১৬ জনীয়া মন্ত্ৰীসভাক লৈ ডঃ শৰ্মা চৰকাৰৰ দ্বিতীয় ইনিংছ আৰম্ভ: সম্প্ৰসাৰিত মন্ত্ৰীসভাৰে সন্ধিয়া কেবিনেট বৈঠক
শুকুৰবাৰে মুঠ ১২ গৰাকী বিধায়কে মন্ত্ৰীৰূপে শপত ল'লে ৷ ৰাজ্যপালে ১২ গৰাকী বিধায়কক মন্ত্ৰীৰূপে পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায় ৷

Published : June 5, 2026 at 3:45 PM IST
|Updated : June 5, 2026 at 4:33 PM IST
গুৱাহাটী: শুকুৰবাৰে সম্প্ৰসাৰণ কৰা হ'ল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভা ৷ শুকুৰবাৰে মুঠ ১২ গৰাকী বিধায়কে মন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰাৰ লগে লগে মুখ্যমন্ত্ৰীসহ ১৭ জনীয়া হ'ল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভা । দিনৰ ১২.৪৫ বজাত গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত হয় এই শপতগ্ৰহণ অনুষ্ঠান ।
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ১২ গৰাকী বিধায়কক মন্ত্ৰীৰূপে পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায় । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাত কোনে কোনে স্থান পাব তাকে লৈ বিগত এটা মাহ ৰাজনৈতিক মহলত চলি থকা চৰ্চা আছিল । সেই চৰ্চাৰ মাজতে বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ ১২ জনীয়া তালিকাৰ ।
শুকুৰবাৰে মন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে ক্ৰমে ডাঃ ৰণোজ পেগু, অশ্বিনী ৰায় সৰকাৰ, বিশ্বজিৎ দৈমাৰী, পীযুষ হাজৰীকা, অশোক সিংহল, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, জয়ন্তমল্ল বৰুৱা, কৌশিক ৰায়, বিমল বড়া, সুশান্ত বৰগোঁহাই আৰু কেশৱ মহন্তই । মুখ্য সচিব ডঃ ৰবি কোটাই আঁত ধৰা শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্রী সৰ্বানন্দ সোণোৱাল, মন্ত্রী অতুল বৰাৰ লগতে কেইবাগৰাকী বিধায়ক আৰু বিশিষ্ট ব্যক্তি ৷

কোন কি ভাষাত মন্ত্ৰিত্বৰ শপত বাক্য পাঠ কৰিলে ?
গোলকগঞ্জ সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা অশ্বিনী ৰায় সৰকাৰে অসমীয়াতে শপতবাক্য পাঠ কৰে ৷ ইফালে পীযুষ হাজৰীকা, অশোক সিংহল, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্লবৰুৱা, কেশৱ মহন্ত, নীলিমা দেৱী, ডাঃ ৰণোজ পেগু, সুশান্ত বৰগোঁহায়ে অসমীয়াতে শপত বাক্য পাঠ কৰে ৷ আনহাতে কৌশিক ৰায়ে হিন্দীত, পুনৰ মন্ত্রিত্ব লাভ কৰা কৃষ্ণেন্দু পালে বাংলাত আৰু বিমল বড়াই সংস্কৃতত শপতবাক্য পাঠ কৰে ।

প্ৰথমবাৰৰ বাবে মন্ত্ৰিত্ব লাভ কৰা বিধায়কসকল:
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত কেইবাগৰাকী বিধায়কে প্ৰথমবাৰৰ বাবে মন্ত্ৰিত্ব লাভ কৰিলে ৷ ইয়াৰ ভিতৰত আছে গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ, বিশ্বজিৎ দৈমাৰী, নীলিমা দেৱী, ৰামেশ্বৰ তেলী আৰু সুশান্ত বৰগোঁহাই ৷
উল্লেখ্য যে, মন্ত্রী হিচাপে শপত লোৱাৰ পূৰ্বে কেইবাগৰাকী বিধায়কে কামাখ্যা মন্দিৰত উপস্থিত হৈ আশীৰ্বাদ লয় । উল্লেখ্য যে ১২ মে'ত মুখ্যমন্ত্রী হিচাপে হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী হিচাবে অজন্তা নেওগ, অতুল বৰা, চৰণ বড়ো আৰু ৰামেশ্বৰ তেলীয়ে শপত গ্ৰহণ কৰিছিল । আজিৰ ১২ গৰাকী আৰু পূৰ্বতে অন্তৰ্ভুক্ত হোৱা চাৰিগৰাকী মন্ত্ৰীক সামৰি বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাখন ১৬ জনীয়া হ'ল । এই ১৬ জনীয়া মন্ত্ৰীসভাক লৈ আজি সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ কেবিনেট বৈঠক ৷

সাংবিধানিক বিধি অনুসৰি মুখ্যমন্ত্ৰীসহ অসমৰ মন্ত্ৰীসভাখন ১৯ জনীয়াতকৈ ডাঙৰ হ'ব নোৱাৰিব। সেই হিচাবে মন্ত্ৰীসভাত এতিয়াও দুখন আসন খালী হৈ থাকিল ।
লগতে পঢ়ক:মন্ত্ৰী হিচাপে শপতগ্ৰহণৰ পূৰ্বে নাহৰৰ পুলি ৰোপণ নীলিমা দেৱীৰ

