বিৰোধীৰ ঐক্যত ফাঁট : কংগ্ৰেছৰ প্ৰতি ক্ষোভ উজাৰি সাতটা সমষ্টিত নিৰ্বাচন খেলিব চি পি আই দলে
বিৰোধী শিবিৰ ঐক্যবদ্ধ হোৱাৰ পূৰ্বেই আৰম্ভ হ'ল ফাঁট । কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভ উজাৰি চি পি আইৰ সংবাদমেল ।

Published : January 28, 2026 at 8:18 PM IST
গুৱাহাটী: আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিৰোধী শিবিৰ ঐক্যবদ্ধ হোৱাৰ পূৰ্বেই আৰম্ভ হ'ল ফাঁট । বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিৰোধী ঐক্যবদ্ধ হোৱাৰ প্ৰসংগটো চৰ্চাত থকা সময়তে বিৰোধীৰ মিত্রতাত বিভাজন আহিল । মূলতঃ কংগ্ৰেছৰ ফালৰ পৰা মিত্রতা আৰু আসন বুজাবুজিকলৈ অধিক পলম কৰাত কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভ উজাৰি চি পি আই দলে বুধবাৰে আনুষ্ঠানিকভাৱে সাতটা সমষ্টিত নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰে ।
আগন্তুক নিৰ্বাচনত সাতটা সমষ্টিত যুঁজাৰ বাবে সাজু হৈছে বামপন্থী চি পি আই দল । বুধবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি নিৰ্বাচন খেলিবলগীয়া সাতটা সমষ্টি আৰু পেনেলত থকা প্ৰাৰ্থীৰ নাম ঘোষণা কৰে চি পি আইৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে । সেই অনুসৰি শিৱসাগৰ, নাজিৰা, তিতাবৰ, মৰিগাঁও, ঢকুৱাখনা, ডিমৌ আৰু গৌৰীপুৰত চি পি আই দলে নিৰ্বাচন খেলিব ।
সংবাদমেলত কনক গগৈয়ে কয়, "যিবোৰ সমষ্টিত এজনীয়া পেনেল আহিছে সেইবোৰ চূড়ান্ত কৰা হৈছে । এজনৰ বেছি থকা সমষ্টিবোৰৰ ক্ষেত্রত ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত চূড়ান্ত কৰা হ'ব । শিৱসাগৰৰ পৰা চাৰিজনীয়া পেনেল আহিছে আৰু সেই পেনেলত আছে মদন বৰুৱা, সতেন্দ্ৰ গগৈ, অনুপ গগৈ আৰু সুহাসিনী বৰুৱা ।"
গগৈয়ে পুনৰ কয়, "ডিমৌ সমষ্টিৰ পেনেলত আছে কৃষ্ণ গগৈ, জীতেন বৰপাত্র গোঁহাই আৰু অজয় বৰা । নাজিৰা সমষ্টিৰ পেনেলত আছে কনক গগৈ আৰু তালেব আলী । তিতাবৰ সমষ্টিৰ পৰা পেনেলত নাম আহিছে বিশ্বজিৎ শইকীয়াৰ । ঢকুৱাখনাৰ পৰা আহিছে ধীৰেন কছাৰীৰ নাম । মৰিগাঁও সমষ্টিৰ পেনেলত আছে তপন ডেকা । গৌৰীপুৰ সমষ্টিৰ পেনেলত আছে শ্বেখ মনচুৰ ৰহমান ।"
সেই অনুসৰি চাৰিটা সমষ্টিত এজনীয়া পেনেল থকা বাবে প্ৰাৰ্থী চূড়ান্ত হৈছে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ প্ৰতি ক্ষোভ উজাৰি তেওঁ কয়,"কংগ্ৰেছৰ বাবে পলম হৈছে । হীৰেণ গোঁহাইৰ দৰে স্বনামধন্য বুদ্ধিজীৱিয়ে ক্ষোভত সংবাদমেল দিবলগীয়া হৈছে । বিশিষ্ট ব্যক্তিয়ে ক'বলগীয়া হৈছে । কংগ্ৰেছৰ নেতৃত্বই কথাবোৰ বুজি পোৱা নাই । গোটেই কথাখিনি কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰিছে । কংগ্ৰেছৰ বহু নেতা কেৱল ক্ষমতাকেন্দ্ৰিক ।"
চি পি আইৰ ৰাজ্যিক সম্পাদকগৰাকীয়ে কয়, "তেওঁলোকৰ সংবিধান-গণতন্ত্রৰ প্ৰতি কোনো দায়বদ্ধতা নাই । তাহানিৰ নীতি-আদৰ্শত চলা কংগ্ৰেছৰ নেতা এতিয়া নাই । কোনোবাই বেয়া পালেই কংগ্ৰেছত নীতি-আদৰ্শ নথকা বেছি সংখ্যক নেতা আছে । কংগ্ৰেছৰ বহু নেতাই ইতিহাসৰ পৰা শিক্ষা ল'ব নিবিচাৰে ।"
বিধায়ক অখিল গগৈৰ ভূমিকা সন্দৰ্ভত তেওঁ কয়, "অখিল গগৈ সমালোচনাৰ ঊৰ্দ্ধত নহয় । অখিল গগৈৰ ভেঁটি বাওপন্থীৰ ভেঁটি । ডিব্ৰুগড়ৰ নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈৰ লগ পাইছিলোঁ যদিও কোনো কথা নাপাতিলে । লোকসভা নিৰ্বাচনৰ সময়ত গৌৰৱ গগৈয়ে বাৰম্বাৰ ফোন কৰিছিল । আমাৰ পাবলৈ একো নাই আৰু হেৰুৱাবলৈ একো নাই । দেৱব্ৰত শইকীয়াৰ লগত কথা হৈছিল আৰু তেওঁ আমাৰ পৰা তালিকা বিচাৰিছিল । ৪ জানুৱাৰীত আমি আমাৰ তালিকা দিছিলো যদিও আজিলৈকে কোনো সহাৰি নাই ।"
তেওঁ পুনৰ কয়, "বহুবাৰ লগ হৈছে যদিও নিৰ্বাচন সম্পৰ্কত কোনো কথা পতা নাই । এতিয়া আৰু আমাৰ লগত কোনো কথা নাই । আমি আমাৰ প্ৰস্তুতি সাতটা সমষ্টিত চলাই গৈ থাকিম । সাতটা সমষ্টিত আমি খেলিম । ইয়াৰ ভিতৰত যদি দুটামান এৰিবলগীয়া হয় তেন্তে কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত লোৱা হ'ব । আমি ৰাইজৰ ওচৰত ক্ষমাপ্ৰাৰ্থী । আমি বিজেপি জয়ী হোৱা কোনো কাম নকৰো । আমাৰ য'ত শক্তি আছে তাত আমি খেলিম । বাকী সমষ্টিত আমি বিজেপি বিৰোধী শিবিৰক সমৰ্থন জনাম । এতিয়া আপোচ কৰাৰ কথা নাই ।" সংবাদমেলত উপস্থিত থাকে দলটোৰ কেইবাজনো নেতা ।

