ETV Bharat / politics

নিৰ্বাচনত কংগ্ৰেছৰ অৱস্থা বহুত বেয়া হ'ব : মুখ্যমন্ত্ৰী

আগন্তুক নিৰ্বাচনত বিৰোধী কংগ্ৰেছৰ শোচনীয় পৰাজয় হ'ব বুলি নিশ্চিত মুখ্যমন্ত্ৰী । বৰ অসম গঢ়াৰ সপোন দেখা গৌৰৱ গগৈকো কৰিলে সমালোচনা ।

Himanta Biswa Sarma
নিৰ্বাচনত কংগ্ৰেছৰ অৱস্থা বহুত বেয়া হ'ব : মুখ্যমন্ত্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 28, 2026 at 8:15 PM IST

5 Min Read
Choose ETV Bharat

লখিমপুৰ : "মই নাভাবো যে বিৰোধীৰ কিবা স্থিতি আছে । কংগ্ৰেছৰো কিবা স্থিতি আছে । কংগ্ৰেছক মাত্ৰ এটা কমিউনিটীয়ে সমৰ্থন কৰে । তাৰ বাহিৰে মই নাভাবো যে বিৰোধীৰ কিবা ভূমিকা থাকিব । মই এতিয়ালৈকে ৮০ খন মিটিং কৰিলো । মানুহৰ মাজত বহুত দিন আছো । পালচটো মই বুজি পাওঁ । এইবাৰ কংগ্রেছৰ অৱস্থা বেয়া হ'ব । বহুত বেয়া অৱস্থা হ'ব ।" এনেদৰে বিৰোধীক আক্ৰমণ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

বুধবাৰে লখিমপুৰৰ ৰঙানদী সমষ্টিত মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণ সভাত অংশগ্রহণ কৰি সাংবাদিকক সম্বোধন কৰি তেওঁ এইদৰে মন্তব্য কৰে । তেওঁ উল্লেখ কৰা মতে ৰঙানদী সমষ্টিত ২৫ হাজাৰ মহিলাক চেক বিতৰণ কৰা হ'ল । ৰাজ্যৰ ৯৬ টা সমষ্টিত ইতিমধ্যে পুঁজি বিতৰণ কৰা হৈছে আৰু অনাগত সময়ত বাকী থকা ৩০ টা সমষ্টিতো এই পুঁজি বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে ।

নিৰ্বাচনত কংগ্ৰেছৰ অৱস্থা বহুত বেয়া হ'ব : মুখ্যমন্ত্ৰী (ETV Bharat Assam)

গৌৰৱ গগৈয়ে ল'ৰা-ছোৱালী দুটাক প্ৰথমে অসমীয়া কৰক

কংগ্ৰেছৰ বৰ অসম গঢ়াৰ সংকল্পক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক সমালোচনা কৰে । তেওঁ কয়, "বিৰোধীত মোক মানুহে ৰাখিলেহে থাকিম । মানুহে মোক বিৰোধীত নাৰাখে । মই কি কৰিম ? আজি যদি মানুহে বিজেপিক হৰুৱাই দিয়ে, জালুকবাৰীত মোক হৰুৱাই দিয়ে মইতো বিৰোধীত থাকিম । কিন্তু মানুহে মোক নহৰুৱাই নহয় । মানুহে বিজেপিকে জিকাব । ভগৱানৰ আশীর্বাদত মই জালুকবাৰীত জিকাৰ সম্ভাৱনা আছে । গতিকে গৌৰৱ গগৈৰ যিটো আশা সেয়া তেওঁ পাকিস্তানত গৈ প্ৰেয়াৰ কৰক । ইয়াত নহ'ব ।"

তেওঁ লগতে কয়, "উজনি অসম বুলি ক'লে আমি যিটো বুজি পাওঁ তাত ৫০ খন আসন নাই । গৌৰৱ গগৈক যদি তিনিচুকীয়াৰ পৰা গোলাঘাটলৈ সমষ্টি কেইটাৰ নাম সোধা হয় তেন্তে মই ১০০ শতাংশ নিশ্চিত যে তেওঁ সমষ্টি কেইটাৰ নাম ক'ব নোৱাৰে । তেওঁ এজন যেনেকৈ টুৰিষ্ট আহে তেনেকৈ আহি ইয়াত টুকুৰিয়াই চাইছে কিবা এটা হ'ব পাৰে নেকি ? তেওঁৰ অসমৰ প্ৰতি কোনো দায়বদ্ধতা নাই । তেওঁ যদি অসম আৰু অসমীয়াক ভাল পালেহেঁতেন । তেওঁ এই কেইদিন কৈ আছে বৰ অসম নিৰ্মাণ কৰিম বৰ অসম নিৰ্মাণৰ কণ্ডিচন কি ? তেওঁ প্ৰথম ল'ৰা-ছোৱালী দুটাক অসমীয়া কৰক । তেওঁ কয় আমি বৰ অসমত সোমাব লাগে, তেতিয়া বৰ অসমত সোমোৱাখিনিয়ে নক'ব নেকি যে প্ৰথম তোমাৰ ল'ৰা-ছোৱালী দুটাক অসমীয়া কৰা । যিজন মানুহৰ ল'ৰা-ছোৱালী দুটা অসমীয়া নহয় তেওঁ বৰ অসম নিৰ্মাণৰ নামটো কেনেকৈ ক'ব পাৰে ? তেওঁৰ বৰ অসমত কোন থাকিব ? মিঞাবিলাক হে থাকিব । বেলেগতো নাথাকে...।"

ৰঙানদী সমষ্টিত বিজেপিয়ে দিব প্ৰাৰ্থী

মিত্ৰজোঁটৰ আসন ভাগ বটোৱাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে মিত্ৰতাৰ আসন ভাগ বটোৱাৰ অহা ১৫ৰ পৰা ২০ ফেব্ৰুৱাৰীত হ'ব । ৰঙানদী সমষ্টিত বিজেপি প্ৰাৰ্থী দিয়া হ'ব বুলি তেওঁ আশ্বাস প্ৰদান কৰি কয়, "ৰঙানদীত বিজেপিৰ প্ৰাৰ্থী হ'ব । মই ১০০ শতাংশ ক'ব পাৰো । কাৰণ যোৱা লোকসভা নিৰ্বাচনত সমষ্টিটোত বিজেপি লিড পাইছিল । সেয়ে সমষ্টিটোত বিজেপিয়ে প্ৰাৰ্থী দিয়াতো নিশ্চিত । যদি অতুল বৰাই বহুত কিবা কিবি কয় সেইটো বেলেগ কথা । কিন্তু মোৰ মনৰ ইচ্ছা ইয়াত বিজেপিৰ প্ৰাৰ্থী দিয়াতো । কাৰণ সমষ্টিটোৰ ৰাইজে বিজেপিক ভোট দিবৰ বাবে প্ৰতীক্ষা কৰি আছে ।"

mmua cheque distribution
ৰঙানদী সমষ্টিত ২৫ হাজাৰ মহিলাক উদ্যমিতা আঁচনিৰ চেক বিতৰণ (ETV Bharat Assam)

তেওঁ লগতে কয়, "নাওবৈচা সমষ্টিত আমি জিকিব লাগিব । তাৰ কাৰণে আমি ভাবি চিন্তি এজন প্ৰাৰ্থী দিম ।" বৰ প্ৰয়োজন নহ'লে আন জিলাৰ পৰা প্ৰাৰ্থী আমদানি কৰা নহয় বুলি উল্লেখ কৰি তেওঁ কয়, "তেনে পৰম্পৰা আমাৰ দলত নাই । ক'ৰবাত যদি ব্যতিক্রম হয় সেইটো বেলেগ কথা । কিন্তু নাওবৈচাত বাহিৰৰ প্ৰাৰ্থী অনাৰ সম্ভাৱনা নাই ।"

মুখ্যমন্ত্ৰীৰ বাসগৃহক লৈ অখিল গগৈৰ মন্তব্যৰ প্ৰতিক্ৰিয়া

গৌৰৱ গগৈৰ সমানে অখিল গগৈকো সমালোচনা কৰে মুখ্যমন্ত্রীয়ে । তেওঁ কয়, "অসমত মুখ্যমন্ত্রীৰ বাসগৃহ এটা লাগে । কিন্তু মুখ্যমন্ত্রী কোন হয় সেইটো কোনে জানে । অজিত পাৱাৰৰ মৃত্যু নহ'ল জানো ? গতিকে অসমত মুখ্যমন্ত্রীৰ বাসগৃহ এটা লাগে কিন্তু কোন মুখ্যমন্ত্রী হয় সেইটো কোনেও নাজানে । অখিল গগৈয়ে ভাবে যে মইয়ে মুখ্যমন্ত্রী হম । গতিকে মই তেওঁক ধন্যবাদ জনাইছোঁ । মই নিজেও নাজানো ভগৱানে কাক কি লিখি দিছে । সেয়া কোনে জানে ? কিন্তু অখিল গগৈ নিশ্চিত যে মই অসমৰ মুখ্যমন্ত্রী হম । ঘৰটো মোৰ কাৰণে বনাইছে বুলি ।"

mmua cheque distribution
ৰঙানদী সমষ্টিত ২৫ হাজাৰ মহিলাক উদ্যমিতা আঁচনিৰ চেক বিতৰণ (ETV Bharat Assam)

গৃহমন্ত্ৰীৰ অসম ভ্ৰমণ

গৃহমন্ত্ৰীৰ অসম ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "গৃহমন্ত্ৰীগৰাকী ২৯ জানুৱাৰীত ডিব্ৰুগড়ত থাকিব । ৩০ জানুৱাৰীত তেওঁ অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব । ডিব্ৰুগড়তে আৰু কেইবাটাও কাৰ্যসূচীত তেওঁ অংশগ্রহণ কৰিব । তাৰ পিছত তেওঁ ধেমাজিলৈ গৈ মিচিং সাংস্কৃতিক মহোৎসৱত অংশগ্রহণ কৰিব । গধূলি গুৱাহাটীৰ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত ৰাজনৈতিক বাৰ্তালাপত অংশগ্রহণ কৰি তেওঁ ৭ বজাত পশ্চিমবংগলৈ ৰাওনা হ'ব ।"

লগতে পঢ়ক :সমষ্টিয়ে সমষ্টিয়ে দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দৌৰ, সংখ্যা বৃদ্ধি পাইছে কংগ্ৰেছ শিবিৰত