ETV Bharat / politics

কংগ্ৰেছে ভংগ কৰিলে মিত্ৰতাঃ মিত্ৰজোঁটৰ নীতি উলংঘনৰ অভিযোগত ৰাইজৰ দলৰে সম্পৰ্ক ছেদ

ৰাইজৰ দলৰ নেতৃত্বই মিত্ৰজোঁটৰ নীতি-নিয়ম আৰু মৰ্যাদা উলংঘা কৰি কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ভুৱা অপপ্ৰচাৰ আৰু চৰিত্ৰহননৰ নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ কংগ্ৰেছৰ ।

Congress Raijor Dal alliance
ৰাইজৰ দলৰ সৈতে সম্পৰ্ক ছেদ কংগ্ৰেছৰ (ETV Bharat Assam)
author img

By PTI

Published : September 3, 2026 at 1:49 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : অৱশেষত ৰাইজৰ দলৰে মিত্রতা ভংগ কৰিলে কংগ্ৰেছে । ৰাইজৰ দলৰ সৈতে থকা সকলো ধৰণৰ ৰাজনৈতিক মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ কৰাৰ কথা বৃহস্পতিবাৰে কংগ্ৰেছ দলে ঘোষণা কৰে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাত বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ নিৰ্দেশক্ৰমে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰামান্না বৰুৱাৰ স্বাক্ষৰ সম্বলিত এক গুৰুত্বপূৰ্ণ সাংগঠনিক চাৰ্কুলাৰ (Ref. No.: APCC/Circular/546) বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে জাৰি কৰা হয় ।

Congress Raijor Dal alliance
কংগ্ৰেছৰ চাৰ্কুলাৰ (ETV Bharat Assam)

চাৰ্কুলাৰখনত কোৱা হৈছে, "বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে সাম্প্ৰদায়িক শক্তিসমূহৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজ দিয়া আৰু ৰাইজৰ মাজলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰাৰ লক্ষ্যৰে কংগ্ৰেছে ৰাইজৰ দলসহ কেইবাটাও আঞ্চলিক আৰু বাওঁপন্থী সৰ্বভাৰতীয় দলক একত্ৰিত কৰি নিৰ্বাচনী মিত্ৰজোঁট গঠন কৰিছিল । কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে এই দীৰ্ঘ সময়ছোৱাত ৰাইজৰ দলৰ নেতৃত্বই মিত্ৰজোঁটৰ নীতি-নিয়ম আৰু মৰ্যাদা উলংঘা কৰি কংগ্ৰেছ দলৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ভুৱা অপপ্ৰচাৰ আৰু চৰিত্ৰহননৰ নিকৃষ্ট ৰাজনীতিত লিপ্ত হৈ পৰে । কেৱল সেয়াই নহয়, বিৰোধী মিত্ৰজোঁটত চামিল থকা অন্যান্য অংশীদাৰ দলসমূহৰ শীৰ্ষ নেতৃবৰ্গৰ বিৰুদ্ধেও ৰাইজৰ দলৰ নেতৃত্বই বিভিন্ন সময়ত ভিত্তিহীন, অনাকাংক্ষিত আৰু অসন্মানজনক মন্তব্য প্ৰদান কৰি মিত্ৰতাৰ মৌলিক আচাৰ-নীতিক বাৰে বাৰে আঘাত হানিছে ।"

মিত্ৰজোঁটৰ এনে ধৰণৰ চৰম নীতিবিৰোধী আচৰণৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ দলৰ সৈতে ভৱিষ্যতে ৰাজনৈতিক সম্পৰ্ক বাহাল ৰখাটো আৰু কোনোপধ্যেই সম্ভৱপৰ নহয় বুলি কংগ্ৰেছ দলে স্পষ্ট কৰি দিছে । ইফালে মিত্ৰতা ভংগ হ’লেও কংগ্ৰেছ নিজৰ লক্ষ্যত অটল থাকিব বুলি দলটোৱে সদৰী কৰিছে । দলটোৱে পূৰ্বৰ দৰেই সাধাৰণ ৰাইজৰ প্ৰতিটো জ্বলন্ত সমস্যা আৰু স্বাৰ্থজড়িত বিষয় সজোৰে উত্থাপন কৰি যাব আৰু বৰ্তমানৰ বিজেপি চৰকাৰখনৰ জনবিৰোধী কাম-কাজ, অন্যায় নীতি আৰু অপশাসনৰ বিৰুদ্ধে কঠোৰ গণতান্ত্ৰিক জবাবদিহিতা অব্যাহত ৰাখিব বুলি দৃঢ়তাৰে ঘোষণা কৰিছে।

উল্লেখ্য যে কেইদিনমান পূৰ্বে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কংগ্ৰেছক 'ভ্ৰষ্টাচাৰী দল' আখ্যা দিছিল ।

অৱশ্যে মিত্ৰতা ভংগ প্ৰসংগত ৰাইজৰ দলৰ নেতৃত্বৰ পৰা কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই ।

উল্লেখ্য যে বিগত বিধানসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছ আৰু ৰাইজৰ দল আন ছটা বিৰোধী দলৰ সৈতে মিত্ৰজোঁটৰ অংশ আছিল আৰু ১২৬ জনীয়া বিধানসভাত কংগ্ৰেছে ১৯ খন লাভ কৰাৰ বিপৰীতে ৰাইজৰ দলে দুখন আসন লাভ কৰিছিল ।

লগতে পঢ়ক :অতিপাত নিচাত আছে নেকি ? জিডিপিক লৈ প্ৰশ্ন কৰাৰ বাবে কংগ্ৰেছক সমালোচনা ৰিজিজুৰ
লগতে পঢ়ক :নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচন: সাজু কংগ্ৰেছৰ ৫ নেতা, তৎপৰ শাসকীয় বিজেপি