কামাখ্যাত সেৱা লৈ কংগ্ৰেছ ওলাল : 'সময় পৰিৱৰ্তনৰ' বাৰ্তা দিব ৰাইজক
ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ আৰু অত্যাচাৰৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰে । ক'লে গৌৰৱ গগৈয়ে ৷

Published : February 5, 2026 at 6:16 PM IST
গুৱাহাটী : সমাগত বিধানসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত বিজেপিক বাধা দিবলৈ প্ৰয়াস চলাইছে বিৰোধী দলসমূহে । বিশেষকৈ কংগ্ৰেছ দলে বিভিন্ন ধৰণৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে । তাৰ অংশ হিচাপে বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আৰম্ভ কৰিলে 'সময় পৰিৱৰ্তনৰ' শীৰ্ষক এক যাত্ৰা । সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত দলটোৱে দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা এই যাত্ৰা আৰম্ভ কৰে ।
দলটোৱে প্ৰথমে কামাখ্যা মন্দিৰলৈ যায় আৰু মাৰ আশিস লৈ এই যাত্ৰা আৰম্ভ কৰে । 'সময় পৰিৱৰ্তনৰ' শীৰ্ষক এই যাত্ৰাত সভাপতি গৌৰৱ গগৈৰ উপৰিও তত্বাৱধায়ক জীতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা, ৰিপুণ বৰা, সাংসদ ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰকে ধৰি এ আই চি চিৰ নেতা আৰু প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে । এখন বিশেষ বাহনত নেতাসকলে এই যাত্ৰা আৰম্ভ কৰে ।
'সময় পৰিৱৰ্তনৰ' শীৰ্ষক এই যাত্ৰা সন্দৰ্ভত গৌৰৱ গগৈ কয়, "এতিয়া অসমৰ ৰাইজে বাস্তৱ পৰিৱৰ্তন বিচাৰে । বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ আৰু অত্যাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰে । বহুত সময় ৰাইজে তেওঁলোকৰ অহংকাৰ, ভ্রষ্টাচাৰ, অহংকাৰ সহ্য কৰিলে । এতিয়া আৰু ৰাইজে সহ্য কৰিব নোৱাৰে । ৰাইজে এতিয়া বাস্তৱ পৰিৱৰ্তন বিচাৰে । আৰু সময় পৰিৱৰ্তনৰ এই বাৰ্তা লৈ আমাৰ সংকল্প অসমৰ ৰাইজৰ মাজলৈ লৈ যাবলৈ আৰম্ভ কৰিছোঁ । আজি আমি ইয়াৰে পৰা সকলো কংগ্ৰেছ নেতৃত্বৰ লগতে এই যাত্ৰা আৰম্ভ কৰিব বিচাৰিছোঁ । আমি বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যম হাতত লৈছোঁ, তাৰে ভিতৰত এই বাহনখনৰ যোগেদি 'সময় পৰিৱৰ্তনৰ' এক বাৰ্তালৈ অসমৰ চূকে-কোণে যাম ।"
ইফালে কামাখ্যা দৰ্শনৰ পাছত অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে কয়, "আজি কামাখ্যা মন্দিৰৰ পৰা আমাৰ যাত্ৰা আৰম্ভ । এই যাত্ৰাৰ জৰিয়তে আমি অসমৰ ৰাইজ, অসমৰ যুৱক, মহিলাৰ বাবে আগলৈ কি উন্নতি হ'ব পাৰে, আমাৰ দলে কি উন্নয়ন কৰিব তাৰে আজি আৰম্ভণি হ'ব ।"
আনহাতে প্ৰাক্তন সভাপতি ভূপেন বৰাই কয়, "আমি অসমত কুশাসনৰ অন্ত পেলাই সুশাসনৰ পৰিকল্পনাৰে মা কামাখ্যাৰ শ্ৰীচৰণত আহি আশিস লৈছোঁ । অসমৰ ৰাইজেও নিশ্চয় আমাক আশীৰ্বাদ কৰিব ।"

যাত্ৰাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে গোচৰ দিব বুলি হুংকাৰ সন্দৰ্ভত বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই কয়, "মুখ্যমন্ত্ৰীয়ে গোচৰ তৰিব ৷ কিন্তু তেখেত গোচৰৰ যোগেদি আইনৰ আশ্ৰয় লৈ পলাব বিচাৰিছে...।"
মুকলিৰ দিনাই কংগ্ৰেছৰ ৱেবছাইট হেক সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কয়, "তেওঁৰ সাহস নাই । সেইবাবে আনএথিকেল কাম কৰিছে । মই ভাবো অসম পুলিচে বহুত টকা দি চাইবাৰ ড'ম কৰাৰ কথা কৈছিল । বিৰোধী দলৰ ৱেবছাইট কোনে হেক কৰিলে কি কৰিলে তাৰ তদন্তৰ বাবে এছ আই টি এখন লাগে মোক ।"
উল্লেখ্য যে কামাখ্যা মন্দিৰৰ পৰা দলটোৱে পূৰ্বে নিৰ্ধাৰিত সূচী অনুসৰি আমিনগাঁৱলৈ ৰাওনা হয় । আমিনগাঁৱত থকা বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুলৰ সন্মুখত দলটোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । 'দেশতকৈ মামী ডাঙৰ নহয়' লিখা পোষ্টাৰ লৈ কংগ্ৰেছ কৰ্মীসকলে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ বিষয়ে ৰাইজক অৱগত কৰে । অৱশ্যে সেই সময়ত উক্ত স্থানত বিজেপি কৰ্মীসকলো উপস্থিত হয় । বিজেপি কৰ্মীসকলে কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে শ্ল'গান দিয়া দেখা যায় ।
লগতে পঢ়ক :গৌৰৱ গগৈৰ পৰিয়ালৰ বেংক একাউণ্ট আজিও পাকিস্তানত চলি আছে : আক্ৰমণৰ তীব্ৰতা বাঢ়িছে মুখ্যমন্ত্ৰীৰ

