ETV Bharat / politics

১০ নৱেম্বৰত উন্মোচন হ'ব ছোনিয়া গান্ধীৰ আত্মজীৱনী

পৰিচয়ৰ আঁৰত লুকাই থকা আচল মানুহগৰাকীক বিশ্বত পৰিচয় কৰাই দিব বুলি আশাবাদী কংগ্ৰেছ ।

Congress Parliamentary Party Chairperson Sonia Gandh
ছোনিয়া গান্ধীৰ (ANI (File Photo))
author img

By ETV Bharat Assamese Team

Published : August 19, 2026 at 11:36 AM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: কংগ্ৰেছ সংসদীয় পাৰ্টিৰ অধ্যক্ষ তথা দলৰ প্ৰাক্তন মুৰব্বী ছোনিয়া গান্ধীৰ আত্মজীৱনী এখন অহা ১০ নৱেম্বৰত উন্মোচন কৰা হ'ব । "বিলংগিং: এ জাৰ্নি অৱ লাভ" শীৰ্ষক আত্মজীৱনীখনৰ প্ৰচ্ছদ ইতিমধ্য়ে সামাজিক মাধ্যমত মুকলি কৰা হৈছে ।

এই আত্মজীৱনীখন প্ৰকাশ কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতা আলফ্ৰেড এ নপফে । সামাজিক মাধ্যমত আত্মজীৱনীখনৰ প্ৰচ্ছদ মুকলি কৰি প্ৰকাশকে লিখিছে, " 'বিলংগিং: এ জাৰ্নি অৱ লাভ' হ’ল বিশ্বৰ এগৰাকী অন্যতম আগশাৰীৰ মহিলা নেত্ৰীৰ দ্বাৰা লিখিত এক আকৰ্ষণীয় আত্মজীৱনী । এই গ্ৰন্থখনত প্ৰেম, পৰিয়াল আৰু এক অনন্ত আকৰ্ষণীয় দেশ-ভাৰতবৰ্ষৰ চহকী তথা আকৰ্ষণীয় কাহিনী বৰ্ণনা কৰা হৈছে ।"

প্ৰকাশগৰাকীয়ে আৰু কয়, "এই গ্ৰন্থখনত এসময়ৰ স্বল্পভাষী হিচাপে খ্য়াত ছোনিয়া গান্ধীয়ে ইটালীৰ সৰু চহৰ এখনত কটোৱা শৈশৱ, ভাৰতলৈ লৈ অহা প্ৰেমৰ কথা উল্লেখ কৰা হৈছে । কেৱল নিজৰ ভৱিষ্যতেই নহয়, সেই মৰ্মান্তিক ক্ষতিসমূহলৈ যি কেৱল তেওঁৰ নিজৰ ভৱিষ্যতকেই নহয়, তেওঁৰ আপোন কৰি লোৱা গৃহভূমিতো নতুন ৰূপ দিব বা সলনি কৰি পেলাব ।"

ইফালে, ছোনিয়া গান্ধীৰ আত্মজীৱনীখনৰ কথা উল্লেখ কৰি কংগ্ৰেছৰ সাংসদ পৱন খেড়াই কয়, "ছোনিয়া জীক দেখিলেই ভাবো যে এখন পৃথিৱী এৰি আন এখন পৃথিৱীলৈ যোৱা, মাথোঁ ইমান দুখৰ সন্মুখীন হোৱা মহিলাগৰাকীয়ে শান্ত, গম্ভীৰ আৰু সংযতভাৱে নিজৰ ব্যক্তিত্ব বা মৰ্যাদা অটুট ৰাখিছে ।"

খেড়াই আৰু কয় যে তেওঁ স্বামীক (প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধী) অতিশয় মৰ্মান্তিক আৰু ভয়ংকৰ পৰিস্থিতিত হেৰুৱাইছিল । তাৰ পিছত তেওঁৰ ব্যক্তিগত জীৱন, পৰিয়ালৰ পৃষ্ঠভূমি আৰু প্ৰতিটো উদ্দেশ্য তথা কামক সমালোচনাৰে ফহিয়াই চোৱা হৈছিল । ইয়াৰ মাজতে তেওঁ নিজৰ দুয়োগৰাকী তৰুণ সন্তানক ডাঙৰ-দীঘল কৰাৰ লগতে স্বামীৰ আধৰুৱা ৰাজনৈতিক আদৰ্শ আগুৱাই লৈ গৈছে ।

কৰ্ণাটকৰ ৰাজ্যসভাৰ সদস্য খেড়াই লগতে কয়, "তেওঁ থাকিল, কেতিয়াও নিজকে দুৰ্ভগীয়া বা আক্ৰান্ত বুলি দেখুৱাই সহানুভূতি আদায় নকৰিলে । তেওঁৰ ওপৰত হোৱা নিষ্ঠুৰতা বা তিক্ততাক নিজৰ পৰিচয় বা ভৱিষ্যৎ নিৰ্ধাৰণ কৰিবলৈ নিদিলে । তেওঁ কংগ্ৰেছক ২০০৪ আৰু ২০০৯ চনত দুবাৰ বিপুল বিজয়ৰ দিশত আগুৱাই লৈ গৈছিল । আৰু দুজন ব্যক্তিক ডাঙৰ-দীঘল কৰিছিল যিসকল কেৱল বুদ্ধিমান নহয়, বৰঞ্চ দয়ালু, নীতিগত, নম্ৰ আৰু স্থিতিস্থাপক ।"

বিজেপিক আক্ৰমণ কৰি ৰাজ্যসভাৰ সাংসদগৰাকীয়ে আৰু কয়, "তেওঁক কেৱল এগৰাকী ইটালীয়ান-ভাৰতীয় ৰাজনীতিবিদ আৰু গান্ধী পৰিয়ালৰ মূৰব্বী হিচাপে সীমিত কৰি ৰাখিব নোৱাৰি ।"

খেড়াই এক্সত লিখিছে, "তেওঁ এক সবল আৰু কঠিন মনোবলৰ অধিকাৰী নাৰী । তেওঁ এগৰাকী মানুহ হিচাপে স্বীকৃতি পোৱাৰ যোগ্য । ছোনিয়া জীৰ আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ অহা ২০২৬ চনৰ ১০ নৱেম্বৰত প্ৰকাশ পাব । পৰিচয়ৰ আঁৰত লুকাই থকা আচল মানুহগৰাকীক বিশ্বত পৰিচয় কৰাই দিব বুলি মই আশাবাদী ।"

লগতে পঢ়ক:জ্ঞানেশ কুমাৰক আমেৰিকাই লৈ যাওক, তাতেই ৰাখক: ট্ৰাম্পক খেড়াৰ কটাক্ষ

এজনো লোক আঘাতপ্ৰাপ্ত হোৱা নাছিল, ছাত্ৰ সমাজৰ প্ৰতিবাদ সন্দৰ্ভত মন্ত্ৰী কিৰেণ ৰিজিজুৰ প্ৰতিক্ৰিয়া