ৰাইজ য'ত সন্তুষ্ট, তাতেই আমিও সন্তুষ্ট: বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰী
কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰীক বিৰোধী দলপতিৰ মৰ্যাদা প্ৰদান ৷

Published : June 2, 2026 at 8:50 PM IST
গুৱাহাটী: "ৰাইজ সন্তুষ্ট, ভাল পাইছে যিহেতু আমিও ৰাইজৰ পক্ষত ৷ ৰাইজে ভাল পাইছে যিহেতু তাত আমি বিতৰ্কিত মন্তব্য কিয় কৰো ৷" নলবাৰীৰ ঘটনাক লৈ এই মন্তব্য কৰিলে আনুষ্ঠানিকভাবে বিৰোধী দলৰ দলপতিৰ মৰ্যাদা লাভ কৰা কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে । মঙলবাৰে পত্ৰযোগে ৱাজেদ আলী চৌধুৰীক দলপতিৰ মৰ্যাদা প্ৰদান কৰিলে বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে ।
বিৰোধী দলৰ দলপতিৰ মৰ্যাদা লাভ কৰিয়ে নলবাৰীৰ ঘটনা সন্দৰ্ভত কংগ্ৰেছ নেতা চৌধুৰীয়ে কয়, "নলবাৰীৰ ঘটনাটো অত্যন্ত বেদনাদায়ক । একপক্ষীয় প্ৰেমৰ বিষয়টো সামাজৰ বাবে এক ব্যাধি তথা বেমাৰ । যাৰ বাবে কিশোৰীগৰাকীৰ ককায়েকক হত্যা কৰা হ'ল । কিশোৰীগৰাকীকো হত্যাৰ চেষ্টা কৰা হ'ল । এইটো অত্যন্ত বৰ্বৰ কাম । ইয়াক আমি ধিক্কাৰ জনাইছো ।"
তেওঁ লগতে কয়,"সংবাদ মধ্যমত পোৱা তথ্য মতে আৰক্ষীৰ অস্ত্র কাঢ়ি নি আক্ৰমণ কৰা বাবে আৰক্ষীয়ে গুলী কৰিব লগীয়া হ'ল হত্যাকাৰীৰ ওপৰত। ৰাইজেও দৃষ্টান্তমূলক শাস্তি দিয়াটো বিচাৰিছিল অপৰাধীক । সেই অনুসৰি আৰক্ষীৰ গুলীত হত্যাকাৰী নিহত হোৱাত ৰাইজে ভাল পাইছে ৷ ৰাইজে য'ত ভাল পাইছে তাত আমি ৰাইজৰ পক্ষত থকাই ভাল । এই ঘটনাৰ লগত আৰু যদি কোনো লোক জড়িত আছে তেন্তে আৰক্ষীয়ে তদন্ত কৰি বিচাৰ কৰিব লাগে । যি ব্যৱস্থা হৈছে তাত ৰাইজ সন্তুষ্ট ।"
ইফালে বিৰোধী দলৰ দলপতিৰূপে দায়িত্ব লাভ কৰা ৱাজেদ আলী চৌধুৰীয়ে কয়, "মঙলবাৰে বিধানসভাৰ সচিবে অধ্যক্ষৰ অনুমোদন লৈ নিৰ্দেশ জাৰি কৰে । বিৰোধী দলপতিৰ মৰ্যাদা কেবিনেটৰ সমপৰ্যায়ৰ। বিৰোধী দলপতি হিচাপে মই মোৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিম ।"
লগতে পঢ়ক:ঘৰৰ চৌহদতে ৰ'জ আলীৰ জানাজা সম্পন্ন: ভাগ নল'লে মুছলমান সমাজে

