নৱগঠিত ডিমৰীয়া সমষ্টিত গণতন্ত্ৰৰ উৎসৱ : সুকলমে সম্পন্ন ভোটগ্ৰহণ প্ৰক্ৰিয়া
২.১৬ লাখ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব পাঁচ প্ৰাৰ্থীৰ । শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটদান ।

Published : April 9, 2026 at 7:24 PM IST
সোণাপুৰ : গুৱাহাটীৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্যতম তথা নৱগঠিত ডিমৰীয়া সমষ্টিত বৃহস্পতিবাৰে অভূতপূৰ্ব উৎসাহ-উদ্দীপনাৰ মাজেৰে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হয় । পুৱাৰে পৰাই সমষ্টিটোৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হোৱাৰ লগতে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে ।
২,১৬,৯৪৯ গৰাকী ভোটাৰৰ ৰায়দান
এইবাৰ ডিমৰীয়া সমষ্টিত মুঠ ২,১৬,৯৪৯ গৰাকী ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে । পুৱা ৭ বজাৰ পৰাই বৃদ্ধ-বণিতা নির্বিশেষে সকলোৱে ভোটকেন্দ্ৰসমূহলৈ ঢাপলি মেলে । বিশেষকৈ নতুনকৈ গঠন হোৱা এই সমষ্টিটোৰ প্ৰথমগৰাকী প্ৰতিনিধিক নিৰ্বাচন কৰিবলৈ ৰাইজৰ মাজত এক সুকীয়া উছাহ দেখা গৈছে ।
উন্নয়নৰ পক্ষত ৰাইজ: আশাবাদী ডঃ তপন দাস
এনডিএ সমৰ্থিত অগপ প্ৰাৰ্থী ডঃ তপন দাসে সংবাদ মাধ্যমৰ আগত কয়, "ৰাইজ হিলদল ভাঙি ভোটদানৰ বাবে ওলাই আহিছে । ই এক উৎসৱমুখৰ পৰিৱেশ । ৰাইজে উন্নয়নৰ পক্ষত ভোট দিব বুলি মই দৃঢ় বিশ্বাসী ।"
তেওঁ লগতে ৰাজ্যত এখন সুস্থ-সবল চৰকাৰ গঠন হোৱাৰ আশা প্ৰকাশ কৰে ।
সীমান্তৱৰ্তী অঞ্চলতো ব্যাপক সঁহাৰি
অসম-মেঘালয় সীমান্তৰ অন্যতম আপৰিকুলা ভোটকেন্দ্ৰতো ভোটাৰৰ ব্যাপক অংশগ্ৰহণ দেখা যায় । ইয়াৰ সমান্তৰালকৈ পাৰ্শ্বৱৰ্তী ভোটগ্ৰহণ কেন্দ্ৰতো একেই পৰিৱেশ। ভৌগোলিক দুৰ্গমতা আৰু সীমান্তৱৰ্তী সমস্যাসমূহ নেওচি অঞ্চলটোৰ ৰাইজে নিজৰ পছন্দৰ প্ৰাৰ্থী নিৰ্বাচন কৰিবলৈ শাৰী পতা দৃশ্যই গণতন্ত্ৰৰ জয়গান গাইছে ।
৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী
ডিমৰীয়া সমষ্টিত এইবাৰ মুঠ পাঁচগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । প্ৰত্যেকৰে লক্ষ্য এতিয়া দিছপুৰৰ আসন । দিনটোৰ অন্তত ৫ বজাৰ লগে লগে সমগ্ৰ সমষ্টিটোত শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়াৰ সমাপ্তি ঘটে । কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ খবৰ নোহোৱাকৈ নিৰ্বাচন সম্পন্ন হোৱাত প্ৰশাসনে সন্তোষ প্ৰকাশ কৰিছে ।
এতিয়া সকলোৰে চকু ফলাফলৰ ওপৰত । ৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত কোনে মাৰিব শেষ হাঁহি আৰু ডিমৰীয়াৰ প্ৰথমগৰাকী বিধায়ক হিচাপে কোনে ইতিহাস ৰচিব সেয়া অৱশ্যে পৰৱৰ্তী সময়তহে স্পষ্ট হ’ব ।

