ETV Bharat / politics

কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত ল'লে ডি কে শিৱকুমাৰ

শিৱকুমাৰৰ উপৰিও উপ-মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য তেৰজন মন্ত্ৰীয়ে একেটা অনুষ্ঠানতে শপতগ্ৰহণ কৰে ।

D K Shivakumar takes oath as Karnataka Chief Minister
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে ডি কে শিৱকুমাৰৰ শপতগ্ৰহণ (D K Shivakumar x account)
author img

By ETV Bharat Assamese Team

Published : June 3, 2026 at 7:34 PM IST

2 Min Read
Choose ETV Bharat

বেংগালুৰু: কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ডি কে শিৱকুমাৰৰ শপতগ্ৰহণ ৷ বুধবাৰে কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰূপে শপত লয় ৷ লোকভৱনত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল থাৱাৰচন্দ গেহলটে শিৱকুমাৰক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় ৷

ভাৰতৰ সংবিধানৰ প্ৰতিলিপি হাতত লৈ শিৱকুমাৰে সন্যাসী ‘গংগাধৰ আজ্জা’ৰ নামত শপতগ্ৰহণ কৰে । শিৱকুমাৰৰ উপৰিও উপ-মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য তেৰজন মন্ত্ৰীয়ে একেটা অনুষ্ঠানতে শপতগ্ৰহণ কৰে । উল্লেখ্য যে, কংগ্ৰেছৰ এক সূত্ৰই প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ পুত্ৰ যতীন্দ্ৰ সিদ্দাৰমাইয়াই নতুন মন্ত্ৰীসভাত স্থান লাভ কৰা সম্ভাৱনা থকা বুলি পূৰ্বতেই প্ৰকাশ কৰিছিল ।

বিগত ২৮ মে’ত মুখ্যমন্ত্ৰী পদৰ পৰা এছ সিদ্দাৰমাইয়াই পদত্যাগ কৰাৰ পাছতে অনুষ্ঠিত হৈছিল কংগ্ৰেছ দলৰ এক বিশেষ বৈঠক ৷ ৩০ মে’ত এই বিশেষ বৈঠক অনুষ্ঠিত হোৱাৰ পিছত ৰাজ্যখনৰ কংগ্ৰেছ বিধানসভা পাৰ্টীৰ নেতা নিৰ্বাচিত কৰা হয় । সেই একেখন বৈঠকতে কংগ্ৰেছে বিধায়িনী দলৰ নেতা হিচাপে ডি কে শিৱকুমাৰক নিৰ্বাচিত কৰা হয় আৰু ভোক্কালিগা সম্প্ৰদায়ৰ ৬৪ বছৰীয়া প্ৰভাৱশালী নেতা শিৱকুমাৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত হৈ পৰে ৷ শিৱকুমাৰে সিদ্দাৰমাইয়াৰ মন্ত্ৰীসভাত উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

নতুন মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া, এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু ৰণদীপ সিং সূৰ্যেৱালা, লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈ, কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, কেইবাগৰাকীও শীৰ্ষ কংগ্ৰেছ নেতা, গণ্যমান্য ব্যক্তি আৰু আমন্ত্ৰিত অতিথি উপস্থিত থাকে ।

আনহাতে, ডি কে শিৱকুমাৰৰ শপতগ্ৰহণ অনুষ্ঠানত বিভিন্ন মঠ-মন্দিৰৰ সাধু-সন্নাসীকে ধৰি বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: লণ্ডনৰ ব্ৰিটিছ পাৰ্লিয়ামেণ্টত প্ৰতিধ্বনিত হ’ব অসমৰ বৈষ্ণৱ সংস্কৃতি