বিধানসভা বৃত্তান্ত : জানো আহক জালুকবাৰী সমষ্টিক
২০০১ চনৰ পৰা জালুকবাৰী সমষ্টি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দখলত আছে । ৩ বাৰ কংগ্ৰেছৰ হৈ আৰু দুবাৰ বিজেপিৰ হৈ জয়ী হৈছে ।

Published : January 4, 2026 at 6:49 PM IST
গুৱাহাটী: বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তৎপৰতা আৰম্ভ হৈছে । শাসক-বিৰোধী উভয় পক্ষৰ মাজতে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে । এইবাৰ প্ৰথমবাৰৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বিধানসভা সমষ্টিৰ সংখ্যা পূৰ্বৰ দৰে ১২৬ টা আছে যদিও প্ৰায় সংখ্যক সমষ্টিৰে সীমাৰ ব্যাপক সালসলনি হৈছে ।
বহু সমষ্টি বিলুপ্ত হোৱাৰ বিপৰীতে বহু সমষ্টি নতুনকৈ কৰা হৈছে । আজিৰ এই প্ৰতিবেদন ৰাজ্যৰ অন্যতম এটা গুৰুত্বপূৰ্ণ আৰু বিশেষভাৱে চৰ্চাত থকা এটা সমষ্টিক লৈ প্ৰস্তুত কৰা হৈছে । সেই সমষ্টিটো হৈছে জালুকবাৰী বিধানসভা সমষ্টি । যিটো সমষ্টিৰ পৰা অপ্ৰতিদ্বন্দ্বী হিচাপে ৫ বাৰলৈ নিৰ্বাচিত হৈছে বৰ্তমানৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

জালুকবাৰী বিধানসভা সমষ্টি :
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নতুন ৰূপ পোৱা ৩৭ নং জালুকবাৰী বিধানসভা সমষ্টিয়ে নিৰ্বাচনৰ সময়ত প্ৰায়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে । গাঁও পঞ্চায়তকে ধৰি গুৱাহাটী মহানগৰীৰ কেইবাটাও ৱাৰ্ডক সামৰি আছে জালুকবাৰী বিধানসভা সমষ্টিয়ে । জালুকবাৰী সমষ্টি কামৰূপ মহানগৰ জিলাৰ এটা গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি ।

এই সমষ্টিটোৰ পৰা বৰ্তমানৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৫ বাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে । ৩ বাৰ কংগ্ৰেছৰ হৈ আৰু দুবাৰ বিজেপিৰ হৈ ড৹ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিক একেৰাহে প্ৰতিনিধিত্ব কৰি আহিছে । জালুকবাৰী সমষ্টিটো প্ৰতিষ্ঠা হৈছিল ১৯৬৭ চনত ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত জালুকবাৰী বিধানসভা সমষ্টি :
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত জালুকবাৰী সমষ্টিৰো সীমাৰ ব্যাপক পৰিৱৰ্তন হৈছে । পূৰ্বৰ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বহু এলেকা এতিয়া জালুকবাৰী সমষ্টিৰ অন্তৰ্গত । ৩৭ নং জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে পৌৰ নিগমৰ ১ নং ৱাৰ্ডৰ গাড়ীগাঁও, জালুকবাৰী, ২ নং ৱাৰ্ডৰ পদুমবড়ী, গুৱাহাটী বিশ্ববিদ্যালয়, সুন্দৰবড়ী, ৩, ৪, ৫, ৬, ৭, ৮ আৰু ৯ নং ৱাৰ্ডৰ পাণ্ডু, মালিগাঁও, গোশালাৰ বৃহৎ অঞ্চল, ১০ নং ৱাৰ্ডৰ বৰাগাঁৱৰ কিছু অংশ আৰু ১৩ নং ৱাৰ্ডৰ ফটাশিলৰ কিছু অংশ ।

সমষ্টিটোত লগতে অন্তৰ্ভুক্ত হৈছে ৰাণী উন্নয়ন খণ্ড আৰু উত্তৰ গুৱাহাটী পৌৰসভাৰ অংশ । পূৰ্বতে ১৩ নং ৱাৰ্ডটো পূৰ্বৰ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিল ।
জালুকবাৰী বিধানসভা সমষ্টিৰ ভোটাৰ :
সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰকাশ কৰা হৈছে খচৰা ভোটাৰ তালিকা । খচৰা ভোটাৰ তালিকা অনুসৰি জালুকবাৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২ লাখ ১০ হাজাৰ ৬২৪ গৰাকী । ইয়াৰ ভিতৰত আছে পুৰুষ ভোটাৰ ১,০০,৪০৭ জন, মহিলা ভোটাৰ ১,১০,২০৯ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ৮ গৰাকী । সমষ্টিটোত পুৰুষৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা বেছি । সমষ্টিটোত ভোটকেন্দ্ৰৰ সংখ্যা ২২২ টাৰ পৰা ২৪৭ টালৈ বৃদ্ধি কৰা হৈছে ।
জালুকবাৰী বিধানসভা সমষ্টিৰ ৰাজনৈতিক ৰূপৰেখা :
জালুকবাৰী সমষ্টিৰ বৰ্তমানৰ বিধায়ক হৈছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা । ২০০১ চনৰ পৰা বিগত ২৫ বছৰ ধৰি একেৰাহে সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে ড৹ হিমন্ত বিশ্ব শৰ্মাই । ২০২১ চনৰ নিৰ্বাচনত ড৹ হিমন্ত বিশ্ব শৰ্মাই ১,৩০,৭৬২ টা ভোট লাভ কৰি জয়ী হৈছিল । তেওঁ লাভ কৰা ভোটৰ হাৰ আছিল ৭৮.৪ শতাংশ । আনহাতে ২৮,৮৫১ টা ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল কংগ্ৰেছৰ ৰমেন বৰঠাকুৰ । তেওঁ লাভ কৰা ভোটৰ হাৰ আছিল ১৭.৩ শতাংশ ।

নিৰ্বাচনী ফলাফলৰ ইতিহাসৰ পৰা চালে জালুকবাৰী সমষ্টিত জনতা পাৰ্টী, নতুন অসম গণ পৰিষদ, অসম গণ পৰিষদ, কংগ্ৰেছ আৰু বিজেপিয়ে প্ৰতিনিধিত্ব কৰি আহিছে । অৱশ্যে দুবাৰকৈ নিৰ্দলীয় প্ৰাৰ্থীয়েও প্ৰতিনিধিত্ব কৰিছে । সমষ্টিটো সৰ্বাধিক সময় কংগ্ৰেছৰ দখলত আছিল ।
প্ৰতিষ্ঠাৰ পাছতে ১৯৬৭ চনত জালুকবাৰী সমষ্টিক নিৰ্দলীয় হিচাপে প্ৰতিনিধিত্ব কৰিছিল শৈলেন মেধিয়ে । ১৯৭২ চনত সমষ্টিটোক প্ৰতিনিধিত্ব কৰে কংগ্ৰেছৰ ৰেৱতী দাসে । ১৯৭৮ চনত জনতা পাৰ্টীৰ লক্ষ্যধৰ চৌধুৰীয়ে প্ৰতিনিধিত্ব কৰে । ইয়াৰ পিছত ১৯৮৩ চনত সমষ্টিটোৰ পৰা নিৰ্বাচিত হয় কংগ্ৰেছৰ শ্বাহ জালাল আলী । আনহাতে ১৯৮৫ চনত নিৰ্দলীয় হিচাপে, ১৯৯১ চনত নতুন অসম গণ পৰিষদৰ হৈ আৰু ১৯৯৬ চনত অসম গণ পৰিষদৰ হৈ জালুকবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰে ভৃগু কুমাৰ ফুকনে ।

তাৰ পিছত ২০০১ চনৰ পৰা জালুকবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে ড৹ হিমন্ত বিশ্ব শৰ্মাই । ২০০১ চনত, ২০০৬ চনত আৰু ২০১১ চনত কংগ্ৰেছৰ হৈ ড৹ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল । ইয়াৰ পিছত ২০১৬ চনত আৰু ২০২১ চনত ড৹ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ হৈ সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে । লক্ষণীয় বিষয় যে ১৯৯৬ চনত জালুকবাৰী সমষ্টিত অগপৰ ভৃগু কুমাৰ ফুকনৰ হাতত পৰাজিত হৈছিল ড৹ হিমন্ত বিশ্ব শৰ্মা । ইয়াৰ পিছত ২০০১ চনত ড৹ হিমন্ত বিশ্ব শৰ্মাই পৰাজিত কৰে ভৃগু কুমাৰ ফুকনক । তাৰ পিছত তেওঁৰ জয়যাত্রা অব্যাহত আছে ।

লগতে পঢ়ক :সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত অভয়াপুৰী বিধানসভা সমষ্টিৰ এক অৱলোকন

