গৌৰৱ গগৈৰ মতে চৰকাৰ শ্যামকানু-সিদ্ধাৰ্থৰ পক্ষত; কংগ্ৰেছৰ আইনী দলে নিৰীক্ষণ কৰিব জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া
নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছে গ্ৰাম্য অৰ্থনীতিৰ বিকাশ আৰু মহিলাৰ আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিব ।

Published : January 8, 2026 at 9:14 AM IST
যোৰহাট : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াত সন্তুষ্ট নহয় কংগ্ৰেছ দল । মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিলেও চৰকাৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ স্বাৰ্থত নাই বুলিও সন্দেহ কৰিছে কংগ্ৰেছ দলে । যাৰ বাবে ন্যায় প্ৰদানৰ সমগ্ৰ প্ৰক্ৰিয়া নিৰীক্ষণৰ সিদ্ধান্ত লৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে । তাৰ বাবে কংগ্ৰেছে গঠন কৰিব এক বিশেষ আইনী দল । যিটো দলে বিচাৰ প্ৰক্ৰিয়া সম্পৰ্কে কংগ্ৰেছ দলক অৱগত কৰি থাকিব । এই কথা ঘোষণা কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ।
বুধবাৰে যোৰহাটত সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈয়ে কয়, "জুবিন গাৰ্গৰ পৰিয়ালে ন্যায় বিচাৰি চিঠি দিবলৈ বাধ্য হৈছে । কেনেদৰে আইনী প্ৰক্ৰিয়াত চৰকাৰৰ অধিবক্তা, চৰকাৰৰ আইনী ৰণ কৌশলত কিমান দুৰ্বলতা বা বিফলতা আছে, ফলত তেওঁলোকৰ মনত এটা শংকা সৃষ্টি হৈছে । আমি বাৰম্বাৰ কৈ আছোঁ জুবিন দাৰ ক্ষেত্ৰত আমাক ন্যায় লাগে । চৰকাৰে কয় আমি ন্যায় দিম, কিন্তু তাৰ বিপৰীতে পৰিয়ালৰ শংকা হৈছে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত । সেয়েহে আমি কেনেদৰে জুবিন গাৰ্গৰ ন্যায় আশা কৰিব পাৰোঁ ।"
গৌৰৱ গগৈয়ে লগতে কয়, "প্ৰথমৰ পৰাই কৈ আহিছোঁ এই চৰকাৰ জুবিন দাৰ ন্যায়ৰ পক্ষত নাই । কেনেদৰে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক বচাব পাৰে তাৰ পক্ষতহে আছে । সিদ্ধাৰ্থ শৰ্মাৰ লগত বিজেপি দলৰ উঠা বহা হৈ থাকে, একেলগে ব্যৱসায় আছে । জুবিন গাৰ্গৰ হত্যাত আৰু মানুহ জড়িত আছে কিন্তু সেইসকলৰ নাম অন্তৰ্ভুক্ত নহ'ল । ছিংগাপুৰৰ য়টত সেই সময়ত থকা লোকৰো নাম সোমোৱা নাই । সেইখিনি মানুহক তদন্ত নকৰাকৈ অভিযোগ মুক্ত কৰিলে ! আনহাতে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমি এটা বিশেষ আইনী দল বা গোট গঠন কৰিবলৈ গৈ আছোঁ । তেওঁলোকে বাহিৰৰ ফালৰ পৰা হ'লেও সমগ্ৰ প্ৰক্ৰিয়াটো মনিটৰিং কৰি থাকিব আৰু আমাক সবিশেষ জনাব । জুবিন গাৰ্গ আমাৰ ৰাইজৰ সম্পদ আৰু ৰাইজৰ সম্পদক চৰকাৰে কিয় অৱহেলা কৰি আছে ? সেয়েহে জুবিন গাৰ্গৰ বিষয়টো ফালৰি কাটিবলৈ মোক আৰু কংগ্ৰেছৰ বিষয়বোৰ আলোচনা কৰি থাকে ।"
উল্লেখ্য যে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ অংশ হিচাপে বিজেপিয়ে দেৱালত লিখন অভিযান সমগ্ৰ ৰাজ্যতে আৰম্ভ কৰিছে । কিন্তু কংগ্ৰেছে উজনিক বিশেষ প্ৰাধান্য দি শাসকীয় বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা । ইয়াৰ নেতৃত্ব দিছে যোৰহাট লোকসভাৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ।
ডিব্ৰুগড়, তিনিচুকীয়া, সোণাৰিৰ পিছত বুধবাৰে নিশা সাংসদ গৌৰৱ গগৈ যোৰহাটত উপস্থিত হৈ এক সংবাদমেল সম্বোধন কৰি কয়, "অসমৰ ৰাইজৰ লগত অন্যায় চলি আছে । কাৰণ ভোটাৰ তালিকাৰ পুনৰ নিৰীক্ষণত গুৱাহাটীত উত্তৰ প্ৰদেশ, বিহাৰৰ মানুহৰ নাম অন্তৰ্ভুক্ত হৈছে । আনহাতে যিসকল খিলঞ্জীয়া, ভূমিপুত্ৰই বিজেপিৰ বিৰুদ্ধে ভোট দিবলৈ বিচৰা নাই সেইসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ আৰম্ভ কৰিছে । এয়া বিজেপিৰ ভিতৰচ'ৰাত আলোচনাৰ বিষয় হৈ পৰিছে ।" ভোটাৰৰ খচৰা তালিকাৰ বিসংগতি সন্দৰ্ভত কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ ভূমিকা কি হ'ব তাক লৈও প্ৰশ্ন উত্থাপন কৰে গৌৰৱ গগৈয়ে ।

আনহাতে তিনিচুকীয়াত কৃষকে আলুৰ উচিত মূল্য নাপায় প্ৰতিবাদ কৰা সন্দৰ্ভত চৰকাৰক তেওঁ সমালোচনা কৰে । গৌৰৱ গগৈয়ে কয়, "চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ লোৱা নাই । তাৰ বিপৰীতে কয়লা, শিল বা বালি মাফিয়াৰ যদি এনে অৱস্থা হ'লহেঁতেন তেতিয়া পদক্ষেপ গ্ৰহণ কৰিলেহেঁতেন ।"
কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি সম্পৰ্কত তেওঁ কয়, "আমাৰ চৰকাৰ হ'লে গ্ৰাম্য অৰ্থনীতি বিকাশত গুৰত্ব দিম । কাৰণ প্ৰয়াত তৰুণ গগৈৰ এয়া সপোন আছিল । মহিলাসকলে হিতাধিকাৰী হৈ থাকিব বিচৰা নাই । সেয়া তেওঁলোকে আমাক কৈছে । তেওঁলোকে বিচাৰিছে সংস্থাপন তথা আত্মনিৰ্ভৰশীল হোৱাৰ পথ । সেই কাৰণে আমি এইবাৰ মহিলাসকলৰ বাবে বিশেষ ইস্তাহাৰ প্ৰস্তুত কৰিম ।"
ইফালে বিজেপিৰ মিত্ৰতা বা আসন ভাগ-বাটোৱাৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ স্থিতি ভাল বুলিও গৌৰৱ গগৈয়ে দাবী কৰে । মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতিৰ কথাৰ মিল নাই আৰু মিত্ৰদলবোৰৰ স্থিতিও অস্পষ্ট বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে ।
যোৰহাটত আয়োজিত এই সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক বিকাশ উপাধ্যায়, কংগ্ৰেছ নেত্ৰী ৰ'জলীনা তিৰ্কী, ৰাজীৱ লোচন পেগুকে ধৰি কেইবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে ।
লগতে পঢ়ক :অসমত হঠাৎ মৌলবাদীৰ সক্ৰিয়তা বৃদ্ধি: একতা আৰু সমন্বয় বজাই ৰাখি সাৱধানে থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

