ETV Bharat / politics

সোণাপুৰৰ জুবিন ক্ষেত্ৰত প্ৰিয়ংকা গান্ধী : জনালে শ্ৰদ্ধাঞ্জলি

"আজি পুৱা যেতিয়া মই গৈছিলোঁ, সঁচাকৈয়ে মোৰ বাবেও এক আৱেগিক মুহূৰ্ত আছিল ।" ক'লে প্ৰিয়ংকা গান্ধীয়ে ৷

Congress leader Priyanka Gandhi paid tribute to Zubeen Garg in Sonapur
সোণাপুৰৰ জুবিন ক্ষেত্ৰত প্ৰিয়ংকা গান্ধী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 20, 2026 at 1:38 PM IST

3 Min Read
Choose ETV Bharat

সোণাপুৰ: অসম ভ্ৰমণলৈ আহি জুবিন বন্দনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ । শুকুৰবাৰে কংগ্ৰেছ নেত্ৰীগৰাকী উপস্থিত হয় সোণাপুৰস্থিত জুবিন গাৰ্গ সমাধি ক্ষেত্ৰত । প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিম শয়নস্থলীত উপস্থিত হৈ জুবিন গাৰ্গৰ প্ৰতি থকা তেওঁৰ সন্মান আৰু আদৰ প্ৰদৰ্শন কৰে । জুবিন ক্ষেত্ৰত উপস্থিত হৈয়েই প্ৰিয়ংকা গান্ধীয়ে প্ৰাণৰ শিল্পীগৰাকীলৈ সেৱা জনায় । তেওঁ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে অসমৰ সাংস্কৃতিক জগতত জুবিন গাৰ্গৰ অৱদানৰ শলাগ লয় ।

ইয়াৰ পিছতে পুনৰ মহানগৰীৰ ৰাজীৱ ভৱনলৈ উভতি আহি সংবাদমাধ্যমৰ আগত তেওঁ কয়,"জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হ'ল আমি যিসকল অসমৰ নহয়, আমি দেখিলোঁ যে অসমৰ ৰাইজে তেওঁক কিমান ভাল পায়, কিদৰে শ্ৰদ্ধা কৰে । প্ৰতিটো পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ চকুতে চকুপানী । আমি সংবাদমাধ্যম, সামাজিক মাধ্যমত বাহিৰৰ পৰা যি দেখি আছিলোঁ আমি বুজিবলৈ চেষ্টা কৰিছিলোঁ যে কিয় এই অনুভৱ, কিয় এই আবেগ ?"

সোণাপুৰৰ জুবিন ক্ষেত্ৰত প্ৰিয়ংকা গান্ধী (ETV Bharat Assam)

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়,"মই আমাৰ কাৰ্যকৰ্তাসকলক কৈছোঁ যে, জুবিন গাৰ্গ একপ্ৰকাৰে অসমৰ আত্মাৰ কণ্ঠ আছিল, অসমৰ অভিব্যক্তি আছিল । অসমৰ যি সভ্যতা তাৰ বিষয়ে জুবিন গাৰ্গে গাইছিল । তেওঁৰ যিসমূহ গীত আছিল এটাও গানত এইটো নাছিল যে তেওঁক হিংসা কৰক, এও তোমাৰ শত্ৰু, ইয়াক মাৰ । প্ৰত্যেকটো গীতত এইটোৱেই উল্লেখ কৰিছিল যে প্ৰেম, একতা, অসমৰ ঐতিহ্য, অসমৰ সংস্কৃতি, অসমৰ সভ্যতা, অসম কি হয় ।"

প্ৰিয়ংকা গান্ধীয়ে কয়,"আজি পুৱা যেতিয়া মই গৈছিলোঁ, সঁচাকৈয়ে মোৰ বাবেও এক আৱেগিক মুহূৰ্ত আছিল । পূৰ্বতে জুবিন গাৰ্গৰ বিষয়ে মই বহুত জনা নাছিলোঁ । কিন্তু যেতিয়া মই তালৈ গৈছিলোঁ, তেতিয়া দেখিলোঁ তেওঁ যি যি ভাল পাইছিল সকলো সামগ্ৰী তাত দি থোৱা আছে । এই স্থান এক পবিত্ৰ স্থান হ'ব লাগে ।"

উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত অসমলৈ শাসকীয় দলৰে প্ৰধানমন্ত্ৰীকে আদি কৰি বহু কেন্দ্ৰীয় নেতা আহিছে যদিও এবাৰলৈও জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত উপস্থিত হোৱা পৰিলক্ষিত হোৱা নাই । ইয়াৰ পৰিৱৰ্তে শুকুৰবাৰে পুৱাই জুবিন গাৰ্গৰ মৃত্যুৰ পিছত প্ৰথমবাৰৰ বাবে অসমলৈ আহি সমাধি ক্ষেত্ৰত উপস্থিত শ্ৰদ্ধাঞ্জলি জনালে প্ৰিয়ংকা গান্ধীয়ে । কোনো ৰাজনৈতিক উদ্দেশ্য নোহোৱাকৈ তেওঁ আবেগিকভাৱে এই শ্ৰদ্ধাঞ্জলি জনোৱা বুলি উল্লেখ কৰে সংবাদমাধ্যমৰ আগত ।

লগতে পঢ়ক: জুবিন অসমৰ জনতাৰ কণ্ঠ আছিল : প্ৰিয়ংকা গান্ধী

সকলোৰে সৈতে কথা পাতি আছো, শক্তিশালী লোকক যাতে টিকট দিব পাৰো তাৰ প্ৰয়াস কৰিছো : কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী