ETV Bharat / politics

ৰাইজৰ দলত যোগদান কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ; মঙলবাৰে যোগদান কৰিব কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে

২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ দলত খহনীয়া ৷ শক্তি বৃদ্ধি পালে ৰাইজৰ দলৰ ।

ABDUR RASHID MANDAL JOIN RAIJOR DAL
ৰাইজৰ দলত যোগদান কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 16, 2026 at 9:42 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : সোমবাৰে পুৱা এ পি চি চিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পদত্যাগৰ সমান্তৰালভাৱে কংগ্ৰেছ দল ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰে এজন বিধায়কে ৷ লগতে, মঙলবাৰেও ৰাইজৰ দলত যোগদান কৰিব আন এজন কংগ্ৰেছৰ বিধায়কে ৷ লগে লগে সমীকৰণ জটিল হৈ পৰিল নামনি অসমৰ দুটাকৈ সংখ্যালঘু সমষ্টিৰ কংগ্ৰেছৰ সমীকৰণ ৷

সোমবাৰে গুৱাহাটীৰ হোটেল লিলিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত এক বিশেষ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । এই যোগদান কাৰ্যসূচীতেই ৰাইজৰ দলত যোগদান কৰে সদ্য বিলুপ্ত পশ্চিম গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে ৷ বিধায়ক মণ্ডলৰ লগতে আটাছুৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা দুলাল চন্দ্ৰ বৰুৱাৰ লগতে শতাধিক লোকে যোগদান কৰে ৰাইজৰ দলত ।

ABDUR RASHID MANDAL JOIN RAIJOR DAL
ৰাইজৰ দলত যোগদান কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ (ETV Bharat Assam)

তিনিবাৰকৈ বিধায়ক হোৱা তথা বৰ্তমানৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ লগতে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা দুলাল চন্দ্ৰ বৰুৱা আৰু ৰাইজৰ দলত যোগদান কৰা সকলোকে ৰাইজৰ দললৈ স্বাগতম জনায় সভাপতি অখিল গগৈসহ আন নেতা-কৰ্মীয়ে । দলত যোগদান কৰা সকলোকে উষ্ম আদৰণি জনাই অখিল গগৈয়ে কয়, “২০২৬ৰ নিৰ্বাচনলৈ শক্তি বৃদ্ধি পালে ৰাইজৰ দলৰ । জাতি, ধর্ম, বৰ্ণ, নিৰ্বিশেষে বিজেপিক বিদায় দিবলৈ এইবাৰ ৰাইজ সংকল্পবদ্ধ । সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰি অসমৰ ৰাইজক মুক্তি দিয়াটো সময়ৰ আহ্বান । আগন্তুক সময়ত বিজেপি, অগপকে ধৰি অন্যান্য ৰাজনৈতিক দলৰ নেতায়ো ৰাইজৰ দলত যোগদান কৰিব ৷” লগতে, সভাপতি অখিল গগৈয়ে প্ৰকাশ কৰে যে উজনি অসমৰ দুজনকৈ বি জে পিৰ বিধায়কেও শীঘ্ৰেই ৰাইজৰ দলত যোগদান কৰিব ৷

উল্লেখ্য যে কাইলৈ অৰ্থাৎ মঙলবাৰে ৰাইজৰ দলত যোগদান কৰিব কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে ৷ আব্দুৰ ৰছিদ মণ্ডল আৰু শ্বেৰমান আলীৰ কংগ্ৰেছত যোগদানে স্বাভাৱিকতে ২০২৬ৰ নিৰ্বাচনত নামনি অসমৰ দুটাকৈ সংখ্যালঘু প্ৰধান বিধানসভা সমষ্টিত শ’লঠেকত পেলাব কংগ্ৰেছ দলক। সমষ্টি দুটা হ’ল— পূৱ গোৱালপাৰা আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত নৱগঠিত মন্দিয়া সমষ্টি ।

ABDUR RASHID MANDAL JOIN RAIJOR DAL
মঙলবাৰে ৰাইজৰ দলত যোগদান কৰিব কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে (ETV Bharat Assam)

পূৱ গোৱালপাৰা সমষ্টিত কংগ্ৰেছৰ বৰ্তমানৰ বিধায়ক সাংসদ ৰকিবুল হুছেইনৰ বিশ্বস্ত বুলি পৰিচিত এ কে ৰছিদ আলমক দলটোৱে প্ৰাৰ্থিত্ব দিয়াৰ প্ৰস্তুতি চলাই আহিছে ৷ আনহাতে, বৰপেটা জিলাৰ মন্দিয়া সমষ্টিত কংগ্ৰেছ প্ৰাক্তন সাংসদ আব্দুল খালেকক প্ৰাৰ্থিত্ব দিয়াৰ বাবে প্ৰস্তুতি চলাইছিল । ৰাইজৰ দলত মঙলবাৰে যোগদান কৰিবলগীয়া শ্বেৰমান আলীয়েও প্ৰস্তুতি চলাইছে মন্দিয়া সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে । স্বাভাৱিকতেই দুয়োটা সমষ্টিতে কংগ্ৰেছ বনাম ৰাইজৰ দলৰ নিৰ্বাচনী যুঁজ এইবাৰ মনকৰিবলগীয়া হৈ পৰিব ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী ফলিয়ালে ! কংগ্ৰেছ এৰিলে ভূপেন বৰাই

ৰাহুল গান্ধীয়েও ভূপেন বৰাক বুজালে ১৫ মিনিট : মঙলবাৰে পুৱালৈকে কংগ্ৰেছ নেতৃত্বক সময় বিচাৰিলে বৰাই

ৰাইজৰ দলত যোগদান কৰিব কংগ্ৰেছৰ দুই বিধায়কে : আছে এজন নিলম্বিত বিধায়ক