ETV Bharat / politics

নগাঁও উপ-নিৰ্বাচনক লৈ প্ৰৱল আত্মবিশ্বাসী গৌৰৱ গগৈ

বানাক্ৰান্ত ৰাইজক ঘৰ বনাই দিয়াৰ বিপৰীতে চৰকাৰ এইবাৰ ইউটিউবাৰৰ পাছত লাগি আছে বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷

APCC meeting
ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ এখন সাংগঠনিক বৈঠক অনুষ্ঠিত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 16, 2026 at 8:56 PM IST

|

Updated : August 17, 2026 at 9:39 AM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : "বানৰ এই বিভীষিকাৰ পাছত ক্ষতিগ্ৰস্ত ৰাইজক ঘৰ বনাই দিব লাগে, কিন্তু চৰকাৰ লাগিছে ইউটিউবাৰৰ পাছত । এই চৰকাৰে নিজৰ বিফলতা ঢাকিবলৈ এনেদৰে বিভ্ৰান্তিৰ বিষয়বোৰ উত্থাপন কৰে ।" এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ । দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদ মাধ্যমৰ এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ সাংসদগৰাকীয়ে কয়, "ৰাইজে সহায় নকৰা হ'লে বানপীড়িত ৰাইজৰ যথেষ্ট কষ্ট হ'লহেতেন । বিভিন্নজনে সহায়ৰ বাবে আগবাঢ়ি আহিছে । সকলোৱে নিজৰ সামাজিক দায়বদ্ধতা পালন কৰিছে । আনহাতে অসম চৰকাৰে ইউটিউবাৰৰ পাছত লাগিছে । অসম চৰকাৰৰ আন কাম নাই নেকি ?’’

নগাঁও উপ-নিৰ্বাচনকলৈ প্ৰৱল আত্মবিশ্বাসী গৌৰৱ গগৈ (ETV Bharat Assam)

তেওঁ কয়, ‘‘চৰাইদেউ, শিৱসাগৰ, যোৰহাটৰ মানুহক ঘৰ লাগে । কিন্তু চৰকাৰখনে কয়লা মাফিয়াক ক্লিনশ্বিট দিব বিচাৰিছে । কয়লা মাফিয়াক নধৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিয়া হৈছে । গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রীয়ে কয়লা মাফিয়া দেখা নাপালে পুলিচেও দেখা নাপাব । কয়লা আৰু শিলৰ ট্ৰাকবোৰ অহা-যোৱা কৰি থাকিব আৰু আৰক্ষীয়ে দেখা নাপাব । কাৰণ মুখ্যমন্ত্রীয়ে দেখা নাপালে আৰক্ষীয়ে কেনেকৈ দেখুৱাব পাৰিব ।"

নগাঁও লোকসভাৰ উপ-নিৰ্বাচন সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, "প্ৰথমতে প্ৰশ্ন হ'ল যে নিৰ্বানটো হ'ব কেতিয়া ? নিৰ্বাচনৰ দিন ঘোষণা কৰক নিৰ্বাচন আয়োগে । নিৰ্বাচন আযোগে এতিয়াও জাৰি কৰা নাই নিৰ্বাচনী অধিসূচনা । নিৰ্বাচন আয়োগে জনাওক কেতিয়া হ'ব নিৰ্বাচন, নে নিৰ্বাচন আয়োগে মুখ্যমন্ত্ৰী বা বিজেপি কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনা কৰি কাম কৰিব । ৰাজনৈতিক দল হিচাপে আমিও জানিব বিচাৰো যে নিৰ্বাচন হ'ব কেতিয়া ।"

APCC meeting
ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ এখন সাংগঠনিক বৈঠক অনুষ্ঠিত (ETV Bharat Assam)

ইফালে উপ-নিৰ্বানৰ বাবে এ আই ইউ ডি এফ দলে প্ৰাৰ্থী ঘোষণা কৰা সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, "ইয়াৰ ফলত আমাৰ কোনো প্ৰভাৱ নপৰে । তেওঁলোকৰ ৰাজনীতি অসমৰ সকলো মানুহে বুজি পায় । এ আই ইউ ডি এফৰ ৰণকৌশল একো সলনি হোৱা নাই । আগতে যিদৰে বিজেপিৰ 'বি' টীম আছিল এতিয়াও সেইদৰেই আছে । আমি নিৰ্বাচনৰ দিন ঘোষণাৰ অপেক্ষাত আছো । নিৰ্বাচন যেতিয়াই ঘোষণা নকৰক কিয় নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছৰ জয় নিশ্চিত ।"

উজনিত বদৰুদ্দিন আজমলৰ জনপ্ৰিয়তা সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, "বানপানীৰ সময়ত বাৰম্বাৰ এই কথাবোৰ কৈ থকাটো ভাল নহয় ।"

উল্লেখ্য যে আগন্তুক দিনৰ ৰণকৌশল প্ৰস্তুত সন্দৰ্ভত দেওবাৰে ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ এখন সাংগঠনিক বৈঠক অনুষ্ঠিত হয় । প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত ৰাজ্যখনৰ সাম্প্ৰতিক আৰ্থ-সামাজিক, ৰাজনৈতিক পৰিস্থিতিৰ উপৰি দলৰ সাংগঠনিক দিশ সম্পৰ্কে প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতিসকলৰ সৈতে এই বৈঠক অনুষ্ঠিত হয় ।

বৈঠকত কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি জয় প্ৰকাশ দাস, প্ৰদেশ কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক বিপুল গগৈ, সাংগঠনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱাৰ উপৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা নীলমণি সেন ডেকা, প্ৰাক্তন বিধায়ক দিগন্ত বৰ্মন,অশোক শৰ্মা, আমিনুল ইচলাম, সত্যব্ৰত কলিতা আৰু প্ৰাক্তন বিধায়কা নন্দিতা দাস উপস্থিত থাকে ।

APCC meeting
প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক বৈঠক (ETV Bharat Assam)

ইফালে দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ অনুসৰি কংগ্ৰেছৰ চাৰিজন নেতাক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হয় । দলৰ বিৰোধী কাৰ্যকলাপ তথা দলৰ অনুশাসন ভংগৰ অভিযোগত প্ৰাক্তন বিধায়ক ৰচুল হক বাহাদুৰ, জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰেজাউল ইছলাম, ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক মহিৰউদ্দিন মণ্ডল আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য আফজল হুছেইনক তৎকালে কাৰ্যকৰী হোৱাকৈ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হয় ।

লগতে পঢ়ক : নগাঁও উপ-নিৰ্বাচন কঠিন হ'লেও জিক‍াৰ বাবে খেলিম : দিলীপ শইকীয়া

লগতে পঢ়ক : ৰুটি বেলি দায়িত্ব সামৰা গৌৰৱ গগৈয়ে আজমলক অপমান কৰাটো শোভা নাপায় : এআইইউডিএফ

Last Updated : August 17, 2026 at 9:39 AM IST