ETV Bharat / politics

১৫-২০ ফেব্ৰুৱাৰীৰ ভিতৰত আসন ভাগ-বাটোৱাৰাৰ হ'ব চূড়ান্ত ৰূপ : মুখ্যমন্ত্ৰী

জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত লোক অধিবক্তাৰ পৰামৰ্শ মতে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব চৰকাৰে ।

Chief Minister visits Independence Memorial Park in Jorhat
যোৰহাটত স্বাধীনতা স্মৃতি স্মাৰক উদ্যান পৰিদৰ্শন মুখ্য়মন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 7, 2026 at 12:25 PM IST

4 Min Read
Choose ETV Bharat

যোৰহাট : আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১২৬টা সমষ্টিৰ ভিতৰত কেইটাত প্ৰতিদ্বন্দ্বিতা কৰিব ? কেইখন আসন অগপৰ লগতে মিত্ৰজোঁটৰ আন দলকেইটাক এৰি দিব ? নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এই প্ৰশ্নই ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে । ইয়াৰ মাজতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে মিত্ৰ দলৰ লগতে কেতিয়া আসন ভাগ-বাটোৱাৰাৰ চূড়ান্ত ৰূপ দিয়া হ'ব ।

আসন ভাগ-বতৰাত বিজেপিত অসুবিধা নাই :

মঙলবাৰে যোৰহাটত মিত্ৰ দলৰ লগত আসন ভাগ-বাটোৱাৰাৰ চূড়ান্ত ৰূপ দিয়া সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "আসন ভাগ-বটোৱাৰা কৰাত বিজেপিত একো অসুবিধা নাই । ১৫ৰ পৰা ২০ ফেব্ৰুৱাৰীৰ ভিতৰত আমি এই প্ৰক্ৰিয়া শেষ কৰিব পাৰিম । আজি পুৱাও অতুল বৰাৰ লগত কথা পাতিছো । গতিকে আমাৰ বাবে এইটো এটা ডাঙৰ প্ৰক্ৰিয়া নহয় । যোৱাবাৰো লোকসভা নিৰ্বাচনত আপোনালোকে সুধি থকাৰ মাজতে এদিন ঘোষণা কৰিছিলো । আমাৰ এনেকুৱা প্ৰক্ৰিয়া নহয় যে টেবুলত কথা পাতিম, সাংবাদিকসকল বাহিৰত ৰৈ থাকিব, কোনোবা ওলাই আহি বিবৃতি দিব । আমাৰ তেনেকুৱা নহয়,ঘৰুৱাভাৱে হয় ।"

মিত্ৰজোঁটত আসন ভাগ-বাটোৱাৰা সন্দৰ্ভত মুখ্য়মন্ত্ৰীৰ মন্তব্য় (ETV Bharat Assam)

যুৱ প্ৰজন্মক কিমান আসন দিব ?

বিজেপিয়ে যুৱ প্ৰজন্মক কিমানটা সমষ্টিত টিকট প্ৰদান কৰিব বুলি সাংবাদিকে প্ৰশ্ন কৰাত মুখ্য়মন্ত্ৰীয়ে কয়, "যুৱ প্ৰজন্মও থাকিব; কিন্তু ক'ত কেনেকৈ থাকিব সেয়া আজিয়েই কোনোৱে ক'ব নোৱাৰে । সেইটো আমাৰ এটা প্ৰক্ৰিয়া আছে । আমি এটা এটাকৈ ছীট পৰীক্ষা কৰিম । মই যোৰহাটৰ বিষয়ে বিশেষকৈ চিন্তা কৰা নাই, ১২৬ টা সমষ্টিৰেই আলোচনা হ'ব । প্ৰথম ৰাজ্য়িক ভিত্তিত আলোচনা হ'ব, বিজেপিয়ে কিমান খেলিব, অগপই কিমান খেলিব, গণ শক্তিক কিমান দিম - সেই ধাৰণাটো নোহোৱালৈকে জিলা ভিত্তিক আলোচনা কৰাত অসুবিধা হয় ।"

লোক অধিবক্তা পৰামৰ্শ মতে ফাষ্ট ট্ৰেক আদালত গঠন হ'ব :

ইপিনে জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভতো মুখ্য়মন্ত্ৰীয়ে মন্তব্য় কৰি ফাষ্ট ট্ৰেক আদালত সন্দৰ্ভত কয়, "অহা ৯ জানুৱাৰীত অনুষ্ঠিত হ'ব লগা কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হ'ব লোক অধিবক্তা নিয়োগৰ আৰু সেইদিনাই লোক অধিবক্তা নিয়োগ কৰা হ'ব আৰু লোক অধিবক্তাই যি নীতি-নিৰ্দেশনা আৰু পৰামৰ্শ দিব সেইমতে চৰকাৰ আগবাঢ়ি যাব । তেওঁৰ পৰামৰ্শ মতে, ফাষ্ট ট্ৰেক আদালতো গঠন হ'ব ।"

Chief Minister visits Independence Memorial Park in Jorhat
যোৰহাটত স্বাধীনতা স্মৃতি স্মাৰক উদ্যান পৰিদৰ্শন মুখ্য়মন্ত্ৰীৰ (ETV Bharat Assam)

স্বাধীনতা স্মৃতি স্মাৰক উদ্যান পৰিদৰ্শন :

মঙলবাৰে বোকাখাতৰ পৰা যোৰহাটত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰে ১৫৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা যোৰহাটৰ স্বাধীনতা স্মৃতি স্মাৰক উদ্যান । এই সন্দৰ্ভত মুখ্য়মন্ত্ৰীয়ে কয়, "অহা ফেব্ৰুৱাৰীত যোৰহাট জিলা কেন্দ্ৰীয় কাৰাগাৰ চৌহদত নিৰ্মাণ কৰা এই উদ্যানখন ৰাইজৰ বাবে উচৰ্গা কৰিব পৰা যাব, কাৰণ এই উদ্যানখনৰ প্ৰথম পৰ্যায়ৰ কাম ফেব্ৰুৱাৰীত সম্পূৰ্ণ হ'ব আৰু তাৰ পিছত অন্যান্য কামবোৰ চলি থাকিব ।" ১৭০ বিঘা ভূমিৰ এই বৃহৎ উদ্যানখনৰ কামৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উচ্ছেদিতৰ ভোটাধিকাৰ সন্দৰ্ভত মুখ্য়মন্ত্ৰী :

এইবাৰ উচ্ছেদিত লোকসকলে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিব নে নোৱাৰিব ? এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "উচ্ছেদিত হোৱা স্থানৰ সমষ্টিত উচ্ছেদিত লোকসকলে অংশ ল'ব নোৱাৰিব । ইয়াৰ বিপৰীতে য'ৰ পৰা আহিছিল সেই স্থানতহে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ।"

আনহাতে বিধানসভা নিৰ্বাচনত প্ৰিয়ংকা গান্ধীয়ে আহি কিবা পৰিৱৰ্তন আনিব পাৰিব নেকি সেই প্ৰসংগত মুখ্য়মন্ত্ৰীয়ে কয়, "প্ৰিয়ংকা গান্ধী অসমলৈ ২০ ৰ পৰা ২৫বাৰ আহিছে আৰু কিবা কৰিব পাৰিছে নেকি সেয়া সকলোৰে দেখিছে । এইবাৰ অসমীয়া ভাষা শিকি কিবা কৰিব নেকি সেয়া চাব লাগিব ।"

আনহাতে অসমৰ বিধানসভা নিৰ্বাচন ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰচাৰত অংশগ্ৰহণ কৰিব বুলি ইংগিত দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক:অগপৰ লগত আমাৰ কোনো আপত্তি নাই: মিত্ৰতা অক্ষুণ্ণ ৰখা সন্দৰ্ভত ক'লে মুখ্য়মন্ত্ৰীয়ে

নিৰ্বাচন অহা বাবে অখিল গগৈৰ মতিভ্ৰম হৈছে :ৰাইজৰ দলৰ সভাপতিক উভতি ধৰিলে অশোক সিংহলে