কাক কাক দিব প্ৰাৰ্থিত্ব, কি কি চৰ্তত হ'ব বিৰোধীৰ মিত্ৰতা ? দিল্লীত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক
গৌৰৱ গগৈৰ উপৰি আজিৰ এই বৈঠকখনত উপস্থিত থাকিব প্ৰদ্যুৎ বৰদলৈ, ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনো ৷ ইতিমধ্যে কেউজন নেতা গৈ দিল্লীত উপস্থিত হৈছে ৷

Published : February 21, 2026 at 7:47 AM IST
হায়দৰাবাদ: বিধানসভা নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে সিমানেই যেন বিড়ম্বনা বাঢ়িছে কংগ্ৰেছৰ ৷ ইজনৰ পাছত সিজনকৈ নেতাই এৰিছে কংগ্ৰেছ ৷ কেৱল ৰাজ্যিক পৰ্যায়তে নহয়, তৃণমূল পৰ্যায়তো এই খহনীয়া ত্বৰাম্বিত হৈছে ৷ তাৰ মাজতে প্ৰতিটো নিৰ্বাচনৰ আগে আগে কংগ্ৰেছৰ উদ্যোগত বিৰোধী দলসমূহৰ মাজত যি মিত্ৰতাৰ কুচকাৱাজ চলে সেই কুচকাৱাজ বিগত দীৰ্ঘসময় ধৰি চলি আছে যদিও এই পৰ্যন্ত কোনো স্থিৰ সিদ্ধান্ত ওলোৱাই নাই ৷
ইফালে নিৰ্বাচনলৈ হাতত সময় বুলিবলৈ আছে মাত্ৰ এটা মাহ ৷ ফলত এতিয়া ধৈৰ্যৰ বান্ধ ছিগিছে কংগ্ৰেছৰ সৈতে হাতত হাত ধৰি আগবাঢ়ি যাম বুলি ভাবি থকা অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল বা লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদৰ ৷ ইয়াৰ মাজতে আজি (শনিবাৰ) দিল্লীত অনুষ্ঠিত হ'ব কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ৷
প্ৰিয়ংকা গান্ধীয়ে অসম ভ্ৰমণ সামৰি দিল্লীলৈ উভতি যোৱাৰ পাছতে শনিবাৰে এই বৈঠকৰ আয়োজন কৰা হৈছে ৷ উল্লেখ্য যে এইবাৰ অসমৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত দলে মূল দায়িত্ব অৰ্পণ কৰিছে প্ৰিয়ংকা গান্ধীৰ ওপৰত ৷ মূলতঃ কংগ্ৰেছৰ প্ৰাৰ্থীতালিকা প্ৰস্তুত কৰা সন্দৰ্ভতে আজিৰ এই বৈঠকৰ আয়োজন কৰা হৈছে ৷
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপৰি আজিৰ এই বৈঠকখনত উপস্থিত থাকিব প্ৰদ্যুৎ বৰদলৈ, ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনো ৷ ইতিমধ্যে কেউজন নেতাই গৈ দিল্লীত উপস্থিত হৈছে ৷ প্ৰদেশ কংগ্ৰেছৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি আজিৰ এই বৈঠকখনতে আন বিৰোধী দলসমূহৰে মিত্ৰতা আৰু আসন ভাগ-বাটোৱাৰাৰ বিষয়টোও আলোচনা কৰা হ'ব ৷
লগতে পঢ়ক: প্ৰিয়ংকা গান্ধীৰ উপস্থিতিতে ৰাজীৱ ভৱনৰ প্ৰৱেশত বাধা পোৱাত কংগ্ৰেছ কৰ্মীৰ ক্ষোভ

