কংগ্ৰেছৰ সাতজনীয়া অন্তিমখন প্ৰাৰ্থী তালিকা প্ৰকাশ : বিজেপিৰ পৰা আহি টিকট পালে অমৰ চান্দ জৈনে
মনোনয়ন দাখিলৰ অন্তিম দিনৰ পূৰ্বে কংগ্ৰেছে পঞ্চমখন সাতজনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে ।

Published : March 22, 2026 at 10:53 PM IST
গুৱাহাটী : বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে সাতজনীয়া অন্তিমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰে । সোমবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন । অন্তিম দিনৰ পূৰ্বে দেওবাৰে নিশা কংগ্ৰেছ দলে পঞ্চমখন সাতজনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে ।
এ আই চি চিয়ে ঘোষণা কৰা এই প্ৰাৰ্থী তালিকাত শনিবাৰে কংগ্ৰেছত যোগদান কৰা বিজেপিৰ প্ৰাক্তন বিধায়ক অমৰ চান্দ জৈনে প্ৰাৰ্থিত্ব লাভ কৰে । ন-বিজেপি অমৰ চান্দ জৈনক কংগ্ৰেছ দলে কাটিগড়া সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰে ।

সেইদৰে হাফলং সমষ্টিত কংগ্ৰেছ দলে নিৰ্মল লাংথাছাক প্ৰাৰ্থিত্ব প্ৰদান কৰে । ঘোষণা কৰা প্ৰাৰ্থী তালিকা অনুসৰি গোসাইগাঁও সমষ্টিত জোছেফ হাচদা, দোতমা সমষ্টিত বীৰখাং বড়ো, বিজনী সমষ্টিত ৰজত কান্তি সাহা, ভেৰগাঁও সমষ্টিত আনছুলা গৌৰা দৈমাৰী আৰু মাজবাট সমষ্টিত নাৰায়ণ অধিকাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ।
উল্লেখ্য যে, প্ৰথমখন তালিকাত কংগ্ৰেছ দলে ৪২ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল । দ্বিতীয়খন তালিকাত ২৩ টা সমষ্টি, তৃতীয়খন তালিকাত ২২ টা সমষ্টি আৰু চতুৰ্থখন তালিকাত ৭ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল ।

পঞ্চম আৰু অন্তিমখন তালিকাত কংগ্ৰেছে সাতটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে । সেই হিচাপত কংগ্ৰেছ দলে ১০১ টা সমষ্টিত নিজা প্ৰাৰ্থী প্ৰদান কৰিছে ।
আনহাতে কংগ্ৰেছে মিত্রদল ৰাইজৰ দলক এঘাৰটা সমষ্টি এৰি দিছে । সেইদৰে অসম জাতীয় পৰিষদকে ধৰি আন মিত্রদলৰ বাবে ১৫ খন আসন কংগ্ৰেছে এৰি দিছে ।
কংগ্ৰেছে মিত্রদল ৰাইজৰ দলক এৰি দিয়া ১১ খন আসন হৈছে মানস, দলগাঁও, ধিং, কলিয়াবৰ, তেজপুৰ, চিচিবৰগাঁও, মাৰ্ঘেৰিটা, দিগবৈ, শিৱসাগৰ, মৰিয়নী আৰু বোকাখাট সমষ্টি । সেইদৰে আন মিত্রদলক এৰি দিয়া ১৫ টা সমষ্টি হৈছে ভৱানীপুৰ-সৰভোগ, বজালী, পলাশবাৰী, মধ্য গুৱাহাটী, গোৰেশ্বৰ, মৰিগাঁও, বঢ়মপুৰ, বিন্নকান্দি, বিহালী, শদিয়া, ডিব্ৰুগড়, খোৱাং, সৰুপথাৰ, ডিফু আৰু আমৰি সমষ্টি ।

