সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ তথ্যপ্ৰমাণ ৰাজহুৱা হ'ব জানুৱাৰীতে : ক'লে মুখ্যমন্ত্রীয়ে
‘‘আমি জানুৱাৰী মাহৰ ভিতৰতে যিমানখিনি দিব পাৰো, সেই গোটেইখিনি আপোনালোকক দিম । বিষয়টো অসমৰ ৰাইজে জনা দৰকাৰ’’ - গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী ৷

Published : January 9, 2026 at 11:50 PM IST
গুৱাহাটী: ‘‘কংগ্ৰেছৰ গোটেই নিৰ্বাচনটো অবৈধ বাংলাদেশীৰ ভোট, এইটোৱেই হ'ল তেওঁলোকৰ ভোটবেংক’’ - এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ । শুকুৰবাৰে নিশা কেবিনেট বৈঠকৰ পাছতে সম্বোধন কৰা সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্রীয়ে ।
মুখ্যমন্ত্রীয়ে কয়, ‘‘দুৰ্ভাগ্যৰ কথা যে অসমৰ মিঞা মুছলমানসকলে তেওঁলোকক টকা-পইচাও দিব লাগে, আসনো ল'ব লাগে আৰু বিপদৰ সময়ত কংগ্ৰেছে তেওঁলোকৰ কোনো খবৰ কৰিবলৈ নাহে । আজিলৈকে হোৱা কোনো এটা উচ্ছেদত গৌৰৱ গগৈ যোৱা নাই । আমাৰ ভোটবেংক বা আমাক ভাল পোৱা মানুহৰ ঘৰত উচ্ছেদ হ'লে আমি গ’লোহেতেন । সেইবাবে কেতিয়াবা মোৰ মিঞা মুছলমানসকলৰ বাবে বেয়া লাগে । যাক ভোট দিয়ে তেওঁলোকেও মৰম নকৰে । আমাক ভোট দিয়া মানুহখিনিক আমি মৰম কৰো । মিঞা মুছলমানসকলে দুৰ্ভাগ্য লৈ আহিছে । কংগ্ৰেছৰ কথা হ'ল ভোট লাগে আৰু টকা লাগে । কংগ্ৰেছে কেৱল প্ৰৱঞ্চনা কৰিব পাৰে । কংগ্ৰেছ কাৰো বন্ধু নহয় । তেওঁলোক নিজৰ কাৰণে আছে । এনেকুৱা নেতা ক’ৰবাত দেখিছেনে যাৰ পৰিয়ালৰ তিনিজনেই বিদেশী । এইটো এটা অদ্ভুত দল, কৈ লাভ নাই ।’’
সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, ‘‘গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ বিষয়টো ফেব্ৰুৱাৰীলৈ নিনিও । জুবিন গাৰ্গৰ হত্যাৰ ঘটনাটোৰ বাবে দিয়া হোৱা নাই । নহ'লে ছেপ্টেম্বৰ মাহতে দিয়াৰ কথা আছিল । কিন্তু ১৯ ছেপ্টেম্বৰত ঘটনাটো ঘটি গ'ল । এতিয়া আমি ঠিক কৰি লৈছো, এটা সৰু ক্লিয়াৰিফিকেচন গৃহ মন্ত্রণালয়ৰ পৰা আহিবলৈ বাকী আছে । কিন্তু সেইটো আহক বা নাহক আমি জানুৱাৰী মাহৰ ভিতৰতে যিমানখিনি দিব পাৰো, সেই গোটেইখিনি আপোনালোকক দিম । বিষয়টো অসমৰ ৰাইজে জনা দৰকাৰ । বিষয়টো ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব । ১৫-১৮ তাৰিখৰ ভিতৰত নাইবা ২৪-৩১ ভিতৰত দিম । কিন্তু ফেব্ৰুৱাৰীলৈ গৈ নাপায় । এটা ডাঙৰ ষড়যন্ত্র । অসম আৰক্ষীয়ে কৰা তদন্তৰ বহুত তথ্য প্ৰমাণ আছে । নিয়াই কৰিলে আৰু বহুত তথ্য ওলাব । আমি পোৱা তথ্যখিনিয়ে ভয়ংকৰ ।’’
ৰাজ্যসভাৰ খালী হ'বলগীয়া আসনৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, ‘‘ৰাজ্যসভাৰ তিনিখন আসনতে আমি আমাৰ প্ৰাৰ্থী দিম । আগৰবাৰ অজিত কুমাৰ ভূঞা নিৰপেক্ষ বুলি ভাবি আমি প্ৰাৰ্থী দিয়া নাছিলো । কিন্তু ৰাজ্যসভাৰ পুঁজিৰ ক্ষেত্রত কি হ'ল আমি সকলোৱে দেখিলো । সেইবাবে আমি এইবাৰ তিনিখন আসনতে প্ৰাৰ্থী দিম । দুখন আসনত জিকিম । এখনত হাৰিবও পাৰো, জিকিবও পাৰো । কিন্তু প্ৰাৰ্থী তিনিটা চিটতে দিম ।’’
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, ‘‘কংগ্ৰেছত যি কৰিলেই আমি গম পাই যাও । তেওঁলোকৰ ভিতৰতে বহুত খং । কোনোবাই কোনোবাই টিকট দিম বুলি ইতিমধ্যে ৩-৪ কোটি টকা লৈ লৈছে । ডাঙৰ ডাঙৰকৈ বিয়া পাতিছে, প্ৰাৰ্থীৰ পৰা পইচা লৈছে । কি ক'ত হয় ভগৱান জানে । কিমান যে অফিচ ভঙা যাব সেইটো সময়ত দেখা পাব । পইচা লোৱা বহুত মানুহ ওলাব । টকা খোৱাৰ বদনাম নোলোৱাৰ বাবে প্ৰিয়ংকা গান্ধীক চেয়াৰমেন পাতি দিলে । বহুত প্ৰাৰ্থীৰ পৰা পইচা ল'লে । এইবাৰ বহুত মাৰপিট হ'ব । ধুবুৰীত মানুহ থাকিবই নোৱাৰিব । ২৩ টা সমষ্টিত ৩-৪ কোটিকৈ টকা লৈছে । এজনৰ পৰা লোৱা নাই, চাৰি-পাঁচজনৰ পৰা লৈছে । ধুবুৰীত পুলিচ দিও নিয়ন্ত্রণ কৰিব পৰা নাযাব ।’’
মুখ্যমন্ত্রীয়ে লগতে কয়, ‘‘২৫ জানুৱাৰীৰৰ পৰা নতুন আঁচনি 'এটি কলি দুটি পাত' ডুমডুমাৰ পৰা আৰম্ভ হ'ব । অসমৰ চাহ বাগিচাৰ প্ৰতিজন শ্ৰমিকে অসম চৰকাৰৰ পৰা ৫ হাজাৰ টকাৰ এটা উপহাৰ পাব । ১০ ফেব্ৰুৱাৰীৰ ভিতৰত সকলো বাগানতে গোটেই পুঁজিখিনি বিতৰণ কৰা হ'ব । আনহাতে ২৯ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আহিব । ডিব্ৰুগড়ত তেখেতে অসম বিধানসভাৰ দ্বিতীয়টো চৌহদ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব । সেইদৰে ১১ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আহিব আৰু উত্তৰ গুৱাহাটীৰ ৰংমহলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰিব ।’’
লগতে পঢ়ক: জুবিন গাৰ্গৰ হত্যাৰ ন্যায়ৰ বাবে বিশিষ্ট আইনজ্ঞৰ দল গঠন : কেবিনেটৰ পাছতে ক’লে মুখ্যমন্ত্রীয়ে

