২২টা সমষ্টিত কংগ্ৰেছত ১ৰ পৰা ১০ কোটিলৈ উঠিছে নিৰ্বাচনৰ টিকটৰ দৰ- মুখ্যমন্ত্ৰীৰ নতুন বিস্ফোৰণ
মিঞা অঞ্চলত হেনো এতিয়া বিমান আৰু ৰে’লৰ টিকট ক্ৰয় কৰাৰ ধুম উঠিছে ? কংগ্ৰেছত কিয় ছদ্মবেশী ফেচবুক আদিৰ একাউণ্ট ? মুখ্যমন্ত্ৰীয়ে কিয় ক’লে এইকথা ?

Published : December 9, 2025 at 9:45 AM IST
গুৱাহাটী : কংগ্ৰেছত এতিয়া বিধানসভা নিৰ্বাচনৰ বাবে টিকটৰ দাম উঠিছে ১ কোটিৰ পৰা ১০ কোটিলৈ । বৰ্তমান কংগ্ৰেছ দলে এক কোটিকৈ আগধন বিচাৰিছে । এই কামৰ নেতৃত্ব লৈছে কোনোবা বিকি দত্ত নামৰ এজন লোকে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰক অভিযোগে এতিয়া ৰাজ্যৰ ৰাজনীতিত জোকাৰণি তুলিছে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ৰাজহুৱা মন্তব্য কৰে, “কংগ্রেছত এতিয়া নির্বাচনৰ প্রার্থিত্ব প্রত্যাশীসকলৰ মাজত টিকট কিনা-বেচাৰ ঢৌ উঠিছে । জানিব পৰা মতে এই টিকটৰ দৰ এইবেলি ১ৰ পৰা ১০ কোটি টকা পর্যন্ত ।”
মুখ্যমন্ত্ৰীৰ অভিযোগ, “তেওঁলোকে এতিয়া এক কোটি টকা এডভান্স বিচাৰিছে ৷ আমাৰ বিকি দত্তই তাত অলপ নেতৃত্বও লৈ আছে ৷”
অসমৰ ১২৬ টা সমষ্টিৰ ভিতৰত ২২টা সমষ্টিত এইবাৰ বিধানসভাত ১ৰ পৰা ১০ কোটিলৈ টিকটৰ ৰেট উঠিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে । মুখ্যমন্ত্রী শর্মাই কয়, “এক কোটিৰ পৰা ১০ কোটিলৈ এইবাৰ কংগ্ৰেছৰ ২২টা টিকটৰ দাম উঠিছে ৷ যিদিনাখনেই টিকট এনাউন্স হ’ব — আপোনালোকে ইমান ইণ্টাৰভিউ পাব যে আপোনালোকে মোক সুধিব নালাগে ৷ এক কোটিৰ পৰা ১০ কোটি টকালৈ ৰেট উঠিব— ২২টা ছীটত । বাকীত নাই আৰু ।”
স্বাভাৱিকতে প্ৰশ্ন হয় এই ২২টা সমষ্টি কোন কেইটা সমষ্টি ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই অসমৰ ২২ টা সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত কংগ্ৰেছে সফলতা লাভ কৰিব বুলি মুকলি আলোচনা কৰি আহিছে । সেয়ে, ৰাজ্যত ২২ টা সমষ্টিত ১০ কোটিলৈ কংগ্ৰেছ টিকটৰ দৰ উঠিব বুলি মুখ্যমন্ত্ৰীয়ে যে সংখ্যালঘু প্ৰধান সমষ্টিকেই ইংগিত দিছে সেয়া সহজেই অনুমেয় ৷
আনহাতে, অহা ১৪ ডিচেম্বৰত দিল্লীত কংগ্ৰেছৰ এখন দলীয় বৈঠক অনুষ্ঠিত হ'ব । তালৈ কংগ্ৰেছে মানুহ লৈ যোৱাক লৈয়ো মুখ্যমন্ত্ৰীগৰাকীৰ তীৰ্যক মন্তব্য, “মিটিং হ’লে কি কৰিব লাগে ? এতিয়া গৌৰৱ গগৈয়ে কৈছে যিবিলাক প্রার্থী, তেওঁলোকে মানুহ লৈ যাব লাগিব । প্ৰাৰ্থী সকলোকে টিকট দিব নোৱাৰে ৷ এইটো অনৈতিক নহয় জানো ?”
মুখ্যমন্ত্ৰীৰ মন্তব্য যে মিঞা অঞ্চলত হেনো এতিয়া বিমান আৰু ৰে’লৰ টিকট ক্ৰয় কৰাৰ ধুম উঠিছে । তেওঁ কয়, “মিঞা অঞ্চলসমূহত বিমান আৰু ৰে’লৰ টিকট ক্ৰয়ৰ ধুম উঠি আছে । গৌৰৱ গগৈয়ে কৈছে পাৰ্টীয়ে মানুহ নিব তিনিশ ৷ প্ৰত্যেক জিলাৰ পৰা ১০ জনকৈ । ১৪ তাৰিখৰ মিটিঙত যিবোৰ মানুহ যাব, তেওঁলোকক প্ৰাৰ্থী বিলাকে লৈ যাব লাগিব । তেওঁলোক টিকট বিচৰা প্রার্থীহে । নির্বাচনত প্রার্থিত্ব এজনকহে দিব পাৰিব । আনকেইজনে কি কৰিব ? বাকীকেইজনৰ পইচা এনেই যাব ।“
আনহাতে, কংগ্রেছে দলে বহু ছদ্মবেশী একাউণ্টৰ জৰিয়তে সামাজিক মাধ্যমত নেতিবাচক আচৰণ কৰি অহা বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অভিযোগ । মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্য, “কংগ্ৰেছৰ হাতত ছদ্মবেশী একাউন্ট থাকে । এই ছদ্মবেশী একাউণ্টৰ পৰা অভদ্রভাবে মই, মোৰ পৰিয়াল, নৰেন্দ্ৰ মোদী, এইবিলাকৰ ওপৰত বেয়া বস্তু প্রস্তুত কৰাটো হৈছে তেওঁলোকৰ কাম । যাৰ ব্যক্তিত্ব আছে বা অলপ হ'লেও বিবেক আছে, তেওঁলোকে এই কামটো কৰিব নোৱাৰে । কেৱল মানুহৰ মান-সম্মান নষ্ট কৰাৰ বাবে এই ছদ্মবেশী একাউন্টবিলাক তেওঁলোকে ৰাখিছে । কংগ্ৰেছে ৰাষ্ট্ৰীয়ভাবে এটা ব্যৱস্থা গঢ়ি তুলিছে । ইমানেই বেয়া ব্যৱস্থা যে কোনেও কল্পনা কৰিব নোৱাৰে ।”
লগতে পঢ়ক : মিঞা সমষ্টিত প্ৰাৰ্থিত্বৰ বিনিময়ত কংগ্ৰেছক কিমান টকা দিব লাগিব ? মুখ্যমন্ত্ৰীয়ে দিলে সকলো হিচাপ

