা সংক্ৰান্তত দাখিল কৰা হৈছে এজাহাৰ ৷ আইন প্ৰয়োগকাৰী সংস্থাসমূহক অগ্ৰাধিকাৰৰ ভিত্তিত বিষয়টোৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী সোণোৱালৰ কাৰ্যালয়ে ৷

এই দাবী একেমুখে নাকচ কৰি মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যালয়ে স্পষ্ট কৰি দিছে যে ভুৱা চিঠিখনত উল্লেখিত অভিযোগ সন্দৰ্ভত মন্ত্ৰীগৰাকী কোনোধৰণে জড়িত নহয় আৰু এই অভিযোগৰ কোনো সত্যাসত্য নাই ৷
মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া
এক্সৰ এক পোষ্টত মন্ত্ৰী সোণোৱালে এনেদৰে কয়, ‘‘মই জানিব পাৰিছো কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী লেটাৰহেড আৰু ভুৱা স্বাক্ষৰ থকা এখন ভুৱা চিঠি অসৎ উদ্দেশ্যৰে একাংশ দুষ্টচক্ৰই প্ৰচাৰ কৰি আছে ৷ ভুল তথ্য বিয়পোৱা আৰু সাংবিধানিক কৰ্তৃপক্ষক বদনাম কৰাৰ লক্ষ্যৰে জালিয়াতি, ছদ্মবেশ আৰু চৰকাৰী পৰিচয়ৰ অপব্যৱহাৰৰ সৈতে জড়িত ই এক গুৰুতৰ অপৰাধমূলক কাৰ্য ৷’’
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘এই বিষয়ত গোচৰ ৰুজু কৰা হৈছে আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহক অগ্ৰাধিকাৰ ভিত্তিত গোচৰটোৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।’’
⚠️ ALERT⚠️
— Sarbananda Sonowal (@sarbanandsonwal) January 19, 2026
🚨 Official Statement 🚨
It has come to my notice that a forged letter bearing the official letterhead and fake signature of Union Minister Sarbananda Sonowal is being circulated by miscreants with malafide intent.
This constitutes a serious criminal offence… pic.twitter.com/zB3coKBYyL
মন্ত্ৰী সোণোৱালে পুনৰ কয় যে চিঠিখন আৰু ইয়াৰ বিষয়বস্তু সম্পূৰ্ণ ভুৱা আৰু উদ্দেশ্যে প্ৰণোদিত ৷ যাৰ বাবে সাধাৰণ জনতা আৰু সংবাদ মাধ্যমক এনে ভুৱা বিষয়বস্তু বিশ্বাস বা প্ৰচাৰ নকৰিবলৈ আৰু কেৱল চৰকাৰী সূত্ৰৰ পৰা লাভ কৰা তথ্য পৰীক্ষা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ৷
উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কাৰ্যালয়ে মঙলবাৰে পুৱা নতুন দিল্লীৰ পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট আৰক্ষী থানাত বিষয়টোৰ সন্দৰ্ভত দাখিল কৰে এজাহাৰ ।
লগতে পঢ়ক: UAEৰ ৰাষ্ট্ৰপতিক আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; দুয়োখন দেশৰ মাজত বন্ধুত্ব শক্তিশালী হোৱাৰ আশা

