সোমবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণৰ সম্ভাৱনা ডি কে শিৱকুমাৰ
শনিবাৰে বেংগালুৰুত কংগ্ৰেছৰ বিধায়নী দলৰ বৈঠক, ডি কে শিৱকুমাৰক বিধায়নী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰাৰ সম্ভাৱনা ৷

Published : May 29, 2026 at 2:44 PM IST
বেংগালুৰু: কোন দিশে কৰ্ণাটকৰ ৰাজনীতি ? আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে নেকি এছ সিদ্দাৰমাইয়াই ? সেই চৰ্চাৰ মাজতে মুখ্যমন্ত্ৰী পদৰ পৰা এছ সিদ্দাৰমাইয়াই পদত্যাগ কৰাৰ পাছতে শনিবাৰে অনুষ্ঠিত হ'ব কংগ্ৰেছৰ দলৰ বিশেষ বৈঠক ৷ সেই বৈঠকতে বিধায়িনী দলৰ নেতা নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে ৷ শনিবাৰে সন্ধিয়া বেংগালুৰুত অনুষ্ঠিত হ'বলগীয়া বৈঠকত ডি কে শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে প্ৰস্তাৱ কৰাৰ লগতে বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰাৰ সম্ভাৱনা আছে বুলি কংগ্ৰেছৰ এক সূত্ৰই প্ৰকাশ কৰিছে ৷
ইফালে কংগ্ৰেছ হাইকমাণ্ডে নিৰ্দেশ দিছে সকলো কংগ্ৰেছ বিধায়কক আগন্তুক দুদুনি ধৰি বেংগালুৰুতে থাকিবলৈ ৷ শনিবাৰে বৈঠকৰ অন্তত শিৱকুমাৰে ৰাজ্যপালক সাক্ষাৎ কৰিব আৰু সোমবাৰে শিৱকুমাৰে মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে ৷ বৃহস্পতিবাৰে নিশা ৰাজ্যপালগৰাকীয়ে সিদ্দাৰমাইয়াৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছিল ৷ আনহাতে, মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিয়ে বৃহস্পতিবাৰে নিশাই দিল্লীত উপস্থিত হৈছিল সিদ্দাৰমাইয়া ৷
VIDEO | Delhi: Congress leader Siddaramaiah leaves from AICC General Secretary KC Venugopal's residence. He met Congress president Mallikarjun Kharge and LoP Lok Sabha Rahul Gandhi earlier.#KarnatakaPolitics #Congress
— Press Trust of India (@PTI_News) May 29, 2026
(Full video available on PTI Videos -… pic.twitter.com/Me28P1C7kl
শুকুৰবাৰে ৰাহুল গান্ধী, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰে কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী এছ সিদ্দাৰমাইয়াই ৷ এই সন্দৰ্ভত কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালাই সংবাদ মাধ্যমত কয়, "সিদ্দাৰমাইয়াই ৰাহুল গান্ধীক সাক্ষাৎ কৰিছে ৷ ৰাজনৈতিক বিষয়ত আলোচনা কৰিছে দুই নেতাই ৷ বিশেষকৈ মন্ত্ৰীসভা গঠন আৰু কৰ্ণাটক বিধানসভাৰ পৰা আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ সম্ভাব্য প্ৰাৰ্থীৰ বিষয়ে আলোচনা কৰে ৷"
উল্লেখ্য যে, ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা বছৰ বাকী আছে ৷ সেয়েহে কংগ্ৰেছ হাইকমাণ্ডে নতুন নেতাক মন্ত্ৰিত্ব পদ দিয়াৰ সম্ভাৱনা আছে শিৱকুমাৰৰ কেবিনেটত ৷ কংগ্ৰেছৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ পুত্ৰ যথীন্দ্ৰ সিদ্দাৰমাইয়াই নতুন মন্ত্ৰীসভাত স্থান লোভ কৰা সম্ভাৱনা আছে ।
লগতে পঢ়ক:কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পদ এৰিলে সিদ্ধাৰামাইয়াই, নতুন মুখ্যমন্ত্ৰী হ'ব ডি কে শিৱকুমাৰ

