ETV Bharat / politics

জীৱনৰ শেষৰটো নিৰ্বাচন খেলিব বিচাৰিছে ৰাজেন গোহাঁয়ে

ৰাজেন গোহাঁইৰ প্ৰশ্ন- মানৱতা অবিহনে এজন ৰজা হোৱাটো উচিত জানো ?

Rajen Gohain
নিৰ্বাচন খেলিব বিচাৰিছে ৰাজেন গোহাঁয়ে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 5, 2026 at 9:02 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও : জীৱনৰ অন্তিম কালত নিৰ্বাচন খেলাৰ ইচ্ছা ৰাজেন গোহাঁইৰ । বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সন্মুখত বিজেপিৰ বিৰুদ্ধে পুনৰ বিস্ফোৰণ ঘটাই প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ নেতা ৰাজেন গোহাঁয়ে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ।

গেৰুৱা সাজ ত্যাগ কৰি আঞ্চলিকতাবাদৰ পোচাক পৰিধান কৰা ৰাজেন গোহাঁয়ে নগাঁৱৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিষয়টো ৰাজনৈতিক মহলত চর্চা লাভ কৰাৰ সময়তে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি প্ৰাক্তন বিজেপি নেতা ৰাজেন গোহাঁয়ে কয়, "জীৱনৰ অন্তিম কালত এটা নিৰ্বাচন খেলিব বিচাৰিছোঁ । অতীতৰ ৰাজনৈতিক জীৱনকালত কৰিব নোৱৰা কাম কৰিব পাৰো নেকি তাৰ বাবে এবাৰ নিৰ্বাচন খেলিব বিচাৰো । মই বিজেপিৰ মানুহ আছিলোঁ । বঢ়মপুৰত বিজেপিৰ ভেটি ময়েই গঢ়ি তোলা । সমগ্ৰ অসমতেই বিজেপিৰ ভেটি মই বনাইছিলোঁ । আমি গঢ়া ভেটিত আজি বাহিৰা মানুহ আহি গ্ৰাস কৰি লৈছে । যাৰ বাবে মই ওলাই আহিবলগীয়া হ'ল ।"

নিৰ্বাচন খেলিব বিচাৰিছে ৰাজেন গোহাঁয়ে (ETV Bharat)

বিজেপিৰ কৰ্মীসকলকো সমৰ্থন আগবঢ়াবলৈ আহ্বান জনাই ৰাজেন গোহাঁয়ে কয়, "আমি এখন নতুন অসম গঢ়িব লাগে য'ত ঘৃণাৰ কোনো স্থান নাই । য'ত সকলো জাতি জনগোষ্ঠীক সমান দৃষ্টিৰে চোৱা হয় । বিভাজনে কেতিয়াও আমাক শক্তিশালী কৰি নাৰাখে । দুৰ্বল কৰি ৰাখিব । গতিকে বিভাজনবিহীন এখন সমাজ গঢ়ি আমি সকলোৱে আগবাঢ়ি যাওঁ । এতিয়া যি দেখিছোঁ কোনো জাতি-জনগোষ্ঠী সুখী নহয় । এতিয়া মিঞাক তুচ্ছ তাচ্ছিল্য কৰি হিন্দুৰ মন জয় কৰাটো সম্ভৱ নহয় । মিঞা সকলো মানুহ । গৰিয়া-মৰিয়াসকলক খিলঞ্জীয়াৰ স্থান দিয়া হৈছে । এনে ক্ষেত্ৰত ইছলাম বুলি অন্য কাৰোবাক হাঁহিলে তেওঁলোককো হাঁহাৰ নিচিনা হ'ব । ইমান ঘৃণা আৰু বিভাজনমুখী সমাজক এনেদৰে আগবাঢ়িব দিলে মানুহে আমাক হাঁহিব ।"

তেওঁ লগতে কয়, "মই এজনো বিধায়ক নথকা এটা সৰু দলত যোগদান কৰিছোঁ । গতিকে মই স্বাৰ্থৰ কাৰণে অহা বুলি কোনোবাই ভাবিলে সেয়া ভুল হ'ব । এইটো হয়তো মোৰ শেষ ৰাজনীতি হ'ব । জীয়াই থকালৈকে এই ৰাজনৈতিক দলটোৰ হৈ কাম কৰি যাম । ৰিক্সাচালকলৈ মোৰ বেয়া লাগে ।" মিঞাসকলক কষ্ট দিয়াৰ কথা কোৱা মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰসংগত ৰাজেন গোহাঁইৰ প্ৰশ্ন- মানৱতা অবিহনে এজন ৰজা হোৱাটো উচিত জানো ?

লগতে পঢ়ক :জালুকবাৰীত 'পৰিৱৰ্তন'ৰ বাৰ্তা বিলাবলৈ গৈ বিপাঙত কংগ্ৰেছ : ফেপেৰি পাতি ধৰিলে বিজেপি কৰ্মীয়ে