কংগ্ৰেছে বাছনি কৰিব পৰা নাই বিৰোধী দলপতি: চৰ্চা-বিতৰ্ক অব্যাহত, শাসক পক্ষৰ কটাক্ষ
অসম বিধানসভাৰ চলিত অধিৱেশনৰ শুকুৰবাৰে দুটা দিন পাৰ হ'ল যদিও প্ৰধান বিৰোধী দল কংগ্ৰেছে চূড়ান্তই কৰিব পৰা নাই বিৰোধী দলপতি ।

Published : May 22, 2026 at 5:12 PM IST
গুৱাহাটী: নিৰ্বাচনৰ পিছত গঠিত ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশনৰ শুকুৰবাৰে আছিল দ্বিতীয়টো দিন । কিন্তু দুটা দিন পাৰ হৈ গ'ল যদিও বিৰোধী দলপতি বাছনি কৰিব পৰা নাই প্ৰধান বিৰোধী দল কংগ্ৰেছে ।
পূৰ্বতে ২৯ গৰাকী বিধায়ক থকা কংগ্ৰেছ দলে এইবাৰৰ নিৰ্বাচনত মাত্র ১৯ গৰাকী বিধায়ক লাভ কৰিলে । ইয়াৰে ১৮ গৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ আৰু এগৰাকী হিন্দু সম্প্ৰদায়ৰ । ইতিমধ্যে বৃহস্পতিবাৰে আন বিধায়কৰ লগতে কংগ্ৰেছৰ ১৯ গৰাকী বিধায়কে শপত গ্ৰহণ কৰে । কিন্তু কংগ্ৰেছে বৰ্তমানলৈকে তেওঁলোকৰ ১৯ জন বিধায়কৰ পৰা বাছনি কৰিব পৰা নাই বিৰোধী দলপতি ।
লক্ষণীয় বিষয় যে বিৰোধী দলপতি বাছনিৰ বিষয়টোক লৈ বৃহস্পতিবাৰে নিশা কংগ্ৰেছৰ সকলো নৱনিৰ্বাচিত বিধায়কৰ সৈতে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় । প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত কিন্তু বিৰোধী দলপতি বাছনি কৰাৰ ক্ষেত্রত সহমতত উপনীত নহ'ল ।
প্ৰদেশ কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ মুখপাত্রই জনোৱা মতে, যোৱানিশাৰ বৈঠকত সহমতৰ ভিত্তিত বিৰোধী দলপতি চূড়ান্ত কৰিব নোৱাৰিলে । ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, ৰিপুণ বৰা, সাংসদ ৰকিবুল হুছেইনৰ উপৰি দলৰ বৰ্তমানৰ বিধায়কসকলৰ লগতে প্রাক্তন বিধায়ক, প্রাক্তন সাংসদ আদিৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত তর্ক-বিতৰ্ক হোৱা বুলি চৰ্চা হৈছে । বিশেষকৈ নৱনিৰ্বাচিত বিধায়ক জুবেৰ আনমৰ সৈতে সাংসদ গৌৰৱ গগৈৰ বাক-বিতণ্ডা হোৱা বুলি চৰ্চা হৈছে ।
ইফালে যোৱানিশাৰ বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সদৰী কৰা মতে, পূৰ্বৰ পৰম্পৰা অনুসৰি কংগ্ৰেছৰ কেন্দ্ৰীয় পর্যবেক্ষক গুৱাহাটীলৈ আহি নৱনিৰ্বাচিত বিধায়কসকলৰ মতামত লৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকার্জুন খার্গেক প্রতিবেদন দিব আৰু সেই প্রতিবেদনৰ ভিত্তিত এআইচিচিয়ে বিৰোধী দলপতি চূড়ান্ত কৰিব ।
আনহাতে, যোৱানিশাৰ বৈঠকখনক লৈ শুকুৰবাৰে বিধানসভা চৌহদতো বিশেষভাৱে চৰ্চা হয় । শাসকীয় কেইবাগৰাকীও বিধায়কে উক্ত বৈঠকখনক লৈ কংগ্ৰেছক কটাক্ষ কৰে ।
কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ গৈ দিছপুৰৰ বিধায়ক হোৱা প্ৰদ্যুৎ বৰদলৈয়ে কয়, "মোৰ মুঠেই আনন্দ লগা নাই । মই থকা দলটোৰ শৃংখলাবোধ ইমান অৱনমিত হৈছে । মই ৰাতিয়ে গম পাইছোঁ । মই কি ক'ম । গৌৰৱ গগৈয়ে ধমকি দি কোনো মানুহক ৰাখিব নোৱাৰে । পৰম্পৰা ৰক্ষা কৰা হ'লে তেওঁৰ মৰেল ষ্টেণ্ডিং বহুত ওপৰলৈ গ'লহেঁতেন । দলৰ মানুহেই তেওঁক অপমান কৰা বলি শুনি মই মুঠেই সুখী হোৱা নাই । মোৰ দুখ লাগিছে ।"
যোৱানিশাৰ বৈঠকক লৈ চলা চৰ্চা সন্দৰ্ভত কংগ্ৰেছৰ বিধায়ক আব্দুল ৰহিম আহমেদে কয়, "চৰ্চা হোৱাৰ দৰে কোনো ধৰণৰ গণ্ডগোল নাইবা কাজিয়া হোৱা নাই । জুবেৰ আনম অলপ পলমকৈ অহাটো মিছা নহয় । পলমকৈ অহা বাবে প্ৰশ্ন কৰাটো অস্বাভাৱিক নহয় । কিন্তু তাক লৈ কোনো ধৰণৰ গণ্ডগোল হোৱা নাই । মিছা কথা চৰ্চা কৰা হৈছে । সাধাৰণ কথা এটাক অন্য ৰূপ দিয়া হৈছে । ইচ্ছ্যু সলনি কৰিবলৈ এনেদৰে অপপ্ৰচাৰ চলোৱা হৈছে । কংগ্ৰেছক বদনাম কৰিব বিচৰা হৈছে । ইয়াৰ বাবে এটা চক্ৰ উঠি-পৰি লাগিছে ।"
আনহাতে, প্ৰথমবাৰৰ বাবে নিৰ্বাচিত কংগ্ৰেছৰ বিধায়ক জুবেৰ আনমে কয়, "ৰাজীৱ ভৱনৰ ভিতৰত কালি তেনেকুৱা একো কথা হোৱা নাই । ভিতৰত থাকি আমি একো গম নাপালোঁ । কিন্তু বাহিৰত অপ্ৰচাৰ চলোৱা হ'ল । গৌৰৱ গগৈ আমাৰ সকলোৰে সন্মানৰ । ভিতৰত থকা কোনেও একো কোৱা নাই । যিবোৰ কথা ওলাইছে সেই সকলোবোৰ অপপ্ৰচাৰ । কোনো ধৰণৰ কাজিয়া হোৱা নাই । সকলো কাল্পনিক কথা ।"
ইফালে কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ গৈ বিধায়ক হোৱা ভূপেন বৰাই কয়, "এপিচিচি-আৰ এনেকৈয়ে চলি থাকিব । কেতিয়াবা যদি আকৌ এপিচিচি হয় তেতিয়া পৰিত্রাণ পাব । যেতিয়ালৈকে 'ল'ৰা ৰজা' থাকিব আৰু ল'ৰা ৰজাৰ পৰামৰ্শদাতাজন একে হৈ থাকিব তেতিয়ালৈকে এনেকুৱাই হৈ থাকিব । কংগ্ৰেছৰ সাহস নাই । জনমত মতে বিৰোধী দলপতি কাক দিব লাগে আমি সকলোৱে বুজি পাওঁ । কিন্তু সাহস নাই । দুই নাও, দুই ভৰি অৱস্থা ।"
আনহাতে, বিজেপি বিধায়ক সুশান্ত বৰগোঁহায়ে কয়, "দলপতি দিম বুলি কোৱাৰ পিছতো কংগ্ৰেছে দলপতি নিৰ্বাচন কৰিব নোৱৰাটো অপৰিপক্ব ৰাজনীতিৰ পৰিচয় । নিজৰ মাজতে খোৱাকামোৰা ।"

