ETV Bharat / politics

অসম বিধানসভা নিৰ্বাচন আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতি : প্ৰাৰ্থিত্বৰ দৌৰত বহু প্ৰভাৱশালী নেতাৰ সন্তান

কেৱল কংগ্ৰেছে নহয় বিজেপিয়েও অসমত চলাইছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি । ৰাজ্য়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত বহু প্ৰাক্তন তথা বৰ্তমানৰ নেতা-মন্ত্ৰীৰ সন্তানে বিচাৰিছে টিকট ।

Assam Assembly Elections 2026
বিধানসভা নিৰ্বাচন আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 26, 2026 at 6:59 PM IST

7 Min Read
Choose ETV Bharat

গুৱাহাটী : ৰাজ্যৰ ৰাজনীতিত সাধাৰণতে চৰ্চাত থকা এটা প্ৰসংগ হৈছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি । বহু সময়ত শাসক আৰু বিৰোধীয়ে পৰস্পৰে পৰস্পৰক পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ প্ৰসংগৰে সমালোচনা কৰে । নিৰ্বাচনৰ সময়ত এই বিষয়টো বিশেষভাৱে চৰ্চালৈ আহে । সমাগত বিধানসভা নিৰ্বাচনটো এই প্ৰসংগটো চৰ্চালৈ আহিছে । ৰাজ্যত পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ প্ৰৱণতা ক্ৰমাৎ বৃদ্ধি পাইছে । সেই কথা বিধানসভা নিৰ্বাচনৰ পূৰ্বে পৰিলক্ষিত হৈছে ।

সমাগত বিধানসভা নিৰ্বাচনত এজনৰ পাছত আনজনকৈ ৰাজনৈতিক নেতাৰ পুত্র-কন্যা ৰ‍াজনীতিৰ ক্ষেত্রখনলৈ ওলাই আহিছে । ইয়াত কংগ্ৰেছ নাইবা বিজেপিৰ কথা নাই । শাসকীয় পক্ষ আৰু বিৰোধী পক্ষৰ বহু সংখ্যক নেতাই নিজৰ সন্তানক ৰাজনীতিৰ ক্ষেত্রখনত থিতাপি লগোৱাৰ বাবে উঠিপৰি লাগিছে । নিজে আঁতৰি গ'লেও যাতে পৰিয়ালৰ লোকে সেই ক্ষেত্রখন ধৰি ৰাখিব পাৰে তাৰ বাবে তেওঁলোক তৎপৰ হৈ পৰিছে । যেন ৰাজনীতিৰ প্ৰভাৱৰ পৰা কেতিয়াও মুক্ত হ'ব নিবিচাৰে । নিজে নহ'লেও পৰিয়ালৰ লোক থকাটো বিচাৰে । সাধাৰণতে ৰাজনীতি কৰা সকলে ৰাজনীতিৰ মোহ এৰিব নোৱাৰে । বিগত নিৰ্বাচনসমূহতো তেনে মানসিকতাৰ বহু প্ৰতিফলন দেখিবলৈ পোৱা গৈছিল ।

ৰাজ্যৰ ৰ‍াজনীতিত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি :

ৰাজ্যৰ ৰাজনৈতিক ইতিহাসৰ পৰা চালে প্রয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শ‍ইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়া, প্রয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ, প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলৰ ভাতৃ-পুত্র আৰু বৰাকৰ প্ৰাক্তন মন্ত্রী গৌতম ৰয়ৰ পত্নী আৰু পুত্ৰৰ লগতে পৱন সিং ঘাটোৱাৰৰ পত্নী জীৱনতাৰা ঘাটোৱাৰ, ভৰত নৰহৰ পত্নী ৰাণী নৰহ, ৰূপম কুৰ্মীৰ পুত্ৰ ৰূপজ্যোতি কুর্মী, প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ পত্নী জয়শ্ৰী গোস্বামী মহন্ত আদিকে ধৰি বহু নেতাৰ পৰিয়ালৰ লোক ৰাজনীতিৰ পথাৰখনলৈ আহিছিল । ৰাজ্যৰ ৰাজনীতিত পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ এনে অলেখ উদাহৰণ আছে ।

Assam Assembly Elections 2026
বিজেপিৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি (ETV Bharat)

সমাগত নিৰ্বাচন আৰু শাসকীয় দলত পৰিয়াকেন্দ্ৰিক ৰাজনীতি :

এইবাৰ কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলৰে জ্যেষ্ঠ নেতাৰ সন্তান তথা নতুন প্ৰজন্মৰ বহু সংখ্যক যুৱক-যুৱতীয়ে পিতৃ-মাতৃৰ পৰিচয়েৰে প্রার্থিত্ব বিচাৰি ওলাই আহিছে । বিজেপিৰ জ্যেষ্ঠ নেতা তথা ছট্টিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ কন্যা আয়ুস্মিতা ডেকাই এইবাৰ বিজেপিৰ পৰা প্রার্থিত্ব বিচাৰিছে । অলপতে বিজেপিত যোগদান কৰা উচ্চ শিক্ষিত আয়ুস্মিতা ডেকাই পিতৃৰ ৰাজনৈতিক দৰ্শনেৰে পলাশবাৰী সমষ্টিৰ পৰা দলীয় টিকট বিচাৰিছে ।

Assam Assembly Elections 2026
বিজেপিৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি (ETV Bharat)

আনহাতে প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেত্ৰী বিজয়া চক্ৰৱৰ্তীৰ কন্যা বিধায়িকা সুমন হৰিপ্ৰিয়াই এইবাৰ পলাশবাৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বিচাৰিছে । পূর্বতে দুবাৰকৈ দলীয় টিকট লাভ কৰা সুমন হৰিপ্ৰিয়াই প্রতিনিধিত্ব কৰা হাজো সমষ্টিটো এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সংৰক্ষিত হোৱাত সমষ্টি হেৰুওৱা সুমন হৰিপ্ৰিয়াই পলাশবাৰী সমষ্টিলৈ ঢাপলি মেলিছে । বয়সৰ বাবে সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰত থকা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী বিজয়া চক্ৰৱৰ্তীয়ে এইবাৰো নিজ কন্যাক টিকট দিয়াবৰ বাবে তৎপৰ হৈ পৰিছে । চৰ্চা অনুসৰি কন্যাক প্রার্থিত্ব প্ৰদানৰ বাবে মাতৃ বিজয়া চক্ৰৱৰ্তীয়ে দিল্লীলৈ গৈ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি দলৰ বহুকেইগৰাকী শীর্ষ নেতাক সাক্ষাতো কৰিছে ।

লক্ষণীয় বিষয় যে বিজেপিয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰাৰ বাবে কংগ্ৰেছক সততে সমালোচনা কৰে । কিন্তু সেই বিজেপি দলেই বিগত সময়ছোৱাত প্ৰয়াত কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ পুত্ৰ কনাদ পুৰকায়স্থক ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত কৰি দিল্লীলৈ প্ৰেৰণ কৰিছিল । যাক লৈ সেই সময়ত ব্যাপক চৰ্চা হৈছিল ।

ইফালে কংগ্ৰেছৰ পৰা গৈ বিজেপিত যোগদান কৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মন্ত্রী প্ৰয়াত অঞ্জন দত্তৰ কন্যা অংকিতা দত্তইও এইবাৰ শিৱসাগৰৰ পৰা প্রার্থিত্ব বিচাৰিছে । পিতৃ জীয়াই থাকোতেই ৰাজনীতিত প্ৰৱেশ কৰা অংকিতা দত্তই বিগত বিধানসভাৰ নিৰ্বাচনত আমগুৰিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে থিয় দি পৰাজিত হৈছিল ।

অংকিতা দত্তৰ দৰেই জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্রাক্তন মন্ত্রী অকণ বৰাৰ পুত্ৰ মানস বৰাই বিজেপিত যোগদান কৰাৰ পাছত এইবাৰ দিছপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে । মানস বৰাই আনকি সমষ্টিটোত বিভিন্ন স্থানত বেনাৰ, পোষ্টাৰ লগাই ব্যাপক প্ৰচাৰ আৰম্ভ কৰিছে । এনেদৰে এইবাৰ বিজেপিত বহু প্ৰভাৱশালী নেতাৰ সন্তানে টিকটৰ আশা কৰিছে ।

বিৰোধী কংগ্ৰেছ শিবিৰত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি :

ইফালে কংগ্ৰেছত এইবাৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ আধাৰত বহুতেই দলীয় টিকট বিচাৰি আবেদন কৰিছে । ইয়াৰে ভিতৰত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈয়ে দেউতাকৰ পূৰ্বৰ সমষ্টি মাৰ্ঘেৰিটাৰ পৰা প্রার্থিত্ব বিচাৰিছে । একেদৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনে পুনৰ চামগুৰিৰ পৰা দলৰ টিকট বিচাৰিছে । চামগুৰিত পূৰ্বতে উপ-নির্বাচনৰ যোগেদি ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিল তাঞ্জিল হুছেইনে । উপ-নিৰ্বাচনত পৰাজিত হোৱা তাঞ্জিল হুছেইনে এইবাৰ পুনৰ টিকট বিচাৰিছে ।

Assam Assembly Elections 2026
পৰিয়ালকেন্দ্ৰিক ! (ETV Bharat)

আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰেও চাবুৱা-লাহোৱালৰ পৰা প্রার্থিত্ব বিচাৰিছে । সেইদৰে প্ৰাক্তন সাংসদ কিৰিপ চলিহাৰ পুত্র অৰ্কাশীষ চলিহাই গুৱাহাটী চেণ্ট্ৰেলৰ পৰা দলীয় প্রার্থিত্ব বিচৰাই নহয় সমষ্টিটোত ইতিমধ্যে নির্বাচনী প্ৰচাৰো আৰম্ভ কৰিছে । সেইদৰে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা পংকজ বৰাৰ পুত্ৰ শান্তনু বৰাইও নিউ গুৱাহাটীৰ পৰা দলীয় প্রার্থিত্ব বিচাৰি আৱেদন কৰিছে ।

Assam Assembly Elections 2026
পৰিয়ালকেন্দ্ৰিক ! (ETV Bharat)

নতুনকৈ গঠন হোৱা বীৰচিং জৰুৱা সমষ্টিৰ পৰা পুনৰ এইবাৰ প্রার্থিত্ব বিচাৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ৱাজেদ আলী চৌধুৰীৰ পুত্ৰ স্বাৱাব চৌধুৰীয়ে । আনহাতে লাহৰীঘাটৰ বৰ্তমানৰ বিধায়ক ড৹ আছিফ মহম্মদ নাজাৰ হৈছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নজৰুল ইছলামৰ পুত্ৰ । দেউতাকৰ পথেৰেই ৰাজনীতিলৈ অহা কংগ্ৰেছী বিধায়ক গৰাকীয়ে দ্বিতীয়বাৰৰ বাবে বিধায়ক হোৱাৰ মানসেৰে এইবাৰো লাহৰীঘাটৰ পৰা প্রার্থিত্ব বিচাৰি আৱেদন কৰিছে । এনে পৰিস্থিতিত কংগ্ৰেছত এইবাৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ মাধ্যমেৰে বহুতে টিকট বিচাৰি আবেদন কৰিছে । অৱশ্যে ইয়াৰে কিমানে টিকট পাই সেয়া লক্ষণীয় হ'ব ।

Assam Assembly Elections 2026
বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী (ETV Bharat)
Assam Assembly Elections 2026
কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী (ETV Bharat)

বৃদ্ধি পাইছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ প্ৰভাৱ :

শাসক-বিৰোধীয়ে পৰস্পৰে পৰস্পৰক সমালোচনা কৰিলেও কিন্তু পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা কোনো দলেই মুক্ত নহয় । বিগত লোকসভা আৰু উপ-নিৰ্বাচনতো তাৰ কেইবাটাও উদাহৰণ আছে । পৰিয়ালকেন্দ্ৰিক এনে ৰাজনীতিৰ বাবেই বহু সময়ত দলীয় সংঘাত পৰিলক্ষিত হয় আৰু বহু সময়ত দলীয় যোগ্য নেতা বঞ্চিত হয় । সাধাৰণতে পিতৃ-মাতৃৰ ৰাজনৈতিক পৰিচয়েৰে সন্তানৰ ৰাজনীতিৰ ক্ষেত্রখনত প্ৰৱেশৰ সুবিধা সহজ হয় । যাৰ বাবে ৰাজ্যখনত এতিয়া পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ প্ৰভাৱ বেছিকৈ দেখিবলৈ পোৱা গৈছে ।

এই সন্দৰ্ভত বিশিষ্ট সমাজকৰ্মী তথা সমালোচক শতঞ্জীৱ দাসে কয়, "পিতৃ মন্ত্রী-বিধায়ক নাইবা সাংসদ বা প্ৰভাৱশালী নেতা হ'লে সন্তানৰ বাবে ৰাজনীতিলৈ অহাটো তেনেই সহজ হৈ পৰে । এইক্ষেত্রত বহুতে ক'ব বিচাৰে যে চিকিৎসক-অভিযন্তাৰ সন্তান যদি চিকিৎসক-অভিযন্তা হ'ব পাৰে তেন্তে ৰাজনীতিকৰ সন্তান কিয় ৰাজনীতিলৈ আহিব নোৱাৰে । কিন্তু কথাটো হ'ল যে চিকিৎসক নাইবা অভিযন্তাৰ সন্তান চিকিৎসক নাইবা অভিযন্তা হ'বলৈ হ'লে সেই যোগ্যতা অৰ্জন কৰিব লগা হয় । এনেয়ে হ'ব নোৱাৰে । কিন্তু ৰাজনীতিকৰ সন্তান ৰাজনীতিলৈ আহি মন্ত্ৰী-বিধায়ক নাইবা সাংসদ হ'বলৈ হ'লে তেনে কোনো পৰীক্ষা দিব নালাগে । পিতৃ নাইবা মাতৃয়ে গঢ়ি তোলা ৰাজনৈতিক পৰিৱেশ তেওঁলোকৰ বাবে সমল হৈ পৰে । অৱশ্যে ৰাজনৈতিক প্ৰেক্ষাপট নথকা নতুনকৈ ৰাজনীতিত অহাসকলে যথেষ্ট কষ্ট কৰি নিজৰ ভেটি গঢ়িবলগীয়া হয় । কিন্তু পৰিয়ালকেন্দ্ৰিক ৰাজনীতি ৰেডিমেড হোৱাৰ বাবে ৰাজ্যখনত এতিয়া পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হৈছে । আনহাতে একো একোজন নেতাই নিজে গঢ়া ৰাজনৈতিক সাম্ৰাজ্যখন আন কাৰোবাক এৰি দিব নিবিচৰাৰ বাবেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ প্ৰভাৱ বৃদ্ধি পাইছে ।"

লগতে পঢ়ক :

কংগ্ৰেছ কৰ্মীয়ে গৌৰৱ গগৈক কৰিলে ঘেৰাওঃ সৰুপথাৰত লাগিব কংগ্ৰেছ প্ৰাৰ্থী