ETV Bharat / politics

প্ৰাক্তন মুখ্য়মন্ত্ৰীৰ নাতিনী, বিধায়কৰ কন্য়ালৈ নিৰ্বাচন আয়োগৰ জাননী

"হয়তো মোৰ ছোৱালীজনীক নিৰ্বাচন আয়োগে বিদেশী বুলি ভাবিব পাৰে । সেইবাবে ছোৱালীজনীক মাতিছে ।" বিধায়ক পিতৃৰ ক্ষোভ ৷

Election Commission notification for the daughter of MLA Diganta Barman
বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত কন্য়াৰ হৈ শুনানিত উপস্থিত হৈ বিধায়ক দিগন্ত বৰ্মন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 25, 2026 at 7:35 AM IST

2 Min Read
Choose ETV Bharat

নলবাৰী : ৰাজ্য়ৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ নাতিনী তথা বৰ্তমানৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ কন্য়ালৈ নিৰ্বাচন আয়োগে প্ৰেৰণ কৰিছে জাননী । বিধায়কগৰাকীৰ কন্য়াই নতুন ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আৱেদন কৰাৰ পিছত শুনানিত উপস্থিত হ'বলৈ নিৰ্বাচন আয়োগে জাননী প্ৰেৰণ কৰে ।

মঙলবাৰে বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত কন্য়াৰ হৈ শুনানিত উপস্থিত থাকি বিধায়ক দিগন্ত বৰ্মনে এইক্ষেত্ৰত ক্ষোভ প্ৰকাশ কৰে । বিধায়ক বৰ্মনে কয়, "মোৰ ছোৱালীজনীৰ ১৮ বছৰ হোৱাত গণতান্ত্ৰিক অধিকাৰ হিচাপে নতুন ভোটাৰৰ বাবে আৱেদন কৰিছিলো । আৱেদন প্ৰক্ৰিয়া অনলাইন কৰোতে প্ৰথমে নাকচ কৰা হৈছিল । পিছত পুনৰ ৬ নং ফৰ্ম যোগে অনলাইন আৱেদন কৰিলো । অনলাইন আৱেদন কৰা পিছত জাননী যোগে শুনানিলৈ মাতে; কিন্তু আচৰিত কথা এয়াই যে আৱেদন কৰা অন্য লোকক শুনানিত উপস্থিত হোৱাৰ জাননী দিয়া নাই ।"

বিধায়কৰ কন্য়ালৈ নিৰ্বাচন আয়োগৰ জাননী সন্দৰ্ভত প্ৰতিক্ৰিয়া (ETV Bharat Assam)

কিছুমান নিৰ্দিষ্ট ব্যক্তিক মাতিছে বুলি অভিযোগ কৰি বিধায়ক বৰ্মনে কয়, "হয়তো মোৰ ছোৱালীজনীক নিৰ্বাচন আয়োগে বিদেশী বুলি ভাবিব পাৰে । সেইবাবে ছোৱালীজনীক মাতিছে । চৰকাৰী নিয়ম অনুসৰি ছোৱালীজনীৰ হৈ মই হাজিৰ হৈছো । তাই মেডিকেল পঢ়ি আছে ।" একমাত্ৰ কংগ্ৰেছ বিধায়কৰ কন্য়া হোৱা বাবে শুনানিত উপস্থিত হ'বলৈ জাননী দিয়া বুলি অভিযোগ কৰে বিধায়ক দিগন্ত বৰ্মনে ।

Election Commission notification for the daughter of MLA Diganta Barman
বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত কন্য়াৰ হৈ শুনানিত উপস্থিত হৈ বিধায়ক দিগন্ত বৰ্মন (ETV Bharat Assam)

"বৰক্ষেত্ৰী সমষ্টিত যিকোনো প্ৰকাৰে কংগ্ৰেছৰ ভোট কাটিব লাগে ।" এইদৰে মন্তব্য় কৰি বিধায়কগৰাকীয়ে কয় যে ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ জৰিয়তে কংগ্ৰেছৰ সমৰ্থকৰ পৰিয়ালৰ ভোট কৰ্তনৰ চেষ্টা কৰিছে । কোনো আইন নামানি প্ৰকৃত ভাৰতীয়লৈ জাননী প্ৰেৰণ কৰি হাৰাশাস্তি কৰি থকা বুলি অভিযোগ কৰে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক:অসমলৈ নিৰ্বাচনী প্ৰস্তুতিৰে নিৰ্বাচন আয়োগ; অসমত তিনিদিন কি কৰিব নিৰ্বাচন আয়োগৰ প্ৰতিনিধিসকলে ?

ভোটাৰে কি কয় : জানো আহক নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ ভোটাৰৰ মনৰ কথা