১৮ জুনত ১০ ৰাজ্যৰ ২৪খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৮ জুন । অৱসৰ ল’বলগীয়া সদস্যসকলৰ মাজত আছে খাৰ্গে, দেৱেগৌড়াও ৷

Published : May 22, 2026 at 1:38 PM IST
নতুন দিল্লী: ১৮ জুনত ২৪খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ শুকুৰবাৰে নিৰ্বাচন আয়োগে এই তথ্য সদৰী কৰে ৷ নিৰ্বাচন আয়োগে উল্লেখ কৰা মতে, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মধ্যপ্ৰদেশ, কৰ্ণাটক, গুজৰাটক, ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ আৰু ঝাৰখণ্ড - এই ১০খন ৰাজ্যৰ ২৪ খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ এই উচ্চ সদনৰ (ৰাজ্যসভা) আসনসমূহৰ বাবে আয়োগে নিৰ্বাচন ঘোষণা কৰে, কাৰণ বৰ্তমানৰ সদস্যসকলৰ কাৰ্যকাল অহা দুমাহৰ ভিতৰত শেষ হ’ব বুলি জানিব পৰা গৈছে ।
নিৰ্বাচন আয়োগৰ সূচী অনুসৰি, ৰাজ্যসভাৰ ২৪ খন আসনৰ ভিতৰত গুজৰাট, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ চাৰিখন, ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ তিনিখন, ঝাৰখণ্ডৰ দুখনৰ লগতে মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ পৰা এখনকৈ আসন আছে ।
STORY | EC announces Rajya Sabha polls for 24 seats on June 18
— Press Trust of India (@PTI_News) May 22, 2026
The Election Commission on Friday announced polls for 24 Rajya Sabha seats on June 18.
In a statement, the EC said the elections for the Rajya Sabha seats will be held in 10 states where the incumbents are retiring… pic.twitter.com/CwLFmTyLdc
ইফালে মধ্যপ্ৰদেশত অৱসৰ লোৱা সদস্যসকলৰ ভিতৰত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিং । কৰ্ণাটকত ৰাজ্যসভাৰ পৰা অৱসৰ লোৱা সদস্যসকলৰ ভিতৰত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জনতা দলৰ জ্যেষ্ঠ নেতা এইচ ডি দেৱেগৌড়া আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গে ।

নিৰ্বাচন আয়োগে দিয়া তথ্য মতে, নিৰ্বাচনৰ বাবে অধিসূচনা ১ জুনত জাৰি কৰা হ’ব আৰু মনোনয়ন দাখিলৰ শেষ তাৰিখ ৮ জুন । পিছদিনা মনোনয়ন পত্ৰৰ তদন্ত হ’ব । প্ৰাৰ্থী প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১১ জুন ।
নিৰ্বাচন আয়োগে উল্লেখ কৰা মতে, ১৮ জুনত ভোটগ্ৰহণ হ’ব ৷ পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈ বিয়লি ৪ বজালৈকে এই ভোটগ্ৰহণ চলিব ৷ ভোটগ্ৰহণৰ পৰৱৰ্তী পৰ্যায়ত ইয়াৰ ভোটগণনা হ’ব ।
The Election Comission of India has announced bye-elections to the Council of States from Maharashtra and Tamil Nadu, to fill up two vacancies after Maharashtra Deputy Chief Minister Sunetra Pawar and AIADMK leader C Ve Shanmugam resigned.
— ANI (@ANI) May 22, 2026
The polling date and the counting date… pic.twitter.com/96eeMoo6Sp
নিৰ্বাচন আয়োগে কয় যে বেলট পেপাৰত প্ৰাথমিক পচন্দ চিহ্নিত কৰিবলৈ কেৱল পূৰ্বনিৰ্ধাৰিত নিৰ্দিষ্টতা থকা ইণ্টিগ্ৰেটেড বেঙুনীয়া ৰঙৰ স্কেচ পেনহে ব্যৱহাৰ কৰা হ’ব, যিটো ৰিটাৰ্নিং অফিচাৰে প্ৰদান কৰিছে । ওপৰত উল্লেখ কৰা নিৰ্বাচনত পচন্দৰ চিহ্নিতকৰণৰ বাবে আন কোনো কলম ব্যৱহাৰ কৰা নহ’ব ।
আয়োগে আৰু কয় যে নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত নিবিড়ভাৱে নিৰীক্ষণ কৰিবলৈ পৰ্যবেক্ষক নিযুক্তি দি মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা হ’ব । তদুপৰি আয়োগে মহাৰাষ্ট্ৰ আৰু তামিলনাডুৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে উপ-নিৰ্বাচন ঘোষণা কৰে ।

