ETV Bharat / politics

অসম বিধানসভা নিৰ্বাচন ২০২৬ : মুঠ ৭৮৯ প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা নিৰ্বাচন আয়োগৰ

অসমৰ উপৰিও কেৰালাৰ ৯৮৫ আৰু পুডুচেৰীৰ ৩৬৬ গৰাকী প্ৰাৰ্থী মনোনয়ন বৈধ ঘোষণা নিৰ্বাচন আয়োগৰ ।

Assam Assembly Election 2026
ভাৰতৰ নিৰ্বাচন আয়োগ (IANS)
author img

By ETV Bharat Assamese Team

Published : March 26, 2026 at 9:53 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : অসম বিধানসভা নিৰ্বাচনৰ ১২৬ টা সমষ্টিৰ বাবে মুঠ ৮১৫ গৰাকী প্ৰাৰ্থীয়ে মুঠ ১,৩৮৯ খন মনোনয়ন পত্ৰ দাখিল কৰিছিল । তাৰ ভিতৰত ৭৮৯ গৰাকী প্ৰাৰ্থী মনোনয়ন বৈধ হিচাপে ঘোষণা কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে । বুধবাৰে এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই প্ৰকাশ কৰে নিৰ্বাচন আয়োগে । অসমৰ লগতে কেৰালা, পুডুচেৰীত হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰাৰ্থীয়ে দাখিল কৰা মনোনয়নৰ ভিতৰত বৈধ মনোনয়নৰ তথ্য ৰাজহুৱা কৰিছে নিৰ্বাচন আয়োগে । সেই তথ্য অনুসৰি অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ বাবে ৭৮৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ পোৱা গৈছে ।

নিৰ্বাচন আয়োগে মনোনয়ন পৰীক্ষাৰ অন্তত জনাইছে যে কেৰালাৰ ১৪০ টা সমষ্টিৰ বাবে ৯৮৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ আৰু পুডুচেৰীৰ ৩০ টা সমষ্টিৰ বাবে ৩৬৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ পোৱা গৈছে । ইয়াৰ উপৰিও গোৱা, কৰ্ণাটক, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ মনোনয়নৰ বৈধতা সম্পৰ্কেও নিৰ্বাচন আয়োগে গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে ।

Assam Assembly Election 2026
প্ৰাৰ্থী মনোনয়ন বৈধতা সম্পৰ্কে নিৰ্বাচন আয়োগৰ প্ৰেছ বিবৃতি (ECI)

নিৰ্বাচন আয়োগে জনোৱা মতে গোৱাত ১ টা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব । য'ত ৩ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰিছে । একেদৰে কৰ্ণাটকৰ ২ টা সমষ্টিত ৫০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ, নাগালেণ্ডত ১ টা সমষ্টিত ৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ আৰু ত্ৰিপুৰাত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ১ টা সমষ্টিত মুঠ ৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰিছে ।

নিৰ্বাচন আয়োগে উল্লেখ কৰা মতে অসম, কেৰালা আৰু পুডুচেৰীৰ লগতে উপ-নিৰ্বাচন হ'বলগীয়া ৪ ৰাজ্যত মনোনয়ন দাখিলৰ ২৩ মাৰ্চ অন্তিম তাৰিখ আছিল । ৰিটাৰ্ণিং বিষয়াসকলে ২৪ মাৰ্চৰ পৰা এই মনোনয়নসমূহ পৰীক্ষা কৰিছে । ইফালে ২৬ মাৰ্চৰ বিয়লি ৩ বজাৰ ভিতৰত ইচ্ছ্যুক প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব বুলিও নিৰ্বাচন আয়োগে উল্লেখ কৰিছে ।

লগতে পঢ়ক :

৮১৫ গৰাকী প্ৰাৰ্থীৰ ১৩৮৯ খন মনোনয়নৰ ৫১ খন বাতিল : তিনিগৰাকী নিৰ্দলীয়ৰ প্ৰত্যাহাৰ