গৌৰৱ ল'ৰা ৰজা, ৰিপুণ শকুনি, ৰকিবুল লালুকসোলা ! কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ দাদুল বৰকাকতি
গৌৰৱ গগৈ বৰ্তমান কংগ্ৰছৰ ল'ৰা ৰজা ৷ লালুকসোলাটো ৰকিবুল হুছেইন ৷ ৰিপুণ বৰা শকুনি ৷ এই অভিযোগ প্ৰাক্তন কংগ্ৰেছ নেতা দাদুল বৰকাকতিৰ ৷

Published : March 22, 2026 at 10:15 PM IST
তেজপুৰ: গৌৰৱ গগৈ, ৰকিবুল হুছেইনৰ বিৰুদ্ধে পুনৰ সৰৱ হ'ল শোণিতপুৰ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি দাদুল বৰকাকতি ৷ দেওবাৰে শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত দাদুল বৰকাকতিয়ে দাবী কৰে যে কংগ্ৰেছৰ ভিতৰত বহুদিন ধৰি গোটবাজি আৰু ক্ষমতাৰ সংঘাত চলি আহিছে ৷
তেওঁ কয়, "গৌৰৱ গগৈ বৰ্তমান কংগ্ৰছৰ ল'ৰা ৰজা ৷ লালুকসোলাটো হৈ আছে ৰকিবুল হুছেইন ৷ ৰিপুণ বৰা শকুনিৰ ভূমিকা লৈ আছে ৷ ৰিপুণ বৰাই নিজে মুখ্যমন্ত্ৰী হোৱাৰ সপোন নেদেখিলে ৷ এতিয়া গৌৰৱ গগৈ যাতে মুখ্যমন্ত্ৰী হ'ব নোৱাৰে তাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হৈছে ৰিপুণ বৰাই ৷ নহ'লে তেওঁ পাঁচটা সমষ্টি একলগে নিগিলে নহয় ৷ তেওঁ যেতিয়া আদিবাসীৰ ৰাইজৰ ভোটৰ লাভৰ বাবে সমষ্টিলৈ আহিলে তেতিয়া আদিবাসী ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হ'ল ৷"
তেওঁ লগতে কয়, "প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অতি ঘণিষ্ঠ আছিল হিমন্ত বিশ্ব শৰ্মা, ৰকিবুল হুছেইন আৰু ৰিপুণ বৰা ৷ ষড়যন্ত্ৰ কৰি হিমন্ত বিশ্ব শৰ্মাক দলৰ পৰা খেদিলে ৰকিবুল হুছেইন আৰু ৰিপুণ বৰাই ৷ বৰ্তমানেও গৌৰৱ গগৈৰ ৰাজনৈতিক কেৰিয়াৰ শেষ কৰিবলৈ এই দুয়োজন ব্যক্তিয়ে ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ ফলত ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈয় কংগ্ৰেছৰ পৰা যাবলগীয়া হ'ল ৷ কিছুদিনৰ পাছতে এই দুই ব্যক্তিৰ বাবে দেৱব্ৰত শইকীয়াই দল এৰিবলগীয়া হ'ব ৷"
তেওঁ লগতে কয়, "যি দলত আত্মসন্মান নাই, সেই দলত থাকি লাভ নাই ৷ মই দলটোৰ বাবে সকলো দিছিলো ৷ জীৱনৰ ১৬-২০বছৰ দলৰ বাবে দিলো ৷ কিন্তু মোৰ ত্যাগৰ মূল্য নিদিলে দলটোৱো ৷ মই কোনো ব্যক্তিগত লাভ বা ৰাজনৈতিক সুবিধাৰ বাবে দল ত্যাগ কৰা নাই, বৰঞ্চ ৰাইজৰ সেৱা কৰাৰ উদ্দেশ্যৰেই এই সিদ্ধান্ত লোৱা হৈছে ৷ গৌৰৱ গগৈয়ে বৰ্তমান চেল্ফি উঠাৰ বাহিৰে আন একো নাজানে ৷”
বৰকাকতিয়ে পুনৰ অভিযোগ কৰে যে বৰ্তমান নেতৃত্বই বাস্তৱ ৰাজনৈতিক দায়িত্বৰ সলনি প্ৰচাৰমূলক কাৰ্যকলাপত অধিক গুৰুত্ব দিছে ৷ সিদ্ধান্তসমূহত সাধাৰণ কৰ্মীসকলৰ কোনো ভূমিকা নাই আৰু বহু গুৰুত্বপূৰ্ণ বিষয়ত স্বচ্ছতাৰ অভাৱ দেখা যায় ৷ কিছুমান ক্ষেত্ৰত দলীয় কাৰ্যকলাপত স্বচ্ছতা নাই আৰু সিদ্ধান্তসমূহত সাধাৰণ কৰ্মীসকলক অন্তৰ্ভুক্ত কৰা নহয় বুলিও তেওঁ অভিযোগ কৰে ৷
আনহাতে কিছুদিন পূৰ্বে জামুগুৰিহাটৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ কোনো ৰাজৈতিক দলৰ সভাপতিক নিমন্ত্ৰণ কৰা নাছিল সংঘই এই অভিযোগ উত্থাপন কৰে বৰকাকতিয়ে ৷ তেওঁ লগতে কয়, "সেই সময়তে কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশত নদুৱাৰত অধিৱেশন চলি থকা সময়ত কন্যাকক লৈ প্ৰতিবাদ কৰিবলৈ কোৱা হৈছিল ৷ মই সেই সময়ত প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰিবলৈ কৈছিলো ৷ কাৰণ এখন ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হৈ থকা সময়ত এনেধৰণৰ কাৰ্যসূচী ভাল নহয় ৷ যাৰ বাবে প্ৰাৰ্থীৰ পৰা মোক বঞ্চিত কৰিলে ৷"
লগতে পঢ়ক :ৰাজীৱ ভৱনত প্ৰদ্যুৎ বৰদলৈৰ ফটোত জোতা, চেণ্ডেলৰ কোব কংগ্ৰেছ কৰ্মীৰ

