কংগ্ৰেছৰ নিৰ্বাচনী ৰণনীতি বৈঠক: গৌৰৱৰ নেতৃত্বত সম্ভৱ হ'বনে বিৰোধীৰে মিত্ৰতা ?
কংগ্ৰেছৰ ৰুদ্ধদ্বাৰ বৈঠক । আজি বিয়লি গৌৰৱ গগৈৰ আহ্বানত বিৰোধীৰ বৈঠক ।

Published : November 12, 2025 at 1:45 PM IST
গুৱাহাটী : আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে এইবাৰ বিৰোধী ঐক্যৰ বাবে আগভাগ লৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে । ইফালে বিধানসভা নিৰ্বাচনৰ নিজাকৈ ৰণনীতি প্ৰস্তুত কৰিছে কংগ্ৰেছে । ইয়াৰ বাবে মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।
কংগ্ৰেছ দলৰ পাঁচখন উপ-সমিতিৰ অধ্যক্ষসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় দলটোৰ উত্তৰ-পূবৰ প্ৰভাৰী জীতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকে ধৰি দলটোৰ সাংসদ-বিধায়কসকল । বুধবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত হয় কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক ।

আগন্তুক বিধানসভা নিৰ্বাচনক লৈ অনুষ্ঠিত বৈঠকত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিং, সহ-তত্ত্বাৱধায়ক বিকাশ উপাধ্যায় আৰু মনোজ চৌহানকে ধৰি কমিটীৰ ১৫ গৰাকী সদস্য । বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ ৰকিবুল হুছেইন, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি পৱন সিং ঘাটোৱাৰ, ৰিপুণ বৰা আৰু ভূপেন কুমাৰ বৰাকে প্ৰমুখ্য কৰি জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত কংগ্ৰেছৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণকাৰী ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হয় ।


ইফালে আজি বিয়লি অসম বিধানসভাৰ গোপীনাথ বৰদলৈ ভৱনৰ সভাকক্ষত অনুষ্ঠিত হ'ব বিৰোধী ৰাজনৈতিক দলৰ বৈঠক । লক্ষণীয় বিষয় যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ আহ্বানত এই বৈঠকৰ আয়োজন কৰা হৈছে । এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, "কংগ্ৰেছৰ নেতৃত্বত অনুষ্ঠিত হ'বলগীয়া বিৰোধীৰ এই বিশেষ বৈঠকত আগন্তুক বিধানসভা নিৰ্বাচনত বিৰোধীৰ স্থিতি সন্দৰ্ভত বিশদ আলোচনা কৰা হ'ব । এই বৈঠকত ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু বিধায়ক মনোৰঞ্জন তালুকদাৰ উপস্থিত থাকিব ।"


গুৰুত্বপূৰ্ণ কথা এয়ে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দয়িত্ব লোৱাৰ পাছত গৌৰৱ গগৈ প্ৰথমবাৰৰ বাবে বিৰোধীৰ লগত বৈঠকত বহিব । কংগ্ৰেছ দলে বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে ৰণনীতি প্ৰস্তুতৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে । ইয়াৰে অংশ হিচাপে বুধবাৰে ৰাজ্যৰ বিৰোধী শক্তিৰে মিলিত হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ।
উল্লেখ্য যে পূৰ্বে ভূপেন বৰাৰ দিনত বিৰোধী ঐক্যমঞ্চ গঠন হৈছিল যদিও কাৰ্যতঃ ফলপ্ৰসু নহ'ল । কংগ্ৰেছে বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি বিৰোধী ঐক্যমঞ্চ ভংগ হৈছিল আৰু কংগ্ৰেছ অবিহনে গঠন হৈছিল অসম সন্মিলিত মৰ্চা । এই মৰ্চাত এইবাৰ কংগ্ৰেছ থাকিবনে নাই সেই কথা বুধবাৰে বিয়লিৰ বৈঠকত চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে ।

