মিচিং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্রকাশ
ৰাজ্যৰ আঠখন জিলাত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷

Published : August 19, 2026 at 5:12 PM IST
লখিমপুৰ : সমাগত মিচিং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন ৷ পৰিষদৰ নিৰ্বাচনলৈ সাজু হৈছে ৰাজ্যৰ আঠখন জিলাৰ প্ৰশাসন ৷ উল্লেখ্য যে, ৰাজ্যৰ আঠখন জিলাক সামৰি পৰিষদখনৰ ৪০ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ তাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে সংশ্লিষ্ট জিলা কেইখনত খচৰা ভোটাৰ তালিকা প্রকাশ কৰা হয় ।
লখিমপুৰতো খচৰা ভোটাৰ তালিকা প্রকাশ কৰে জিলা প্ৰশাসনে । জিলা আয়ুক্তৰ কাৰ্যালয়ত আনুষ্ঠানিকভাবে জিলা আয়ুক্তই লখিমপুৰ জিলাত থকা পৰিষদখনৰ আঠটা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্রকাশ কৰে ।
খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰি জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিয়ে কয়,"জিলাখনৰ আঠটা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১ লাখ ৭৮ হাজাৰ ৪৮৭ জন । ইয়াৰে পুৰুষ ভোটাৰ ৯০ হাজাৰ ২৯৬ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ৮৮ হাজাৰ ১৮৮ গৰাকী ।"
তেওঁ লগতে কয়,"জিলাখনত ভোটগ্রহণ কেন্দ্রৰ সংখ্যা হৈছে ২৪৮ টা । ইয়াৰে ১৮ নং বগীনদী সমষ্টিত ভোটগ্রহণ কেন্দ্র আছে ৩১ টা । সমষ্টিটোত মুঠ ভোটাৰ ২৫ হাজাৰ ৯৯০ জন । ইয়াৰে পুৰুষ ভোটাৰ ১৩ হাজাৰ ৯৩ জন । মহিলা ভোটাৰ ১২ হেজাৰ ৮৯৫ গৰাকী । অন্য ভোটাৰ আছে ২ জন । ১৯ নং পূব তেলাহী সমষ্টিত ভোটগ্রহণ কেন্দ্র আছে ২৬ টা । সমষ্টিটোৰ মুঠ ভোটাৰ ১৬ হাজাৰ ৩৭৪ জন । ইয়াৰে ৮ হাজাৰ ৪২৮ জন পুৰুষ আৰু ৭ হাজাৰ ৯৪৫ গৰাকী মহিলা ভোটাৰ । অন্য ভোটাৰৰ সংখ্যা ১ জন ।"
জিলা আয়ুক্ত কাকতিয়ে কয়, "২০ নং অৱনৰী সমষ্টিত ভোটগ্রহণ কেন্দ্র আছে ৩০ টা । মুঠ ভোটাৰৰ সংখ্যা ১৮ হাজাৰ ৬৭৯ জন । ইয়াৰে ৯ হাজাৰ ৪৪০ জন পুৰুষ আৰু ৯ হাজাৰ ২৩৯ গৰাকী মহিলা ভোটাৰ । ২১ নং বৰ নৈ সমষ্টিত ভোটগ্রহণ কেন্দ্র ২৫ টা । মুঠ ভোটাৰ আছে ১৭ হাজাৰ ২০ জন । ইয়াৰে ৮ হাজাৰ ৫০৭ জন পুৰুষ আৰু ৮ হেজাৰ ৫১৩ গৰাকী মহিলা ভোটাৰ । ২২ নং খেৰকটা দাংধৰা সমষ্টিত ভোটগ্রহণ কেন্দ্র আছে ৩৮ টা । ভোটাৰ আছে ২৫ হাজাৰ ৯০২ জন । সমষ্টিটোৰ পুৰুষ ভোটাৰৰ সংখ্যা ১২ হাজাৰ ৯৪৩ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ১২ হাজাৰ ৯৫৮ গৰাকী ।"
তেওঁ লগতে কয়,"২৪ নং ৰঙানদী সমষ্টিত ভোটগ্রহণ কেন্দ্র আছে ৩৫ টা । মুঠ ভোটাৰ আছে ২৮ হাজাৰ ৪১৫ জন । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১৪ হাজাৰ ৩৬৭ জন আৰু মহিলা ভোটাৰ সংখ্যা হ'ল ১৪ হাজাৰ ৪৮ গৰাকী । ২৫ নং ডিক্ৰং সমষ্টিটোৰ ভোটগ্রহণ কেন্দ্রৰ সংখ্যা ৩৪ টা । মুঠ ভোটাৰ আছে ২৪ হাজাৰ ১৭৮ জন । ইয়াৰে পুৰুষ ভোটাৰ ১২ হাজাৰ ৫৬ জন আৰু মহিলা ভোটাৰ আছে ১২ হাজাৰ ১২২ গৰাকী । ৩৯ নং ঘুনাসূঁতি সমষ্টিত ভোটগ্রহণ কেন্দ্র আছে ২৯ টা । মুঠ ভোটাৰ আছে ২১ হাজাৰ ৯৩০ জন ৷"
ভোটাৰ ৰাইজৰ কিবা ওজৰ-আপত্তি থাকিলে অহা তিনি ছেপ্টেম্বৰলৈকে দাখিল কৰিব পাৰিব । নিৰ্ধাৰিত প্ৰ-পত্ৰ পূৰণ কৰি নিৰ্বাচন প্ৰাধিকাৰীৰ কাৰ্যালয়ত দাখিল কৰিব পাৰিব । অহা দহ ছেপ্টেম্বৰৰ ভিতৰত ওজৰ-আপত্তি নিষ্পত্তি কৰি ১১ ছেপ্টেম্বৰত চুড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ কৰা হ'ব বুলি জিলা আয়ুক্তই জানিবলৈ দিয়ে ।

