ETV Bharat / politics

পিতৃৰ পদাংক অনুসৰণ কৰি ''I Don't Care'' বুলি কাক ক'লে গৌৰৱ গগৈয়ে ?

''চাৰিমাহৰ পিছত ক্ষমতা যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।'' ৰাজহুৱা সভাতে জল জীৱন আঁচনি বিফলতা, কেলেংকাৰী বিৰুদ্ধে প্ৰতিবাদ গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছৰ নেতা-কৰ্মীৰ ।

Gaurav Gogoi
যোৰহাটত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ (Gaurav Gogoi's FB page)
author img

By ETV Bharat Assamese Team

Published : December 18, 2025 at 11:53 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : ''I don't care, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভয়-ভাবুকিৰ প্ৰতি মই কেয়াৰ নকৰো । মুখ্যমন্ত্ৰীয়ে কৰা ভাবুকিৰ ৰাজনীতি বেছি দিন নাথাকিব ।'' এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ।

গগৈয়ে আৰু কয়, ''অহা চাৰি মাহত শৰ্মাই নিজৰ ইচ্ছামতে সকলো কৰিব পাৰে, কিন্তু ক্ষমতা হেৰুৱালেই মানুহৰ মাজত তেওঁ থাকিব লাগিব ।''

উল্লেখ্য যে, বৃহস্পতিবাৰে উত্তৰ পশ্চিম যোৰহাট (ঢেকৰগঢ়া ) ব্লক কংগ্ৰেছ কমিটীৰ সৌজন্যত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছৰ নেতা কৰ্মীয়ে সমগ্ৰ অসমতে জল জীৱন আচনিৰ ব্যৰ্থতাৰ বাবে চৰকাৰৰ বিৰুদ্ধে ২নং দহোঢীয়াত অনুষ্ঠিত এখন ৰাজহুৱা সভাতেই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে ।

জুবিন গাৰ্গৰ চাৰ্জশ্বীট দাখিল পিছতেই সাংসদ গৌৰৱ গগৈৰ ফাইল খোল খাব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক প্ৰত্যাহ্বান জনাই গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি ''I don't care, মুখ্যমন্ত্ৰীৰ ভয় ভাবুকিক আমি কেয়াৰ নকৰো'' বুলি মন্তব্য কৰে ।

Gaurav Gogoi on Assam CM
যোৰহাটত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ (ETV Bharat)

তেওঁ কয়, ''ভাৰতবৰ্ষৰ সমূহ ৰাজ্য ভিতৰতে অসমত জলজীৱন আঁচনি বিফল হোৱা লগতে কেলেংকাৰী সংঘটিত হৈছে আৰু এই স্থান দেশৰ ভিতৰত অসম দুই নম্বৰত । অসমৰ বিভিন্ন বিষয়বস্তু, কথাক লৈ আমি দেশত গৌৰৱবোধ কৰো । তেনে সময়ত জলজীৱন আঁচনিয়ে অসমৰ স্বৰূপ দেশবাসী আগত উদঙাই দিছে ।''

Gaurav Gogoi on Assam CM
যোৰহাটত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ (ETV Bharat)

''এই আঁচনিৰ বিভাগীয় মন্ত্ৰীগৰাকী হৈছে মুখ্যমন্ত্ৰী ঘনিষ্ঠ । সেয়েহে এনেবোৰ কাৰণতে ৰাজ্যবাসীয়ে ১০ বছৰ মুখ্যমন্ত্ৰী হিচাপে চাব নিবিচাৰে হিমন্ত বিশ্ব শৰ্মাক । তেওঁ নিজকে ৰজা বুলি ভাবে, অহংকাৰী ৰজাৰ ৰাজত্ব অসমৰ ৰাইজে আৰু নিবিচাৰে । অহাবাৰ কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব, যি চৰকাৰে ৰাইজৰ সেৱক হিচাপে কাম কৰিব আৰু থাকিব ।''

গৌৰৱ গগৈয়ে আৰু কয়, ''অসমৰ চুকে কোনে য'ত জল জীৱন আচনি বিফল হৈছে, তাত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বয়ে ষ্টীকাৰ লগাব, য'ত আমি ষ্টীকাৰ লগাম তাত আহি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পুনৰ নিৰীক্ষণ কৰিবলৈ বাধ্য হ'ব ।''

''জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ যিখন চাৰ্জশ্বীট দিয়া হৈছে সেইখন দুৰ্বল চাৰ্জশ্বীট । এই চাৰ্জশ্বীটখনত মূল খলনায়কসকলক অন্তভুক্ত কৰা হোৱা নাই । এই চাৰ্জশ্বীটখনৰ জৰিয়তে শ্যামকানু মহন্তক ৰেহাই দিব পাৰি, সেয়া এক ৰণকৌশল চলিছে ।''

লগতে পঢ়ক : প্ৰথমে ছাৰ্ভে, তাৰ পিছতহে মিত্ৰতা: কংগ্ৰেছৰ খাটাং কথা

লগতে পঢ়ক : জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ চাৰ্জশ্বীটক জনসমক্ষলৈ আনিলে অখিল গগৈয়ে, আখ্যা দিলে বিজেপিৰ 'নিৰ্বাচনী ইস্তাহাৰ' বুলি