ETV Bharat / politics

জালুকবাৰীত 'পৰিৱৰ্তন'ৰ বাৰ্তা বিলাবলৈ গৈ বিপাঙত কংগ্ৰেছ : ফেপেৰি পাতি ধৰিলে বিজেপি কৰ্মীয়ে

সমুখ সমৰত কংগ্ৰেছ-বিজেপি । আমিনগাঁওস্থিত বন্দ্যা ইণ্টাৰনেচনেল বিদ্যালয়ৰ সন্মুখত কংগ্ৰেছে ৰূপায়ণ কৰে 'সময় পৰিৱৰ্তনৰ' কাৰ্যসূচী । ।

During the Congress protest, BJP workers counter-protested in Amingaon
পৰিৱৰ্তনৰ বাৰ্তা বিলাবলৈ গৈ বিপাঙত কংগ্ৰেছ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 5, 2026 at 7:51 PM IST

3 Min Read
Choose ETV Bharat

আমিনগাঁও: কামৰূপৰ আমিনগাঁৱত সমুখ সমৰত বিজেপি আৰু কংগ্ৰেছ । জিন্দাবাদ-মুৰ্দাবাদ ধ্বনিৰে উত্তাল আমিনগাঁৱৰ পৰিৱেশ । আমিনগাঁওস্থিত বন্দ্যা ইণ্টাৰনেচনেল বিদ্যালয়ৰ সন্মুখত কংগ্ৰেছ দলে ৰূপায়ণ কৰে 'সময় পৰিৱৰ্তনৰ' যাত্ৰা কাৰ্যসূচী ।

মুখ্যমন্ত্ৰীৰ সমষ্টিতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী । কংগ্ৰেছৰ 'সময় পৰিৱৰ্তনৰ' যাত্ৰাত অংশগ্ৰহণ কৰি অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীয়ে বন্দ্যা ইন্টাৰনেচনেল বিদ্যালয়ৰ সমুখত সাব্যস্ত কৰে প্ৰতিবাদ ।

পৰিৱৰ্তনৰ বাৰ্তা বিলাবলৈ গৈ বিপাঙত কংগ্ৰেছ (ETV Bharat Assam)

কংগ্ৰেছ নেতা ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, ভুপেন বৰা, দেৱব্ৰত শইকীয়া, ৰিপুণ বৰা, ৰেকিবুদ্দিন আহমেদকে ধৰি একাংশ কৰ্মীয়ে দিলে 'দেশতকৈ মামী ডাঙৰ নহয়' শীৰ্ষক শ্ল'গান । জালুকবাৰী সমষ্টিত উপস্থিত হৈ গৌৰৱ গগৈয়ে সমালোচনা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক । ইফালে কংগ্ৰেছৰ প্ৰতিবাদ প্ৰতিহত কৰিবলৈ কংগ্ৰেছী নেতা-কৰ্মীকসকলক উভতি ধৰিলে জালুকবাৰী সমষ্টিৰ শতাধিক বিজেপি কৰ্মীয়ে ।

During the Congress protest, BJP workers counter-protested in Amingaon
'দেশতকৈ মামী ডাঙৰ নহয়' শ্ল'গানেৰে প্ৰতিবাদ (ETV Bharat Assam)

শতাধিক বিজেপি কৰ্মী আৰু কংগ্ৰেছ কৰ্মীয়ে জিন্দাবাদ-মুৰ্দাবাদ ধ্বনিৰে সৃষ্টি কৰে এক উত্তাল পৰিৱেশৰ । কংগ্ৰেছ সভাপতি গৌৰৱ গগৈক বাংলাদেশী মিঞাৰ দালাল আৰু পাকিস্তানৰ এজেণ্ট আখ্যাৰে তুলাধূনা দিয়ে বিজেপি কৰ্মীয়ে । শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰা আৰু হিমন্ত বিশ্ব শৰ্মাক ব্যক্তিগত আক্ৰমণৰ লক্ষ্য কৰি লোৱা কংগ্ৰেছক সকীয়নি দিয়ে জালুকবাৰী সমষ্টিৰ বিজেপি কৰ্মীসকলে ।

'সময় পৰিৱৰ্তনৰ' যাত্ৰাত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, "মাটি বচাওক জাতি বচাওক শীৰ্ষক এই যাত্ৰা আজি আমি আৰম্ভ কৰিছোঁ আমিনগাঁওস্থিত ব্যক্তিগত খণ্ডৰ বন্দ্যা ইণ্টাৰনেচনেল বিদ্যালয়ৰ পৰা । ৮ হাজাৰ চৰকাৰী স্কুল বন্ধ কৰি ব্যক্তিগত বিদ্যালয় খোলাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ । এইখন বিদ্যালয়ত সাধাৰণ মানুহৰ ল'ৰা-ছোৱালী পঢ়াৰ কোনো সুযোগ নাই । কেৱল ধনী মানুহৰ বাবেহে এই পঞ্চতাৰকা বিদ্যালয় । এই প্ৰতিবাদৰ জড়িয়তে মুখ্যমন্ত্ৰীক সকীয়াই দিছোঁ ।"

During the Congress protest, BJP workers counter-protested in Amingaon
বিজেপি কৰ্মীৰ প্ৰতিবাদ (ETV Bharat Assam)

কংগ্ৰেছৰ প্ৰতিবাদ প্ৰতিহত কৰি বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ সম্পাদক গংগাধৰ দাসে কয়, "বাংলাদেশী মিঞাৰ দালাল আৰু পাকিস্তানৰ এজেণ্ট গৌৰৱ গগৈয়ে আমিনগাঁওস্থিত শিক্ষাৰ মন্দিৰ বন্দ্যা ইন্টাৰনেচনেল বিদ্যালয়লৈ আহি পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰিছিল । আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে তাক প্ৰতিহত কৰি সকীয়াই দিছোঁ । ভৱিষ্যতে যাতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ব্যক্তিগত আক্ৰমণৰ লক্ষ্য কৰি নলয় ।"

During the Congress protest, BJP workers counter-protested in Amingaon
'সময় পৰিৱৰ্তনৰ' যাত্ৰা কাৰ্যসূচী (ETV Bharat Assam)

কংগ্ৰেছৰ প্ৰতিবাদ প্ৰতিহত কৰি বিজেপি বেজেৰা মণ্ডলৰ যুৱ মৰ্চাৰ উপ-সভাপতি সীমান্ত চমুৱাই কয়, "মিঞাৰ মাদ্ৰাছা বন্ধ কৰি দিয়াৰ বাবে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ অসুবিধা হৈছে । যাৰ বাবে অত্যাধুনিক শিক্ষানুষ্ঠান বন্দ্যা ইণ্টাৰনেচনেল বিদ্যালয়ৰ সমুখত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছিল আৰু গৌৰৱ গগৈক ইয়াৰ পৰা পহুখেদা দিছোঁ । গৌৰৱ গগৈয়ে বাংলাদেশ আৰু পাকিস্তানত গৈ যি কৰে কৰিব, অসমত স্থান নাই ।"

লগতে পঢ়ক: কামাখ্যাত সেৱা লৈ কংগ্ৰেছ ওলাল : 'সময় পৰিৱৰ্তনৰ' বাৰ্তা দিব ৰাইজক

বিধানসভা বৃত্তান্ত : জানো আহক পাথাৰকান্দি বিধানসভা সমষ্টিক