ETV Bharat / politics

ভোটাৰে কি কয় : ৫ বছৰত ধেমাজি সমষ্টিত উন্নয়ন হৈছে নে ?

বিজেপি চৰকাৰ তথা বিধায়ক ডাঃ ৰণোজ পেগুক লৈ কিমান সুখী ধেমাজি সমষ্টিৰ ৰাইজ ?

Dhemaji constituency
৫ বছৰত ধেমাজি সমষ্টিত উন্নয়ন হৈছে নে ? (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 25, 2026 at 2:55 PM IST

4 Min Read
Choose ETV Bharat

ধেমাজি : সমাগত বিধানসভা নিৰ্বাচন । প্ৰতিটো ৰাজনৈতিক দলৰে তৎপৰতা বৃদ্ধি পাইছে । প্ৰতিটো সমষ্টিতে ভোটাৰৰ মাজত সমানেই উৎকণ্ঠা বৃদ্ধি পাইছে । ধেমাজি জিলাৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টিটো হৈছে ৭৮ নং ধেমাজি বিধানসভা সমষ্টি । বিগত ২০২১ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাটীৰ প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৱে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীক ৩০,৭৯২ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল । বৰ্তমান ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ কামকাজক লৈ কিমান সন্তুষ্ট ৰাইজ ? বিগত ৫ বছৰত সমষ্টিটোৰ কি উন্নয়ন দেখিছে ৰাইজে ? জানো আহক ভোটাৰৰ মনৰ কথা ।

চৰকাৰে পুঁজি আৱণ্টন দিলেও উন্নয়ন হোৱা নাই

৫ বছৰত ধেমাজি সমষ্টিত উন্নয়ন হৈছে নে ? (ETV Bharat)

সমষ্টিৰ উন্নয়ন সন্দৰ্ভত এগৰাকী ভোটাৰে কয়, "এতিয়ালৈকে ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগুৰ দিনত দেখিলো বহু ঠাইত চৰকাৰে পইচা বহুত দিলে কিন্তু তাৰ বিনিময়ত তেওঁলোকে যদি ১০০ শতাংশ দিছে কিন্তু খুব বেছি ২০-৩০ শতাংশ কাম কৰি বাঃ বাঃ ল'ব বিচাৰিছে । কিন্তু টকা দিলেই নহ'ব ৷ সেই অনুপাতে কামো হ'ব লাগিব ৷ তেওঁলোকে সেইবিলাক কাণসাৰ নিদিয়ে ৷ পঞ্চায়তত বহুত পইচা দিছে সেই অনুপাতে কাম হোৱা নেদেখিলো ৷ কাম নোহোৱাৰ বাবে বিধায়কজনো দুখী ৷"

Dhemaji constituency
ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয় (ETV Bharat)

বৃহৎ নদীবান্ধ উৎপাদক্ষম হ'ল বিজেপি চৰকাৰৰ দিনত

আন এজন ভোটাৰে কয়, "চৰকাৰখনে শাসনলৈ অহাৰ পূৰ্বে বিদেশী খেদাৰ কথা কৈছিল যদিও শাসনলৈ অহাৰ পিছত বিদেশীক আঁকোৱালি লোৱা আমি দেখিবলৈ পাইছোঁ ৷ তাৰ সমান্তৰালকৈ বৃহৎ নদীবান্ধ তেওঁলোকৰ দিনত উৎপাদক্ষম কৰি তুলিলে । তেওঁলোকে শাসনলৈ অহাৰ পূৰ্বে বৃহৎ নদীবান্ধ বন্ধৰ বাবে দাবী জনাইছিল যদিও শাসনলৈ অহাৰ পিছত ওলোটা খৰ মাৰি বৃহৎ নদীবান্ধৰ পৰা বিদ্যুৎ উৎপাদন হৈছে । গতিকে এনে এখন চৰকাৰৰ পৰা সমাজখনৰ বিশেষ উন্নয়ন হ'ব বুলি আমি নাভাবোঁ ।"

Dhemaji constituency
ধেমাজি নগৰ (ETV Bharat)

মূল্যবৃদ্ধিৰ প্ৰভাৱ

আনহাতে সমষ্টিটোৰ এগৰাকী ভোটাৰ তথা কংগ্ৰেছ কৰ্মীয়ে কয়, "যোৱা ৫ বছৰত বিজেপি চৰকাৰৰ দিনত যি দেখিলো সৰ্বসাধাৰণ মানুহৰ অৱস্থা একেবাৰে কাহিল হৈ গৈছে ৷ বজাৰলৈ যদি আপুনি যায় দেখিব যে প্ৰতিটো সামগ্ৰীৰ দাম তিনিগুণকৈ বৃদ্ধি হৈছে ৷ মানুহে হতাশ হৈ গৈছে ৷ সৰ্বসাধাৰণৰ বাবে ভাল হৈছে বুলি ক'ব নোৱাৰোঁ ৷ এক নম্বৰত তেওঁলোকে মূল্যবৃদ্ধি ৰোধ কৰিব লাগিছিল ৷ বিৰোধী দলৰ সদস্য হিচাপে দুখীয়া শ্ৰেণীৰ বাবে সদায় মাত মাতি আহিছোঁ । দুখীয়া শ্ৰেণীৰ মানুহে টকাৰ অভাৱত চলিব নোৱাৰা হৈ গৈছে ৷ দুখীয়া মানুহ সদায় দুখীয়া হৈ গৈছে । ধনী মানুহ সদায় ধনী হৈ গৈ আছে ৷"

Dhemaji constituency
ধেমাজি নগৰ (ETV Bharat)

বিফল ডাঃ ৰণোজ পেগু

তেওঁ লগতে কয়, "পৰিৱৰ্তন দেখা নাই । যেনেধৰণে বিচাৰিছিলোঁ তেনেধৰণেৰে দেখা নাই ৷ ধনী মানুহৰ কাম কৰিছে । আজি ডাঙৰ বিল্ডিং বনাইছে মেডিকেল বনাইছে ৷ কিন্তু তাত পৰ্যাপ্ত পৰিমাণৰ ঔষধ নাই, ডাক্তৰ নাই ৷ দুখীয়া মানুহ এজন যদি মেডিকেল যায় তেন্তে হাহাকাৰ কৰিবলগীয়া হয় ৷ আগতে এইবিলাক কংগ্ৰেছ চৰকাৰ দিনতে হৈছিল । এতিয়া তেওঁলোকে পূৰ্ণাংগ ৰূপ দিছে । চৰকাৰৰ অনুদান চৰকাৰে দিব লাগিব । বিগত ৫ টা বছৰত এজন বিধায়কে যিমান কৰিব লাগে সিমানখিনি কৰা নাই ।"

Dhemaji constituency
ধেমাজি সমষ্টিত উন্নয়নমূলক প্ৰকল্প (ETV Bharat)

উন্নয়নৰ স্বাৰ্থত ৰাইজে ভোট দিব

আন এগৰাকী ভোটাৰ তথা শাসকীয় দলৰ কৰ্মীয়ে কয়, "২০১৬ চনৰ পৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত আমূল পৰিৱৰ্তন হৈছে । অসমৰ লগতে ধেমাজিতো যথেষ্ট উন্নয়ন হৈছে ৷ এইখন চৰকাৰে যথেষ্ট উন্নয়ন কৰিছে ৷ মানুহে এইবাৰো উন্নয়ন বিচাৰিছে । ২০২৬ চনত উন্নয়নৰ স্বাৰ্থত ৰাইজে ভোট দিব ৷"

Dhemaji constituency
ধেমাজি পৌৰসভাৰ কাৰ্যালয় (ETV Bharat)

বিগত ৫ বছৰৰ উন্নয়নক লৈ ধেমাজি সমষ্টিৰ ভোটাৰৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে । কিন্তু ২০২৬ ত ৰাইজে কাৰ পক্ষত ভোট দিয়ে সেয়া নিৰ্বাচনৰ ফলাফলে নিশ্চিত কৰিব ।

লগতে পঢ়ক :ভোটাৰে কি কয় : নলবাৰী সমষ্টিৰ ভোটাৰৰ মনৰ কথা...