ETV Bharat / politics

ওড়িশাৰ ৰাজনীতিত ভূইকঁপ ! দল-সাংসদ পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ দেৱাশীষ সমান্তৰায়ৰ

বিজেডিৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰিছে ৰাজনীতিকগৰাকীয়ে ৷ নবীন পাটনায়কলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ ।

DEBASHIS SAMANTRAY RESIGNS
দেৱাশীষ সমান্তৰায়ৰ পদত্যাগ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 25, 2026 at 8:00 PM IST

5 Min Read
Choose ETV Bharat

ভূৱনেশ্বৰ: ওড়িশাৰ ৰাজনীতিত তুমুল জোকাৰণি ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সহযোগী হিচাপে পৰিচিত জ্যেষ্ঠ ৰাজনীতিক দেৱাশীষ সমান্তৰায়ৰ দল আৰু সাংসদ পদ ত্যাগে এই জোকাৰণিৰ সৃষ্টি কৰিছে ৷

সুজিত কুমাৰ আৰু মমতা মোহন্তৰ আদৰ্শ অনুসৰণ কৰি বিজেডিৰ জ্যেষ্ঠ নেতা দেৱাশীষ সমান্তৰায়ে দলত্যাগ কৰে । দল ত্যাগ কৰাৰ পিছত ৰাজ্যসভাৰ সাংসদ তথা তিনিবাৰৰ বিধায়ক সমান্তৰায়ে গেৰুৱা বসন পৰিধান কৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷

DEBASHIS SAMANTRAY RESIGNS
দেৱাশীষ সমান্তৰায়ৰ পদত্যাগ পত্ৰ (ETV Bharat)

খবৰ অনুসৰি, বিজেডি দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও ৰাজনীতিকগৰাকীয়ে পদত্যাগ কৰিছে ৷ ইতিমধ্যে দলৰ সভাপতি নবীন পাটনায়কলৈ তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে । আনহাতে, সাংসদ পদ ত্যাগৰ বাবে ৰাজ্যসভাৰ উপাধ্যক্ষ চিপি ৰাধাকৃষ্ণনলৈও তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ।

এই সিদ্ধান্ত গ্ৰহণৰ পিছতে দেৱাশীষ সমান্তৰায়ে ৰাজ্যসভা আৰু বিভিন্ন দলীয় সংগঠনত তেওঁক দায়িত্ব দিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে । দলত হৈ থকা অৱহেলাৰ অভিযোগ উত্থাপন কৰি সাংসদগৰাকীয়ে পদত্যাগ কৰা বুলিও সদৰী কৰে । দলটোৱে আৰু তেওঁৰ পৰা কোনোধৰণৰ সেৱা নিবিচৰা বুলি অনুভৱ কৰাৰ পাছত তেওঁ পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমক ব্যক্ত কৰে ৷

জ্যেষ্ঠ তথা অভিজ্ঞ ৰাজনীতিকগৰাকীয়ে নিজৰ পদত্যাগ পত্ৰত এনেদৰে উল্লেখ কৰে, ‘‘আজি(সোমবাৰে) মই বিজেডিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছো । মোক ৰাজ্যসভালৈ মনোনীত কৰাৰ বাবে দল আৰু দলৰ সভাপতিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো । ৰাষ্ট্ৰীয় পৰ্যায়ত কটক আৰু ৰাজ্যখনৰ সমস্যাসমূহ উত্থাপন কৰাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ । মই সদায় দলৰ হকে নিজকে সমৰ্পিত কৰি কাম কৰি আহিছো । বহু বছৰ ধৰি দলৰ বাবে অক্লান্তভাৱে কাম কৰিছো । মই অনুভৱ কৰোঁ দলটোৱে মোক ইচ্ছাকৃতভাৱে অৱহেলা কৰিছে । মই অনুভৱ কৰিছো যে দলক আৰু মোৰ সেৱাৰ প্ৰয়োজন নাই । সেয়েহে মই সাধাৰণ জনতাৰ স্বাৰ্থত এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছো ।’’

আনহাতে, তেওঁ পদত্যাগ সন্দৰ্ভত সামাজিক মাধ্যমতো পোষ্ট প্ৰকাশ কৰে ৷ পোষ্টটো এনেধৰণৰ, ‘‘বিজেডিৰ সভাপতি নবীন পাটনায়কৰ ওচৰত মই মোৰ পদত্যাগ পত্ৰ দাখিল কৰিছো । দল গঠনৰ পিছৰে পৰা মই সেৱা, সংগঠন আৰু নিষ্ঠাৰ নীতিৰ ওপৰত কাম কৰি আহিছো । ভৱিষ্যতেও ওড়িশাৰ জনসাধাৰণৰ বাবে মোৰ সংগ্ৰাম অব্যাহত ৰাখিম ।’’

দেৱাশীষ সমান্তৰায়ৰ ৰাজনৈতিক জীৱন

উল্লেখ্য যে, বিজেডিৰ হৈ টিকট লাভ কৰি জ্যেষ্ঠ ৰাজনীতিকগৰাকীয়ে তিনিবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছে ৷ তেওঁ ২০০০-২০০৪ চনলৈ তিৰতোলৰ পৰা আৰু ২০০৯-২০১৯ চনলৈ অৰ্থাৎ দুবাৰকৈ কটকৰ বাৰাবাটিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ দায়িত্ব পালন কৰিছিল । ২০২৪ চনত তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত হয় ।

পূৰ্বে দলৰ মুৰব্বী নবীন পাটনায়কৰ অতি ঘনিষ্ঠ দেৱাশীষে কেইবাটাও কাৰণত অসন্তুষ্টি ব্যক্ত কৰিছিল ৷ তেওঁৰ সৈতে দলৰ সভাপতিৰ মাজত দূৰত্বৰ সৃষ্টি হোৱা বুলি বাৰে বাৰে অভিযোগ উত্থাপন কৰিছিল । দলীয় সমৰ্থকসকলেও তেওঁক গুৰুত্ব নিদিয়া বুলি ৰাজনীতিকগৰাকীয়ে আন এক অভিযোগো কৰিছিল ।

এনেবোৰ কাৰণতে তেওঁ দলৰ জ্যেষ্ঠ উপ-সভাপতি পদৰ প্ৰস্তাৱ নাকচ কৰে । দেৱাশীষে শ্ৰম বিধেয়ক সন্দৰ্ভত দলৰ স্থিতি পৰিৱৰ্তনক মুকলিকৈ সমালোচনা কৰিছিল ৷ দল সম্পৰ্কে কোনোধৰণৰ মত প্ৰকাশৰ পৰাও তেওঁ বিগত সময়ত বিৰত থকা দেখা গৈছিল ৷

বিজেপিত যোগদানৰ সম্ভাৱনা

বিজেডি ত্যাগৰ পিছত দেৱাশীষ সমান্তৰায়ে গেৰুৱা শিবিৰত যোগদান কৰাৰ সম্ভাৱনা আছে । বৰ্তমান তেওঁ নতুন দিল্লীত থকাৰ বিপৰীতে মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, ৰাজ্যিক বিজেপিৰ সভাপতি মনমোহন সমল, সংগঠন মন্ত্ৰী মানস মহান্তিও উপস্থিত হৈছে । সেয়ে সোমবাৰ বা মঙলবাৰে ৰাজনীতিকগৰাকীয়ে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে ৷

যদি দেৱাশীষ সমান্তৰায়ে বিজেপিত যোগদান কৰে, তেন্তে কটক, তিৰতোল, পাৰাদীপৰ ৰাজনীতিত তেওঁৰ প্ৰভাৱ পৰিলক্ষিত হ’ব । আনহাতে, তেওঁ সুজিত কুমাৰ আৰু মমতা মোহন্তৰ দৰে পুনৰ ৰাজ্যসভালৈ প্ৰত্যাৱৰ্তন ঘটাবও পাৰে ৷

দলীয় প্ৰতিক্ৰিয়া

নেতাগৰাকীৰ পদত্যাগ সন্দৰ্ভত বিজেডিৰ মুখপাত্ৰ লেনিন মহান্তিয়ে এনেদৰে কয়, ‘‘দেৱাশীষ সমান্তৰায়ৰ দলত্যাগে বিজেডিত কোনো প্ৰভাৱ পেলাব নোৱাৰে ৷ পাঁচবাৰকৈ দলীয় টিকট লাভ কৰিছে দেৱাশীষ সমান্তৰায়ে । দলৰ সভাপতিৰ আশীৰ্বাদত তিনিবাৰকৈ বিধায়ক হিচাপেও নিৰ্বাচিত হৈছিল ৷ অৱশ্যে নিজৰ ভুলৰ বাবে দুবাৰকৈ পৰাজয়ৰ সন্মুখীন হৈছিল ৷ তেওঁ দলৰ বিভিন্ন সাংগঠনিক দায়িত্ব লৈ ৰাজ্যসভালৈ নিৰ্বাচিত হয় ৷ ব্যক্তিগত স্বাৰ্থৰ বাবে তেওঁ দল আৰু ৰাজ্যসভাৰ পদ ত্যাগ কৰিছে । যোৱা চাৰি বছৰত তেওঁ দললৈ একো অৱদান আগবঢ়োৱা নাই । প্ৰতিকূল পৰিস্থিতিত তেওঁ দলৰ সৈতে সংযুক্ত হোৱা নাই । ব্যক্তিগত স্বাৰ্থৰ বাবে তেওঁ দল এৰিলে । কটকত তেওঁৰ কোনো সমৰ্থক নাই ।’’

মুখপাত্ৰগৰাকীয়ে লগতে কয়, ‘‘দিল্লীত তেওঁ কোনোদিনেই মাত মতা নাছিল । দিল্লীত বহু লোকে দলৰ হৈ মাত মাতি আহিছে । এতিয়া দলীয় কৰ্মীৰ সংখ্যা বাঢ়িছে । তেওঁলোকে আশা কৰাতকৈ বহু বেছি ধন দিছে বিজেডিয়ে । ৰাজ্যৰ বিধানসভাত বিজেডিৰ আসন ৫ খনলৈ হ্ৰাস হৈছে । ৰাজ্যসভাত বিজেডিৰ সদস্য সংখ্যা ছয়ৰ পৰিৱৰ্তে পাঁচখনলৈ হ্ৰাস পাইছে । দেৱাশীষৰ সমান্তৰায়ৰ পদত্যাগৰ পিছত এই সংখ্যা আৰু হ্ৰাস পাইছে ।’’

লগতে পঢ়ক: ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটা অনুষ্ঠান, উত্তৰ-পূবৰ চাৰিগৰাকীৰ লগতে ৬৬লৈ পদ্ম সন্মান