ETV Bharat / politics

গৌৰৱক ৰাজনৈতিক ঢাল হিচাপে লৈ কংগ্ৰেছক মিঞা মুছলমানৰ ৰাজনৈতিক মঞ্চ কৰিছে কোনে ?

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়ে কয় যে কংগ্ৰেছে কাৰ্যকৰীভাৱে ৰাজ্যখনৰ মুছলিম লীগৰ দ্বিতীয় অৱতাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে ৷

Gaurav Gogoi
গৌৰৱ গগৈ (প্ৰতিনিধিত্বমূলক ছবি) (Facebook Assam Congress)
author img

By ANI

Published : May 27, 2026 at 7:22 AM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: বিৰোধী দল কংগ্ৰেছক মুছলিম লীগৰ সৈতে তুলনা ৰাজ্যিক বিজেপিৰ ৷ শেহতীয়াকৈ বিধানসভাৰ বিৰোধী দলৰ নেতা বাছনি কৰাক লৈ প্ৰশ্ন উত্থাপন কৰি বিৰোধী দলটোক ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীৰ স্বাৰ্থৰ পৰা আঁতৰি যোৱাৰ অভিযোগ উত্থাপন কৰে ৰাজ্যিক বিজেপিয়ে ।

গুৱাহাটীত সংবাদমেল সম্বোধন কৰি বিজেপি অসমৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়ে অভিযোগ কৰে যে কংগ্ৰেছে শেহতীয়া আভ্যন্তৰীণ সিদ্ধান্তৰ জৰিয়তে ৰাজনৈতিক অগ্ৰাধিকাৰৰ পৰিৱৰ্তন প্ৰদৰ্শন কৰিছে । তেওঁ দাবী কৰে যে অসমত কংগ্ৰেছ দলৰ নেতৃত্বই খিলঞ্জীয়া গোটৰ ওপৰত "বাঙালী মূলৰ প্ৰব্ৰজিত মুছলমান স্বাৰ্থ"ক একাকাৰ কৰিছে ৷ তেওঁ লগতে যুক্তি আগবঢ়ায় যে ইয়াৰ দ্বাৰা ৰাজ্যখনত দলটোৰ ভিতৰত এক ব্যাপক মতাদৰ্শগত পৰিৱৰ্তন প্ৰতিফলিত হৈছে ।

এক বিবৃতি অনুসৰি উপাধ্যায়ে উল্লেখ কৰিছে যে অসমৰ ৬০ শতাংশ খিলঞ্জীয়াৰ আকাংক্ষা আৰু অধিকাৰতকৈ ৪০ শতাংশ প্ৰব্ৰজিত মুছলমান জনসংখ্যাৰ স্বাৰ্থই অধিক গুৰুত্ব লাভ কৰা যেন লাগিছে । উপাধ্যায়ে পূৰ্বৰ কংগ্ৰেছ যুগৰ নেতৃত্বই জাতীয়তাবাদী আদৰ্শৰ সৈতে আপোচ কৰি ৰাজ্যখনৰ জনগাঁথনি আৰু ৰাজনৈতিক পৰিৱৰ্তনত সহায় কৰা বুলি অভিযোগ কৰে ।

‘‘যেনেকৈ পূৰ্বতে ফখৰুদ্দিন আলী আহমেদ আৰু মইনুল হক চৌধুৰীৰ দৰে নেতাই দেৱকান্ত বৰুৱাক ঢাল হিচাপে ব্যৱহাৰ কৰি মহেন্দ্ৰমোহন চৌধুৰী আৰু বিমলা প্ৰসাদ চলিহাৰ দৰে নেতাৰ জাতীয়তাবাদী আদৰ্শক ভৰিৰে মোহাৰি অসমলৈ মুছলমান প্ৰব্ৰজনৰ দুৱাৰ মুকলি কৰিছিল, আজিও ৰকিবুল হুছেইনৰ দৰে নেতাই গৌৰৱ গগৈক ৰাজনৈতিক ঢাল হিচাপে ব্যৱহাৰ কৰি কংগ্ৰেছ দলক প্ৰব্ৰজিত মুছলমানৰ একচেটিয়া ৰাজনৈতিক মঞ্চ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ অদম্য চেষ্টা চলাইছে ।’’ বিবৃতিটোত উল্লেখ কৰা হৈছে ।

বিবৃতিত উল্লেখ কৰা অনুসৰি উপাধ্যায়ে কয় যে কংগ্ৰেছে কাৰ্যকৰীভাৱে ৰাজ্যখনৰ মুছলিম লীগৰ দ্বিতীয় অৱতাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে । ‘‘বাস্তৱত এতিয়া অসমত মুছলিম লীগ আৰু কংগ্ৰেছৰ মাজত কাৰ্যতঃ কোনো পাৰ্থক্য নাই ।’’ উপাধ্যায়ে কয় ৷

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে আৰু কয় যে উপলব্ধ তথ্য অনুসৰি, কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত ব্যক্তিজন প্ৰথমে ৱাজেদ আলী মিঞা নামেৰে জনাজাত আছিল । পৰৱৰ্তী সময়ত ৰাজনৈতিক সুবিধা আৰু স্বাৰ্থৰ সন্ধানত শপতনামাৰ জৰিয়তে উপাধি "মিঞা"ৰ পৰা "চৌধুৰী"লৈ সলনি কৰা বুলি অভিযোগ উঠিছে ।

তেওঁ আৰু অভিযোগ কৰে যে এসময়ত ঐতিহাসিক অসম আন্দোলনৰ বিৰোধিতা কৰি ১৯৮০ চনত জন্মগ্ৰহণ কৰা সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ বিশিষ্ট নেতা আছিল ৱাজেদ আলী চৌধুৰী । এনে মতাদৰ্শৰ পটভূমিৰ নেতাসকলে নিজৰ ভিতৰতে গভীৰভাৱে শিপাই থকা অসমীয়া বিৰোধী মানসিকতা কঢ়িয়াই লৈ ফুৰে বুলিও তেওঁ দৃঢ়তাৰে কয় । বিবৃতিটোত উল্লেখ কৰা অনুসৰি উপাধ্যায়ে মন্তব্য কৰে যে কংগ্ৰেছ দলে এতিয়া অসমক যি দিশত নেতৃত্ব দিয়াৰ মনস্থ কৰিছে, সেয়া এই সিদ্ধান্তৰ জৰিয়তেই উন্মোচিত হৈ আছে ।

ইফালে, অসম চৰকাৰে উমৈহতীয়া দেৱানী বিধি (UCC)-২০২৬ বিধেয়কখন বিধানসভাত উত্থাপন কৰাটোক আদৰণি জনাই বিজেপিৰ মুখপাত্ৰই ইয়াক নিৰ্বাচনৰ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ সৈতে সামঞ্জস্যপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃঢ় আৰু গতিশীল নেতৃত্বত চৰকাৰে এই প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে কাৰ্যকৰী কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ, আৰু এই বিধেয়কখন উত্থাপন কৰাটো সেই সংকল্পৰ উজ্জ্বল নিদৰ্শন বুলি কয় উপাধ্যায়ে ।

তেওঁ আৰু কয় যে অসমত উমৈহতীয়া দেৱানী বিধি ৰূপায়ণৰ প্ৰস্তাৱিত সংবিধান প্ৰণয়নকাৰীসকলৰ দৃষ্টিভংগী, সংবিধানৰ ৪৪ নং অনুচ্ছেদৰ অধীনত সন্নিৱিষ্ট নিৰ্দেশনামূলক নীতিৰ লগতে ১৯৮৫ চনৰ শ্বাহ বানো গোচৰ আৰু ২০১৭ চনৰ ছায়াৰা বানো গোচৰত মাননীয় উচ্চতম ন্যায়ালয়ে দিয়া ঐতিহাসিক ৰায়দানৰ মাজত সুদৃঢ়ভাৱে শিপাই আছে ।

এই ঐতিহাসিক পদক্ষেপৰ বাবে ৰাজ্যিক বিজেপিয়ে মুখ্যমন্ত্ৰী শৰ্মালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে । উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তনে ভাৰতৰ গণতান্ত্ৰিক কাঠামোক আৰু অধিক সুদৃঢ় আৰু শক্তিশালী কৰিব বুলি তেওঁ দৃঢ়তাৰে কয় ।

প্ৰধানমন্ত্ৰী মোদী চৰকাৰৰ ১২ বছৰীয়া বৰ্ষপূৰ্তি সন্দৰ্ভত মন্তব্য কৰি মুখপাত্ৰগৰাকীয়ে কয় যে বিজেপিৰ দুজন সাংসদ থকাৰ পৰা পৰিৱৰ্তনশীল শাসনৰ নেতৃত্ব দিয়া যাত্ৰাই বৃহৎ ৰাষ্ট্ৰীয় সংস্কাৰ আৰু সাফল্যৰ প্ৰতিফলন ঘটায় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত লাভ কৰা আটাইতকৈ উল্লেখযোগ্য মাইলৰ খুঁটিসমূহ হ’ল ৩৭০ নং অনুচ্ছেদ বাতিল, নাৰী শক্তি বন্দন অধিনিয়ম-২০২৩ প্ৰণয়ন, জি এছ টি ৰূপায়ণ, স্বচ্ছ ভাৰত অভিযান, ইউ পি আই প্ৰৱৰ্তনৰ জৰিয়তে ডিজিটেল পেমেণ্ট ব্যৱস্থাত বৈপ্লৱিক সংস্কাৰ, আয়ুষ্মান ভাৰত আঁচনি, অভূতপূৰ্ব আন্তঃগাঁথনি উন্নয়ন আৰু সৰ্বাংগীন প্ৰতিৰক্ষা খণ্ডত সংস্কাৰ ।

তেওঁ জোৰ দি কয় যে ভাৰতৰ জনসাধাৰণৰ অবিৰত সমৰ্থন আৰু সহযোগিতাৰে প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী আৰু নিৰ্ণায়ক নেতৃত্বৰ লগতে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ অক্লান্ত প্ৰচেষ্টাই নিঃসন্দেহে দেশক ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত হোৱাৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম কৰিব । (ANI)

লগতে পঢ়ক:

জল্পনা-কল্পনাৰ অন্ত : ৱাজেদ আলী চৌধুৰী বিধায়িনী দলৰ নতুন দলপতি

ভাৰতৰ জনগাঁথনিগত পৰিৱৰ্তন : কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপক আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিজেপি এটা জীৱন্ত ৰাজনৈতিক সংগঠন: দিলীপ শইকীয়া