ETV Bharat / politics

মোৰ ভয় খাবলগীয়া একো নাই আৰু বিজেপিলৈ যোৱাৰো কোনো কথা নাই : কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া

গুৱাহাটীত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেবব্ৰত শইকীয়াৰ সংবাদমেল সম্বোধন ৷

CONGRESS LEADER DEBABRATA SAIKIA
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেবব্ৰত শইকীয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 28, 2026 at 11:58 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: ‘‘কংগ্ৰেছৰ এতিয়া আৰু ক্ষতি হ'বলৈ বাকী আছে নেকি ? এতিয়া কংগ্ৰেছৰ পুনৰুদ্ধাৰ হ'ব’’ - এই মন্তব্য প্ৰাক্তন বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ । বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয় সন্দৰ্ভত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়াই ।

সাংবাদিকৰ আগত তেওঁ কয়, ‘‘বিধানসভা নিৰ্বাচনত পৰাজয়ৰ কাৰণসমূহ উলিয়াব লাগিব । দলে অৰ্পণ কৰা একো কামত পিছ হুঁহকা নাই । দলে যি দায়িত্ব দিয়ে, সেয়া ল'বলৈ সাজু আছো । কংগ্ৰেছৰ পৰাজয়ত আমি সকলোৱে দুখ পাইছো সেইটো সঁচা কথা । নিৰ্বাচনৰ ফলাফলক আমি বিনম্ৰতাৰে গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ অন্তৰালৰ কাৰণসমূহ আমি নিশ্চিতভাৱে বিশ্লেষণ কৰিম । এই মুহূৰ্তত দলৰ হাইকমাণ্ডে মোক যি দায়িত্ব অৰ্পণ কৰিব, সেয়া মই এজন নিষ্ঠাৱান কৰ্মী হিচাপে পালন কৰিবলৈ সাজু আছোঁ ।’’

তেওঁ লগতে কয়, ‘‘যিসকলে মোৰ দল সলনি কৰা বা বিজেপিত যোগদান কৰাক লৈ উৰাবাতৰি বিয়পাইছে, তেওঁলোকক মই স্পষ্ট কৰি দিব বিচাৰোঁ যে ১৯৭২ চনৰ পৰাই মই কংগ্ৰেছৰ আদৰ্শৰ সৈতে জড়িত । কংগ্ৰেছৰ প্ৰতি মোৰ এই আনুগত্য চিৰযুগমীয়া আৰু ই কেতিয়াও সলনি নহয় । শাসকীয় দলৰ বিৰুদ্ধে আমাৰ মাত সদায় সবল হৈ থাকিব । চৰকাৰৰ দুৰ্নীতি, বিশেষকৈ পানীযোগান আঁচনিৰ কেলেংকাৰী আৰু বিজেপিৰ তথাকথিত 'ৱাছিং মেচিন' ৰাজনীতিৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিব । ৰাইজৰ স্বাৰ্থত এক সবল বিৰোধী হিচাপে আমাৰ দায়িত্ব আমি নিষ্ঠাৰে পালন কৰি যাম ।’’

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৰা ভৱিষ্যতবাণী সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘‘মই কংগ্ৰেছ ত্যাগ কৰাৰ কোনো কথা নাই । মুখ্যমন্ত্রীয়ে কংগ্ৰেছ ত্যাগ কৰি দিল্লীত গৈ আৰএছএছৰ শাখা এটাৰ পৰা টুইট কৰিছিল পৰম শান্তি পোৱা বুলি । মোৰ তেনে কোনো কথা নাই, কোনো শাখালৈ যোৱাৰ কথা নাই । মুখ্যমন্ত্রীয়ে কেলেংকাৰী কৰিছিল আৰু বাচিবলৈ বিজেপিৰ ৱাছিং মেছিনত সুমালে । মোৰ তেনেকুৱা একো নাই । প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্রী হৈ থকা সময়ত মোৰ বিৰুদ্ধে পশু খাদ্য কেলেংকাৰীৰ চিবিআই তদন্ত দিছিল । এতিয়াও ন্যায় হোৱা নাই । মই ১৯৯৮ চনৰ পৰা ফচি আছো । গতিকে মোৰ ভয় খাবলগীয়া একো নাই । মই বিজেপিলৈ যোৱাৰ কোনো কথা নাই ।’’

‘‘ভূপেন বৰাই এতিয়া কৈছে যে বিজেপিৰ চোৰাংচোৱা তেওঁ আছিল । তেনেস্থলত চোৰাংচোৱাৰ কাম শেষ হ'লে গুচি যায় । প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ যোৱাটো মোৰ বাবে সাঁথৰ হ'ল । প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ কিবা ইচ্ছ্যু থাকিব পাৰে । তেওঁ এনেদৰে বিজেপিত যাব বুলি মই ভবা নাই । মই স্ক্ৰাউণ্ডেল নহয় আৰু মোৰ অন্য কামো আছে । ৰাইজৰ সহায় কৰিম’’ বুলিও একালৰ বিৰোধী দলপতিগৰাকীয়ে কয় ৷

আনহাতে, কংগ্ৰেছ বিধায়িনী দলৰ নেতাৰ প্ৰসংগত তেওঁ কয়, ‘‘মই ভাল পাইছো তেওঁক দিছে । অভিজ্ঞ এজনক দিছে ।’’

লগতে পঢ়ক: বিজেপিয়ে সলালে চাৰি ৰাজ্যৰ সভাপতি: দিল্লীৰ দায়িত্ব মালহোত্ৰাক