ETV Bharat / politics

কংগ্ৰেছে অসমতো ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ বিৰোধিতা কৰে আৰু কৰ্ণাটকতো কৰে: বিমল বড়া

অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰৰ মন্তব্যক লৈ শাসক-বিৰোধীৰ কথাৰ কটাকটি । উত্তাল অসম বিধানসভাৰ সদন ।

Debate in the Assam Assembly over the under-construction semi-conductor project in Jagiroad
ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ উত্তাল সদন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 30, 2025 at 7:54 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: জাগীৰোডৰ নিৰ্মীয়মাণ ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ অসম বিধানসভাৰ মজিয়াত উত্তাল পৰিৱেশ । কংগ্ৰেছ আৰু কৰ্ণাটকৰ মন্ত্ৰী মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গেৰ মন্তব্যক লৈ সৰৱ বিজেপি মন্ত্ৰী-বিধায়ক । ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ উদ্যোগ মন্ত্ৰী বিমল বড়া আৰু বিৰোধী বিধায়ক অখিল গগৈৰ মাজত তীব্ৰ বিতৰ্ক ।

সদনৰ মজিয়াত ছেমি কণ্ডাক্টৰ প্ৰকল্প আলোচনা প্ৰসংগত ইয়াৰ ডাউন ষ্ট্ৰিম আৰু অনান্য দিশবোৰৰ ব্যাখ্যা আগবঢ়ায় উদ্যোগমন্ত্ৰী বিমল বড়াই । তাৰ মাজতেই কংগ্ৰেছে অসমৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ বিৰোধিতা কৰে ৷ এই সন্দৰ্ভত মন্তব্য কৰি কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে মন্ত্ৰী বিমল বড়া । বিমল বড়াৰ সদনত মন্তব্য,"কংগ্ৰেছে অসমতো ইয়াৰ বিৰোধিতা কৰে আৰু কৰ্ণাটকতো কৰে ৷ খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গেই কৰ্ণাটকত কয়,'অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প কিয়' ?"

ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ উত্তাল সদন (ETV Bharat Assam)

কংগ্ৰেছৰ সদস্যসকলে মন্ত্ৰী বড়াই খাৰ্গেৰ পুত্ৰৰ মন্তব্যৰ অপব্যাখ্যা আগবঢ়োৱা বুলি উভতি ধৰে । মন্ত্ৰী বিমল বড়া আৰু কংগ্ৰেছৰ সদস্যসকলৰ মাজত বিতৰ্কৰ সূত্ৰপাত ঘটে । বিৰোধী বিধায়ক জাকিৰ হুছেইন শিকদাৰে সদনত কয়,"মন্ত্ৰী বিমল বড়াই মন্তব্যৰ অপব্যাখ্যা আগবঢ়াইছে ৷ ছেমি কণ্ডাক্টৰ স্থাপন হোৱাত কোনেও বাধা দিয়া নাই । মন্ত্ৰীৰ বক্তব্যক আমি নস্যাৎ কৰিছোঁ ।"

সদনত বিজেপি সদস্যসকলেও লগে লগে গৌৰৱ গগৈ আৰু প্ৰিয়াংক খাৰ্গেৰ মন্তব্যক লৈ সৰৱ হৈ পৰে ৷ আনহাতে সদনত ছেমি কণ্ডাক্টৰৰ পৰা ৰপ্তানিক লৈ মন্ত্ৰী বিমল বড়াই সদনক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই ।

ইয়াৰ উপৰিও, বিমল বড়াই অসম পৰৱৰ্তী দিনবোৰত ছেমি কণ্ডাক্টৰৰ হাব হ’ব বুলি সদনত দাবী কৰে মন্ত্ৰী বিমল বড়াই ৷ তেতিয়াই বিৰোধী বিধায়ক অখিল গগৈয়ে বিমল বড়াক উদ্দেশ্যি কয়,"কেন্দ্ৰীয় চৰকাৰৰ পৰা কিমান টকা ছেমি কণ্ডাক্টৰ প্ৰকল্পই পাইছে আৰু ৰাজ্য চৰকাৰে কিমান টকা দিছে ? টাটাই কিমান টকা খৰছ কৰিছে ? সেই হিচাপ দি দিলে গোমৰ ফাঁক ওলাই পৰিব ৷"

সদনত বিধায়ক অখিল গগৈৰ মন্তব্য,"২৭০০০ কোটি টকাৰ ২০০০০ কোটি টকা কেন্দ্ৰীয় চৰকাৰে দিছে ...। টাটাৰ পৰা কিমান টকা পালে জনাওক...। ৭০০ বিঘা মাটি পানীৰ দামত দিছে ।" অখিল গগৈক প্ৰত্যুত্তৰ দি মন্ত্ৰী বিমল বড়াই কয়,"উন্নয়নৰ স্বাৰ্থত আমাৰ চৰকাৰে সহায় কৰিছে । ছেমি কণ্ডাক্টৰ পলিচিৰ আধাৰত এই প্ৰকল্প হৈছে ৷ ইয়াৰ সকলো তথ্য আমি দিম ৷ এই বিলাক মুকলি কথা ৷"

লগতে পঢ়ক: ছয় জনগোষ্ঠীৰ জনজাতিকৰণ : সদনত দাখিল হ'ল বহুচৰ্চিত মন্ত্রীগোটৰ প্ৰতিবেদন, নতুনকৈ আহিল এছ টি (ভেলী)

লুটুমাৰীত উচ্ছেদ, উচ্ছেদিতৰ হাহাকাৰ, ভঙা মছজিদৰ সন্মুখতে দুপৰীয়াৰ নামাজ আদায়