বিশ্ববিদ্যালয়সমূহ বৰ্তমান উপাচাৰ্যসকলে ব্যৱসায়স্থলী হিচাপে ব্যৱহাৰ কৰিছে: কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ
অসম অন্দোলনৰ প্ৰেক্ষাপটত নিৰ্মাণ হোৱা তেজপুৰ বিশ্ববিদ্যালয়ত দুমাহ ধৰি অৰাজকতা চলি থকাৰ পিছতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ ।

Published : December 1, 2025 at 9:29 PM IST
বিশ্বনাথ : "ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহত বহিঃৰাজ্যৰ মানুহৰ হাতোৰা পৰিছে । বিশ্ববিদ্যালয়সমূহ বৰ্তমান ব্যৱসায়স্থলী হিচাপে ব্যৱহাৰ কৰিছে উপাচাৰ্যসকলে ।" তেজপুৰ বিশ্ববিদ্যালয় সন্দৰ্ভত এই মন্তব্য কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ । সোমবাৰে বিশ্বনাথত আয়োজিত এক সংবাদমেলৰ জৰিয়তে এই বিস্ফোৰক মন্তব্য মীৰা বৰঠাকুৰৰ ।
অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই কৰা মন্তব্যক লৈ বিশ্ববিদ্যালয়খনত কিছুদিন ধৰি স্থানীয় খিলঞ্জীয়া ছাত্ৰ সমাজ, শিক্ষক সমাজৰ লগতে সাধাৰণ সজাগ ৰাইজে প্ৰতিবাদ আৰু সমালোচনা কৰি আহিছে । এই সময়ছোৱাতে উপাচাৰ্যজনৰ অন্যান্য দুৰ্নীতিজনিত অভিযোগেও গা কৰি উঠে । এই বিষয়ত বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে আওকাণ কৰি আহিছে বুলিও অভিযোগ ।
সোমবাৰে বিশ্বনাথ জিলা মহিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ । সভাৰ শেষত সংবাদমেল সম্বোধন কৰি মীৰা বৰঠাকুৰে কয়, "ঐতিহাসিক তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে যি মইমতালি, দুৰ্নীতি, অনিয়ম কৰি আছে, তাৰ বিৰুদ্ধে ছাত্ৰ সমাজ, শিক্ষক সমাজে প্ৰতিবাদ কৰি আছে, কিন্তু তাত মুখ্যমন্ত্ৰীয়ে দৃষ্টি দিয়া নাই । ই অতি দুৰ্ভাগ্যজনক ।
তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে বিধানসভাত প্ৰেমজী বিশ্ববিদ্যালয় নিৰ্মাণ কৰাৰ ক্ষেত্ৰত প্ৰশ্ন আনিছে । বিশ্ববিদ্যালয় হোৱাত আমাৰ কোনো আপত্তি নাই । কিন্তু অসম অন্দোলনৰ প্ৰেক্ষাপটত নিৰ্মাণ হোৱা তেজপুৰ বিশ্ববিদ্যালয়ত আজি দুমাহ ধৰি অৰাজকতা চলি আছে, তাত কিন্তু মুখ্যমন্ত্ৰীয়ে কোনো আগভাগ লোৱা নাই ।"
তেওঁ লগতে কয়, "বৰ্তমান শিক্ষাৰ উচ্চ স্তৰত থকা যিকেইখন বিশ্ববিদ্যালয় আছে, প্ৰত্যেকখনতে বহিঃৰাজ্যৰ মানুহৰ হাতোৰা পৰিছে । বিশ্ববিদ্যালয়সমূহ বৰ্তমান ব্যৱসায়স্থলী হিচাপে ব্যৱহাৰ কৰিছে উপাচাৰ্যসকলে । গুৱাহাটী বিশ্ববিদ্যালয়তো মোহন ভাগৱতৰ দৰে মানুহ গৈ হিন্দুত্ববাদী এটা পৰিৱেশৰ সৃষ্টি কৰিছে ।"
ইয়াৰ উপৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰদান কৰে বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে । মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ঘূৰাই আনিবলৈ দাবী জনায় কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে ।
ইফালে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক মেকুৰী বুলি দিয়া আখ্যাৰ প্ৰত্যুত্তৰত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে কয়, "এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকী অধিক অভিজ্ঞ । মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলত ২৫ বছৰ পাৰ কৰি গৈছে । গতিকে চোৰেহে চোৰৰ ঠেং ভালকে দেখে । মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ চকীখনৰ মৰ্যাদা বুজি পোৱা নাই, বিধানসভাৰ মান আৰু গৰিমা বুজি পোৱা নাই ।"

