অসম জাতীয় পৰিষদক এৰি দিলে খোৱাং সমষ্টি : ক্ষুব্ধ নেতা-কৰ্মীয়ে এৰিলে কংগ্ৰেছ
নৱগঠিত খোৱাং সমষ্টিত কংগ্ৰেছ দলত খহনীয়া ।

Published : March 16, 2026 at 7:13 PM IST
মৰাণ : বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত ক্ৰমান্বয়ে গৰম হৈছে নৱগঠিত খোৱাং সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ । ডিব্ৰুগড় জিলাৰ নৱগঠিত ৮৯ নং খোৱাং বিধানসভা সমষ্টি অসম জাতীয় পৰিষদক এৰি দিয়াৰ পিছতে কংগ্ৰেছ দলত আৰম্ভ হৈছে খহনীয়া ।
সোমবাৰে খোৱাঙত এক সংবাদমেল সম্বোধন কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ উপ-সভাপতি বিজু দুৱৰাই । নৱগঠিত খোৱাং সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী আছিল বিজু দুৱৰা । বিৰোধী ঐক্যমঞ্চৰ মিত্ৰতাৰ সূত্ৰে ৮৯ নং খোৱাং সমষ্টি অসম জাতীয় পৰিষদক এৰি দিয়াত দলীয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ দলত্যাগ কৰে দুৱৰাই ।
বিজু দুৱৰাৰ লগতে খোৱাং ব্লক কংগ্ৰেছ কমিটীৰ কেইবাগৰাকীও বিষয়ববীয়াই পদত্যাগ কৰে । কংগ্ৰেছ দল ত্যাগ কৰি বিজু দুৱৰাই কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।
কংগ্ৰেছ ত্যাগ কৰি কি ক'লে:
সংবাদমেল সম্বোধন কৰি বিজু দুৱৰাই কয়, "কংগ্ৰেছ নেতৃত্বৰ কিছুমান হঠকাৰী সিদ্ধান্তত ক্ষুণ্ণ হৈ আজি দল ত্যাগ কৰিছো । আমি বিগত পাঁচ বছৰ কংগ্ৰেছ দলটোক খোৱাঙত শক্তিশালী কৰিবলৈ কাম কৰিছিলো । সময়, ধন সকলো খৰচ কৰিছিলো । তাৰ বিনিময়ত দলৰ পৰা সন্মান বিচাৰিছিলো । খোৱাং সমষ্টিৰ পৰা আমি কংগ্ৰেছ দলৰ বিধায়ক জয়লাভ কৰাটো বিচাৰিছিলো । সেই সম্পৰ্কে গৌৰৱ গগৈক জনোৱা হৈছিল, দলীয় কৰ্মীসকলে প্ৰতিবাদো কৰিছিলো ।"
বিজু দুৱৰাই পুনৰ কয়, "আমাৰ সকলো কথা আওকাণ কৰি সমষ্টিটো অসম জাতীয় পৰিষদক এৰি দিছে । অসম জাতীয় পৰিষদক এৰি দিয়াত আপত্তি নাথাকিলেহেতেন, যদি জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকী খোৱাং সমষ্টিত ভূমিষ্ঠ যদি হ'লহেঁতেন । বিগত ২৫ বছৰে খোৱাং সমষ্টিৰ পৰা এজনো স্থানীয় ব্যক্তি বিধায়ক হোৱা নাই । সমষ্টিৰ ৰাইজে খোৱাঙৰ এজন যুৱক বিধায়ক হোৱাটো বিচাৰে ।" লগতে ৰাইজৰ দলত যোগদান কৰা হ'ব বুলি সংবাদমেলত স্পষ্ট কৰি দিছে বিজু দুৱৰাই ।
খোৱাং সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী হোৱা সম্ভাৱনা:
খোৱাং সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাভ নকৰি কংগ্ৰেছ দল ত্যাগ কৰা বিজু দুৱৰা আৰু সতীৰ্থসকলে আজিয়েই ৰাইজৰ দলত যোগদান কৰিব । দলত্যাগী দুৱৰাই খোৱাং সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । ইপিনে, অখিল গগৈৰ সৈতে ইতিমধ্যে আলোচনাৰ অন্তত বিজু দুৱৰাই কংগ্ৰেছ দল ত্যাগ কৰা বুলি চৰ্চা হৈছে । বিজু দুৱৰা ৰাইজৰ দলৰ প্ৰাৰ্থী হ'লে খোৱাং সমষ্টিত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাতো নিশ্চিত হ'ব ।"
লগতে পঢ়ক:ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীয়ে আঁৰিলে নেকি ন-কংগ্ৰেছী জয়ন্ত খাউণ্ড বিৰোধী পোষ্টাৰ ?
এইবাৰ অসমৰ ৰাইজে বিজেপিক খেদি কংগ্ৰেছক শাসনৰ গাদীত বহুৱাব, কংগ্ৰেছে নেতাৰ দাবী

