মই মানুহৰ বাবে মানুহৰ মাজত থাকি তেওঁলোকৰ সমস্যাৰ বুজ লৈ কাম কৰিবলৈ আহিছোঁ : কুংকি চৌধুৰী
নিৰ্বাচনী বতৰত বিশেষভাৱে চৰ্চাত কনিষ্ঠতম প্ৰাৰ্থী কুংকি চৌধুৰী । যুৱ প্ৰাৰ্থী কুংকি চৌধুৰীৰ নিৰ্বাচনী ইছ্যু কি ? এক প্ৰতিবেদন ।

Published : March 25, 2026 at 8:19 PM IST
গুৱাহাটী: ৯ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক বিৰোধী সকলোৱে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ । এই সময়ছোৱাত বিশেষভাৱে চৰ্চাত থকা এগৰাকী প্ৰাৰ্থী হৈছে মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ যুৱ প্ৰাৰ্থী কুংকি চৌধুৰী । আটাইতকৈ কম বয়সীয়া প্ৰাৰ্থী হিচাপে বিবেচিত হোৱা কুংকি চৌধুৰীৰ বয়স মাত্ৰ ২৭ বছৰ ।
২৭ বছৰীয়া কুংকি চৌধুৰীয়ে বিদেশত উচ্চশিক্ষা গ্ৰহণ কৰাৰ পিছত জনসাধাৰণৰ হৈ কিবা এটা কৰাৰ ইচ্ছাৰে ৰাজনীতিত প্ৰৱেশ কৰিছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নতুনকৈ গঠন হোৱা মধ্য গুৱাহাটী সমষ্টিত পৰা কুংকি চৌধুৰীৰ প্ৰাৰ্থিত্ব বিজেপিৰ প্ৰাৰ্থীৰ বাবে প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছে । লণ্ডনৰ ইউনিভাৰ্চিটি কলেজৰ পৰা Master of Arts in Education Leadership স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা কুংকিক কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ সহযোগী অসম জাতীয় পৰিষদে (AJP) তেওঁক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ।
তেওঁ বিজেপিৰ জ্যেষ্ঠ নেতা বিজয় কুমাৰ গুপ্তাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । শিক্ষা সম্পূৰ্ণ হোৱাৰ পিছত পৰিয়ালৰ জৰিয়তে বিভিন্ন সামাজিক কামকাজৰ সৈতে জড়িত থকা কুংকিয়ে এইবাৰ ৰাজনীতিত প্ৰৱেশ কৰিছে । ইতিমধ্যে কুংকি চৌধুৰীয়ে বুধবাৰৰ পৰা আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ।
নিৰ্বাচনী প্ৰচাৰৰ মাজতে ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰাজনীতিত প্ৰৱেশ সন্দৰ্ভত কুংকিয়ে কয়,"বহু বছৰ ধৰি পৰিয়ালৰ জৰিয়তে সামাজিক কাম-কাজ কৰি আছিলোঁ । এইবাৰ ৰাজনীতি কৰিবলৈ ওলাই আহিছোঁ । মই যিহেতু বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী, মোক সকলো দলে সহায় কৰিছে ।"
তেওঁ পুনৰ কয়,"অসমক প্ৰথমত ৰাখি অসম জাতীয় পৰিষদ দলৰ জন্ম হৈছিল । অসম প্ৰথম আদৰ্শই মোক আকৰ্ষিত কৰিছে । তেওঁলোকৰ লক্ষ্য হ'ল অসম প্ৰথম আৰু চিৰদিন । অসমৰ ৰাইজক কি লাগে, সেই লক্ষ্যটো তেওঁলোকে আগত ৰাখিছে । মোৰ আদৰ্শ যিহেতু তাৰ লগত মিলে সেয়ে মই অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হৈ নিৰ্বাচন খেলিম বুলি সিদ্ধান্ত ল'লোঁ ।"
কি কি ইছ্যু লৈ আগবাঢ়ি আহিছে কুংকি, সেই সন্দৰ্ভত ক'লে এইদৰে, "মধ্য গুৱাহাটীত বিভিন্ন সমস্যা আছে, কিন্তু মই মূলতঃ পাঁচটা ইছ্যু লৈ ৰাইজৰ মাজলৈ আহিছোঁ । ৰাজহুৱা আন্তঃগাঁথনি, নৱপ্ৰজন্মৰ স্কীলৰ বাবে লক্ষ্য আগত লৈ আগবাঢ়িছোঁ । মই ট্ৰেইনিং হাব চেন্টাৰ এটাৰ কথা নৱপ্ৰজন্মৰ বাবে ভাবিছোঁ । চাকৰিৰ বাবে হওক বা ষ্টাৰ্টআপৰ বাবে হওক আগবাঢ়িবলৈ চাপ'ৰ্ট চিষ্টেম নাই । সেই বাবে মই সমষ্টিৰ যুৱপ্ৰজন্মৰ বাবে ট্ৰেইনিং হাব চেন্টাৰ খুলিব বিচাৰিছোঁ ।"
বিজেপি প্ৰাৰ্থী বিজয় গুপ্তা তেওঁৰ বাবে কিমান প্ৰত্যাহ্বান হ'ব সেই সম্পৰ্কে তেওঁ কয়,"মই মানুহৰ বাবে মানুহৰ মাজত থাকি তেওঁলোকৰ সমস্যাৰ বুজ লৈ কাম কৰিব আহিছোঁ । মই ৰাইজক এটাই জনাবলৈ আহিছোঁ যে মই নতুন আৰু নতুন উদ্যমেৰে কাম কৰিবলৈ আহিছোঁ ।"

